• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘গাদ্দাৰ’ হিমন্ত! পৱন খেৰাৰ দাবী, মধ্যপ্ৰদেশৰ ‘মামা’ৰ গতিয়েই গতি হ’ব অসমৰ ’মামা’ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 6, 2024 6:13 pm
Himanta Biswa Sarma Pawan Khera
3.6k
VIEWS
Share on FacebookShare on Twitter

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এজন গাদ্দাৰ। কংগ্ৰেছক বিশ্বাসঘাতকতা কৰা হিমন্ত বিশ্ব নৰেন্দ্ৰ মোদীৰ যে বিশ্বাসী হৈ থাকিব, সেয়া কেনেকৈ আশা কৰিব পাৰি! এই মন্তব্য কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেৰাই।

গুৱাহাটীত সংবাদ মাধ্যমক সম্বোধন কৰি হিমন্ত বিশ্ব শৰ্মাক এইদৰে তীক্ষ্ণ সমালোচনা কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে। তেওঁ কয়, ‘আমি তেওঁক গাদ্দাৰ হিচাপে গণ্য কৰোঁ। যিজন ব্যক্তি আমাৰ প্ৰতি আনুগত্যশীল নাছিল, তেওঁ বিজেপিৰ প্ৰতি আনুগত্যশীল কেনেকৈ হ’ব?”

তেওঁ লগতে আন এক বিশেষ মন্তব্যৰে কটাক্ষ কৰে হিমন্ত বিশ্ব শৰ্মাক। “তেওঁ নিজকে অসমৰ মামা বুলি কয়। মধ্যপ্ৰদেশৰ আন এজন মামা আছিল শিৱৰাজ চৌহান। তেওঁৰ কি হ’ল? একেই ভাগ্যই অপেক্ষা কৰি আছে হিমন্ত বিশ্ব শৰ্মালৈ।”- মন্তব্য পৱন খেৰাৰ।

কংগ্ৰেছ নেতাগৰাকীয়ে লগতে আন এক বিস্ফোৰক দাবীও কৰিছে। তেওঁৰ দাবী, হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ সৈতে যোগাযোগ বজাই ৰাখিবলৈ চেষ্টা কৰে। বিজেপি পৰাজিত হ’লে তেওঁ ক’লৈ যাব, হিমন্তৰ সেই আশংকা আছে বুলি দাবী কৰে খেৰাই।

অৱশ্যে কংগ্ৰেছে কেতিয়াও হিমন্ত বিশ্ব শৰ্মাক আদৰি নলয় বুলিও তেওঁ নিশ্চিতি দিয়ে। হিমন্ত বিশ্ব শৰ্মাই বিজেপিত যোগদান কৰাৰ পিছত মিছা কথা কোৱাৰ অভ্যাস গঢ়ি তুলিছে আৰু প্ৰতাৰণাৰ দিশত প্ৰধানমন্ত্ৰী মোদীকো চেৰ পেলাবলৈ চেষ্টা কৰিছে বুলি তেওঁ কটাক্ষ কৰে।

খেৰাই লগতে বহু বিজেপি নেতা কংগ্ৰেছৰ সৈতে যোগাযোগত আছে বুলিও আন এক দাবী কৰে। আগন্তুক নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছৰে পৰা দলটোৰ বহু নেতাই কংগ্ৰেছৰ সৈতে যোগাযোগ কৰা বুলি তেওঁ কয়।

Recent News

ঘৰত প্ৰৱেশ কৰি জীৱন্তে জ্বলাই দিয়া হ’ল দুই নাবালকক; পাটনাত নাৰকীয় ঘটনা

ঘৰত প্ৰৱেশ কৰি জীৱন্তে জ্বলাই দিয়া হ’ল দুই নাবালকক; পাটনাত নাৰকীয় ঘটনা

ৰোহিংগীয়াসকল শৰণাৰ্থী নে অনুপ্ৰৱেশকাৰী? উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া ন্যায়াধীশৰ বিচাৰপীঠৰ প্ৰশ্ন

ৰোহিংগীয়াসকল শৰণাৰ্থী নে অনুপ্ৰৱেশকাৰী? উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া ন্যায়াধীশৰ বিচাৰপীঠৰ প্ৰশ্ন

ন্যূনতম ধনৰাশি একাউণ্টত নৰখাৰ বাবে পাঁচ বছৰত প্ৰায় ৯ হাজাৰ কোটি টকাৰ জৰিমনা সংগ্ৰহ ৰাজহুৱা খণ্ডৰ বেংকৰ!

ন্যূনতম ধনৰাশি একাউণ্টত নৰখাৰ বাবে পাঁচ বছৰত প্ৰায় ৯ হাজাৰ কোটি টকাৰ জৰিমনা সংগ্ৰহ ৰাজহুৱা খণ্ডৰ বেংকৰ!

পুনৰ যাত্ৰা বিভ্ৰাট! ৰাণৱেৰ পৰাই ঘূৰাই অনা হ’ল লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান

পুনৰ যাত্ৰা বিভ্ৰাট! ৰাণৱেৰ পৰাই ঘূৰাই অনা হ’ল লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd