‘টুকুৰা গেং’ আৰু ‘আৰ্বান নক্সাল’ৰ দ্বাৰা পৰিচালিত হৈছে কংগ্ৰেছ : প্ৰধানমন্ত্ৰী মোদী

যোৱা বছৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দাবী কৰিছিল যে আৰ্বান নক্সালৰ লগত সম্পৰ্ক আছে কংগ্ৰেছ দলৰ। নৰেন্দ্ৰ মোদীৰ এই বক্তব্যই যোৱা বছৰ চৰ্চা লাভ কৰাৰ লগত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল।

এইবাৰ পুন নৰেন্দ্ৰ মোদীয়ে অনুৰূপ বক্তব্য প্ৰদান কৰি কংগ্ৰেছক আক্ৰমণ কৰিছে। আহি আছে দেশৰ কেইবাখনো ৰাজ্যৰ বিধান সভাৰ নিৰ্বাচন। তাৰ পূৰ্বে পুনৰ কংগ্ৰেছক লক্ষ্য কৰি লৈছে নৰেন্দ্ৰ মোদীয়ে।

নৰেন্দ্ৰ মোদীয়ে কয়, “যি কংগ্ৰেছৰ সৈতে এসময়ত মহাত্মা গান্ধীৰ দৰে মহান ব্যক্তি জড়িত আছিল, সেই কংগ্ৰেছ এতিয়া টুকুৰা টুকুৰ হেং আৰু আৰ্বান নক্সালৰ দ্বাৰা পৰিচালিত হৈছে।” এই মন্তব্যৰ পিছতেই পুনৰ আৰম্ভ হৈছে বিতৰ্ক।

চলিত বৰ্ষতেই অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচন। শুকুৰবাৰে প্ৰধানমন্ত্ৰীয়ে মহাৰাষ্ট্ৰৰ আমৰাৱতীত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে। তাত কংগ্ৰেছৰ সাংসদ তথা বিৰোধী নেতা ৰাহুল গান্ধীৰ নাম নোলোৱাকৈয়ে মোদীয়ে কয়, ‘আপুনি আজি যি কংগ্ৰেছ দেখিছে সেয়া সেই কংগ্ৰেছ নহয়, যাৰ লগত এসময়ত মহাত্মা গান্ধীৰ দৰে মহান ব্যক্তি জড়িত আছিল। বৰ্তমানৰ কংগ্ৰেছত দেশপ্ৰেমৰ মনোভাৱৰ মৃত্যু হৈছে, ঘৃণাৰ ভূতে ঠাই পাইছে। আজিৰ কংগ্ৰেছৰ নেতাসকলে বিদেশলৈ গৈ জাতীয় বিৰোধী এজেণ্ডা প্ৰচাৰ কৰে, দেশ ভংগ কৰাৰ কথা কয় আৰু ভাৰতীয় সংস্কৃতিক অপমান কৰে। ‘টুকুৰা গেং’ আৰু ‘নগৰীয়া নক্সাল’ৰ দ্বাৰা পৰিচালিত হৈছে কংগ্ৰেছ। কংগ্ৰেছ আজি দেশৰ আটাইতকৈ অসাধু আৰু দুৰ্নীতিগ্ৰস্ত দল। আৰু দেশৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত পৰিয়াল হৈছে কংগ্ৰেছৰ শ্বাহী পৰিয়াল।

ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ ঘৰত গণেশ পূজাত অংশ লৈছিল। কংগ্ৰেছে এই ঘটনাক গৰিহণা দিছিল। ইয়াৰ উত্তৰত মোদীয়ে কয় যে কংগ্ৰেছৰ যদি সংস্কৃতিৰ প্ৰতি অলপমানো আস্থা  থাকিলহেঁতেন তেন্তে গণেশ পূজাৰ বিৰোধিতা নকৰিলেহেঁতেন। আচলতে তেওঁলোক গণেশ পূজাৰ বিৰোধী। এই মহাৰাষ্ট্ৰতে লোকমান্য তিলকে ৰাইজক একত্ৰিত কৰিবলৈ গণেশ পূজা কৰিছিল। ইয়াৰ পিছত মোদীয়ে সাধাৰণ ৰাইজক আহ্বান কয় যে কংগ্ৰেছৰ এই পাপৰ উত্তৰ দেশৰ জনসাধাৰণে দিব লাগে।