চৰকাৰে জন-ধন একাউণ্টৰ নামতো ৰাজনীতি কৰিছে: দেৱব্ৰত শইকীয়া

কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই কয় যে চৰকাৰে জনধন একাউণ্টৰ নামতো ৰাজনীতি কৰিছে।

এক ভিডিঅ’যোগে এই মন্তব্য কৰি বিৰোধী দলপতি শইকীয়াই দুখীয়া শ্ৰমিক আৰু কৃষকসকলক মাহে ,৫০০/- টকাকৈ অনুদান হিচাপে আগবঢ়াবলৈ আহ্বান জনায়৷

তেওঁ কয়ভিড১৯ৰ পৰিপ্ৰেক্ষিতত, আমি সকলোৱে জ্ঞাত যে বৰ্তমান দেশৰ পৰিস্থিতি মুঠেই সন্তোষজনক নহয়। এফালে ৰোণা ভাইৰাছৰ আতংক আৰু আনফালে ইয়াৰ প্ৰভাৱত হোৱা দেশৰ আৰ্থিক নাটনিয়ে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকল, আমাৰ শ্ৰমিক বন্ধুসকল, কৃষকসকল তথা লঘু আৰু ক্ষুদ্ৰ ব্যৱসায়িক উদ্যোগসমূহৰ ৰাজহাড় ভাঙি পেলাইছে।যদিও ভাষণত প্ৰধানমন্ত্ৰীয়ে ২০লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰিলে কিন্তু এইসকলৰ হাতত চৰকাৰে আৰ্থিক সাহায্য হিচাপে এটকাও প্ৰদান কৰিব নোৱাৰিলে।

ইউ পি এ-২ত সেই সময়ৰ প্ৰধান মন্ত্ৰী মনমোহন সিঙে দুখীয়া লোকসলৰ বাবে তথা বেংক একাউণ্ট নথকা লোকসকলৰ বাবে ২০১১ চনত Zero Balance একাউণ্ট খোলাৰ সুবিধা কৰাই দিছিল উল্লেখ কৰি শইকীয়াই কয়ইয়াৰ পৰৱৰ্তী সময়ত কেন্দ্ৰত চৰকাৰ সলনি হোৱাৰ পিছত মোদী চৰকাৰে এই আচঁনিখনকে জন ধন নামেৰে আগবঢ়ালে যদিও এই বিপৰ্যয়ৰ সময়ত কেন্দ্ৰীয় চৰকাৰে জন ধন একাউণ্টত পাঁচশ টকাকৈ অনুদান দিয়াৰ যি এক ঘোষণা কৰিলে তাৰপৰা আগৰ Zero Balance একাউণ্টৰ হিতাধিকাৰীসকলক বঞ্চিত কৰিলে।

দৈনিক হাজিৰা কৰি জীৱন নিৰ্বাহ কৰি থকা শ্ৰমিকসকলৰ হাতত যোৱা দুমাহ ধৰি এটকাও নাই, কৃষকসকলৰ খেতিবাতিত নতুনকৈ হাত দিবলৈ ধনৰ অভাৱত ন্যূনতম সাহসখিনিও নাই বুলি উল্লেখ কৰি শইকীয়াই কয়ইতিমধ্যে লকডাউনৰ বাবে আৰু চৰকাৰৰ বিশেষ প্ৰচেষ্টাৰ অভাৱত তেওঁলোকৰ শস্য, শাকপাচলি পথাৰতে নষ্ট হৈ গৈছে। নিৰ্মাণ আৰু উৎপাদন বন্ধ হৈ যোৱাৰ ফলত লঘু আৰু ক্ষুদ্ৰ ব্যৱসায়িক উদ্যোগসমূহৰ পানীত হাঁহ নচৰা অৱস্থা। চৰকাৰ তথা বিভিন্ন দল সংগঠনে এই সময়চোৱাত এওঁলোকক সাহায্য হিচাপে খোৱাবোৱাৰ ব্যৱস্থা কৰিছিল যদিও সেয়া আমাৰ দেশত কেন্দ্ৰীয় চৰকাৰৰ বিশেষ সাহায্য অবিহনে প্ৰতিগৰাকী ব্যক্তিৰ ওচৰলৈ পঠিওৱাটো সম্ভৱ নাছিল আৰু যাৰবাবে সোত্তৰ শতাংশ ব্যক্তিয়ে এই সুবিধা নাপালে।

চৰকাৰৰ ওচৰত দাবী জনাই শইকীয়াই কয়কংগ্ৰেছ দলে যোৱা লোকসভা নিৰ্বাচনৰ সময়ত বহুলভাৱে প্ৰচাৰ কৰা ন্যায় আঁচনিৰ অনুৰূপে এক আঁচনিৰ জৰিয়তে দুখীয়া পৰিয়াল, শ্ৰমিক আৰু কৃষকসকলক চৰকাৰে ১০,০০০ টকাকৈ এককালীন সাহায্য আৰু প্ৰতি মাহে ,৫০০ টকাকৈ অনুদান আগবঢ়াওক।

লগতে তেওঁ কয় লঘু আৰু ক্ষুদ্ৰ ব্যৱসায়িক উদ্যোগ সমূহক আৰ্থিক সাহায্য আগবঢ়াওক কাৰণ এওঁলোকৰ লগত দেশৰ এক বৃহৎ মধ্যবিত্তীয় পৰিয়াল জড়িত হৈ আছে। দেশৰ এই ব্যক্তিসকলক পুনৰ আগৰ অৱস্থালৈ ঘুৰাই অনাৰ এয়াই একমাত্ৰ বিকল্প, তেওঁ কয়।
“হাতত ধন নোহোৱাকৈ আৰ্থিক অভাৱত এইসকল লোক পুনৰ সংস্থাপিত হোৱাটো অসম্ভৱ,” শইকীয়াই কয়।

চৰকাৰে ৰাজনৈতিক বিচাৰধাৰাৰ ঊৰ্ধ্বত ৰাখি সৰ্বসাধাৰণৰ নিমিত্তে বিষয়টো সূক্ষ্ম দৃষ্টিৰে বিচাৰ কৰিব বুলি আশা কৰে শইকীয়াই৷