কংগ্ৰেছ নেতা ৰাহুল গান্ধী কৰোনাত আক্ৰান্ত; আৰোগ্য কামনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

Ey7_Pd4VEAMvhG_-750x374

কংগ্ৰেছ নেতা ৰাহুল গান্ধী কোভিড১৯ত আক্ৰান্ত হৈছে।

সামান্য লক্ষণে দেখা দিয়াৰ পিছত কোভিড টেষ্ট কৰোতে কোভিড পজিটিভ অহাৰ কথা কংগ্ৰেছ নেতাগৰাকীয়ে নিজেই প্ৰকাশ কৰিছে।

জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে বিগত কিছুদিনত তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক সকলো কোভিড বিধি মানি চলি সুৰক্ষিতভাৱে থাকিবলৈ টুইটাৰযোগে আহ্বান জনাইছে।

বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৰাহুল গান্ধীয়ে বয়োজ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী তথা তেওঁৰ মাতৃ ছোনিয়া গান্ধীৰ সৈতে যোৱা ১২ দিন সাক্ষাৎ কৰা নাছিল। জ্যেষ্ঠ ভগ্নী প্ৰিয়ংকা গান্ধীৰ সৈতে যোৱা ৫ দিন ধৰি ৰাহুল গান্ধীৰ সাক্ষাৎ হোৱা নাই।

ইফালে ৰাহুল গান্ধীয়ে কোভিডত আক্ৰান্ত হোৱাৰ খবৰ লাভ কৰিয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিৰোধী নেতাগৰাকীৰ আৰোগ্য কামনা কৰিছে।

“লোকসভাৰ সাংসদ ৰাহুল গান্ধীজীৰ সুস্বাস্থ্য আৰু শীঘ্ৰে আৰোগ্য হোৱাৰ বাবে মই প্ৰাৰ্থনা কৰিছো।” টুইটাৰত এইদৰে কয় প্ৰধানমন্ত্ৰী মোদীয়ে।

উল্লেখ্য যে সোমবাৰে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙো কোভিড১৯ত আক্ৰান্ত হৈছে।

ইফালে মংগলবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় চৰকাৰৰ কোভিড ভেকচিন নীতিক চোকা ভাষাৰে সমালোচনা কৰিছে।