NORTHEAST NOW (Assamese)

বানপানীৰ সময়ত দেশৰ কংগ্ৰেছ কৰ্মীসকলক অসমক সহায়ৰ আহ্বান ৰাহুল গান্ধীৰ

July 18, 2020 10:47 am · এন ই নাও নিউজ
ৰাহুল গান্ধী। ছবি সৌজন্য-- কংগ্ৰেছৰ টুইটাৰ হেণ্ডল।

প্ৰাক্তন কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে শনিবাৰে বানপানীৰ বিৰুদ্ধে অসম বাসীয়ে আত্মশক্তিৰে কৰি থকা যুদ্ধক উচ্চ প্ৰশংসা কৰে।

অসমবাসীক এই দুৰ্যোগৰ সময়ত সাহস দি ৰাহুল গান্ধীয়ে সমগ্ৰ দেশ অসম বাসীৰ সৈতে আছে বুলি কয়।

কংগ্ৰেছ নেতা গৰাকীয়ে অসমৰ প্ৰতি থকা দায়বদ্ধতা প্ৰকাশেৰে টুইট কৰে।

”সমগ্ৰ দেশ অসমৰ সৈতে আছে। অসমৰ জনসাধাৰণে আত্মপ্ৰত্যয় আৰু শক্তিশালী চৰিত্ৰৰে সমস্যাৰ সৈতে যুঁজি আছে আৰু এই দুৰ্যোগৰ পৰা মুক্তি লাভ কৰিব। মই সকলো কংগ্ৰেছ কৰ্মীক অসমবাসী ৰাইজক সহায়ৰ বাবে আহ্বান জনাইছো,” ৰাহুল গান্ধীয়ে টুইটাৰত লিখে।

শুকুৰবাৰেও অসমৰ বান পৰিস্থিতি অপৰিৱৰ্তিত অৱস্থাত থাকে। শুকুৰবাৰে ৰাজ্যত বানপানীৰ ফলত পুনৰ পাঁচগৰাকী লোকৰ মৃত্যু হোৱাৰ ফলত ৰাজ্যত বানপানীৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৭৬ গৰাকীলৈ বৃদ্ধি পায়।

আনহাতে, বানপানীৰ ফলত ৰাজ্যৰ মুঠ ২৮ খন জিলাৰ ৩৬ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে।

অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ তৰফৰ পৰা উল্লেখ কৰা মতে, অসমৰ ৩৬ লাখ বানপানীৰ ফলত ক্ষতিগ্ৰস্ত লোক সকলৰ ভিতৰত ২২ লাখ লোক ধুবুৰী, গোৱালপাৰা, বৰপেটা আৰু মৰিগাঁও জিলাৰ।

ৰাহুল গান্ধীৰ পূৰ্বে ভাৰতীয় ফুটবল দলৰ অধিনায়ক সুনীল ছেত্ৰী আৰু বিশ্বৰ আগশাৰীৰ ফুটবল ক্লাৱ আৰ্ছেনালেও বানপানীৰ সময়ত অসম বাসীৰ সৈতে একেলগে আছে বুলি কয়।

Related News