NORTHEAST NOW (Assamese)

কৰ্ণাটকত মুছলমান ঠিকাদাৰৰ বাবে ৪% সংৰক্ষণৰ সিদ্ধান্ত কংগ্ৰেছ চৰকাৰৰ! সৰৱ বিজেপি

March 16, 2025 9:51 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 16, 2025 9:52 am

কংগ্ৰেছ শাসিত কৰ্ণাটকত চৰকাৰী প্ৰকল্পত মুছলমান ঠিকাদাৰক প্ৰদান কৰা ৪% সংৰক্ষণক সমালোচনা কৰি ওলাই আহিছে বিজেপি নেতৃত্ব। দলটোৱে কয় যে ৰাহুল গান্ধীৰ নিৰ্দেশত সংখ্যালঘু তুষ্টিকৰণৰ এয়া কংগ্ৰেছৰ নীতি। ধৰ্মৰ ওপৰত ভিত্তি কৰি চৰকাৰী চুক্তি দিব নোৱাৰি। বিজেপিৰ সাংসদ ৰবি শংকৰ প্ৰসাদে কয়, “তুষ্টিকৰণৰ ৰাজনীতি এনে এটা স্তৰত উপনীত হৈছে যে সম্ভৱ হ’লে এইবাৰ ৰেলৰ টিকটতো ৰিজাৰ্ভেচনৰ সুবিধাও বিচাৰিব।”

কালি সিদ্দাৰামায়া চৰকাৰে কেবিনেট বৈঠকত ৰাজহুৱা ক্ৰয়ৰ স্বচ্ছতা আইন (কেটিপিপি) সংশোধন কৰে। বিজেপিৰ দাবী, সংশোধনীৰ জৰিয়তে দুই কোটি টকা পৰ্যন্ত নিবিদাত মুছলমান ঠিকাদাৰৰ বাবে ৪ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। বিজেপিৰ মতে, এই সিদ্ধান্তই সমগ্ৰ দেশতে নেতিবাচক প্ৰভাৱ পেলোৱাৰ আশংকা আছে। ৰবি শংকৰৰ মতে, চৰকাৰী চাকৰি আৰু শিক্ষাৰ বাহিৰে আন কোনো ক্ষেত্ৰতে ধৰ্মৰ ভিত্তিত সংৰক্ষণ দিব নোৱাৰিব। তেওঁৰ মতে, এই সিদ্ধান্ত সম্পূৰ্ণ অসাংবিধানিক। সংৰক্ষণৰ পৰিসৰ বৃদ্ধিৰ বাবে কংগ্ৰেছে অনৈতিক প্ৰচেষ্টা হাতত লৈছে। ইয়াৰ পিছত ৰেলৰ টিকটতো ধৰ্মৰ ভিত্তিত সংৰক্ষণ বিচৰা হব। মূলতঃ ৰাহুল গান্ধীৰ নিৰ্দেশত এই সিদ্ধান্ত লোৱা বুলি অভিযোগ উত্থাপন কৰে বিজেপিয়ে। এই বিষয়টোৰ পৰা ৰাজনৈতিক লাভালাভ হব পাৰে নেকি পৰীক্ষা কৰিবলৈ ৰাহুলে কৰ্ণাটক বাছি লৈছে।

কৰ্ণাটক চৰকাৰৰ বিৰুদ্ধে মুছলমানক সন্তুষ্ট কৰাৰ অভিযোগ নতুন নহয়। সিদ্দাৰামায়াই পূৰ্বৰ মুখ্যমন্ত্ৰী কাৰ্যকালত অবিচি মুছলমানক ৪ শতাংশ সংৰক্ষণ প্ৰদানৰ সিদ্ধান্ত লৈছিল। কিন্তু বিজেপিয়ে ক্ষমতালৈ অহাৰ লগে লগে সেই সংৰক্ষণ বিলুপ্ত কৰিলে। বিজেপিৰ অভিযোগ যে এই ধৰণৰ তুষ্টিকৰণ ৰাজনীতিয়ে বিগত সময়ত বিভাজনক উৎসাহিত কৰিছিল। ৰবি শংকৰে কয় যে স্বাধীনতা সংগ্ৰামৰ সময়ত পৃথক বিশ্ববিদ্যালয় নিৰ্মাণ আৰু পৃথক ভোটাৰ তালিকা সৃষ্টিৰ দৰে সৰু সৰু বিষয়বোৰে শেষত দেশ বিভাজনৰ সূচনা কৰিছিল।

Related News