NORTHEAST NOW (Assamese)

হিমন্ত বিশ্ব শৰ্মা অসমৰ চাণক্য কেতিয়াও হব নোৱাৰে,তেওঁ এজন গুৰুতৰ অপৰাধী :বিষ্ফোৰক মন্তব্য গৌৰ্জন মুছাহাৰীৰ

September 27, 2021 5:49 pm · ৰিনয় বসুমতাৰী,কোকৰাঝাৰ
Updated: September 27, 2021 5:50 pm

হিমন্ত বিশ্ব শৰ্মাৰ বাবেই অসমত আজি দাউ দাউকৈ জুই জ্বলি আছে ৷

তেওঁৰ বাবেই এনকাউন্টাৰৰ পিছত এনকাউন্টাৰ হৈ আছে ৷
আজি এই গুৰুতৰ অভিযোগ তুলিছে বিটিআৰ কংগ্ৰেছ সমন্বয়ৰক্ষী সমিতিৰ মুখপাত্ৰ গৌৰ্জন মুছাহাৰীয়ে ৷

কোকৰাঝাৰ কংগ্ৰেছ কাৰ্যালয়ত আজি এক সংবাদমেল সন্মোৰ্ধন কৰি বিটিআৰ কংগ্ৰেছৰ যুৱ নেতা গৌৰ্জন মুছাহাৰীয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰি হিমন্ত বিশ্ব শৰ্মা অসমৰ চাণক্য কেতিয়াও হব নোৱাৰে বুলি কয়।

তেওঁ হিমন্ত বিশ্ব শৰ্মাক এজন গুৰুতৰ অপৰাধী বুলিও মন্তব্য কৰে ৷

ছিপাঝাৰ গৰুখুঁটিত এনকাউন্টাৰ কৰি হত্যা কৰা দুজনকৈ নিৰীহৰ পৰিয়ালৰ সদস্যক চাকৰি দিবলৈ চৰকাৰক আহ্বান জনায় কংগ্ৰেছ নেতাগৰাকীয়ে ৷

লগতে অসমৰ মাটি বেদখলত কেৱল মুছলমান লোক জৰিত নেকি বুলি প্ৰশ্ন উত্থাপন কৰি অসমৰ মাটি বেদখল কৰা সকলোৰে বিৰুদ্ধে উচ্ছেদ হওঁক বুলি চৰকাৰক প্ৰত্যাহ্বান জনায় কংগ্ৰেছী নেতা মুছাহাৰীয়ে ৷

Related News