ৰাফেলক লৈ কৰা মন্তব্যৰ বাবে ৰাহুল গান্ধীয়ে ক্ষমা খোজা উচিত : বিপ্লৱ কুমাৰ দেৱ

Rahul remark on Rafale

ৰাফেল চুক্তিত কেলেংকাৰী হোৱা বুলি অভিযোগ কৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ক্ষমা খোজা উচিত বুলি দাবী জনাইছে ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে।

‘‘ৰাফেল চুক্তিক লৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰছনা কৰা হৈছিল,’’ বিপ্লৱ কুমাৰ দেৱে কয়।

দেশৰ জনসাধাৰণে কংগ্ৰেছ দলক বিশ্বাসত নলোৱাৰ বাবে কংগ্ৰেছে বিজেপি আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰিছিল বুলিও দেৱে মন্তব্য কৰে।

‘‘ৰাফেল চুক্তি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়দানে পুনৰবাৰ ৰাফেল যুদ্ধ বিমান চুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নিকা হৈছিল বুলি প্ৰমাণ কৰিলে,’’ ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰীয়ে বৃহস্পতিবাৰে আগৰতলাত কয়।

ফৰাচী কোম্পানী ডেচল্টৰ পৰা ভাৰতে ক্ৰয় কৰিবলগীয়া ৩৬ খন ৰাফেল যুদ্ধ বিমানৰ চুক্তি পুনৰীক্ষণ আৱেদন বৃহস্পতিবাৰে সৰ্বোচ্চ ন্যায়ালয়ে নাকচ কৰিছিল।

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ এছ কে কৌল আৰু কে এম জোচেফছেৰে গঠিত তিনিজনীয়া বিচাৰপীঠে বৃহস্পতিবাৰে ৰাফেল চুক্তি সন্দৰ্ভত তদন্তৰ কোনোধৰণৰ প্ৰয়োজনীয়তা অনুভৱ কৰা নাই বুলি ৰায় দান দি চুক্তিৰ পুনৰীক্ষণ আবেদন খণ্ডন কৰিছিল।