ৰাজনীতিত কোন টেঙৰ চেঙেলী? বৰশী পাতি কোনে জালত পেলাব বিচাৰিছিল টেঙৰ চেঙেলীক?

ৰাজনীতিত কোন টেঙৰ চেঙেলী? বৰশী পাতি কোনে জালত পেলাব বিচাৰিছিল টেঙৰ চেঙেলীক?কংগ্ৰেছৰ বহু চেঙেলী মাছক জালত পেলাব বিচাৰিছিল বিজেপিয়ে।

কিন্তু টেঙৰ কংগ্ৰেছী চেঙেলী নপৰে বিজেপিৰ জালত।

বিজেপিৰ বৰশীৰ টোপ নিগিলিলে কংগ্ৰেছৰ ৰাণা গোস্বামী আৰু দেৱব্ৰত শইকীয়াই।

সোমবাৰে ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত এই দাবী কৰিছে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে।

২০২১ চনৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি দলটোৱে নিৰ্বাচনী প্ৰচাৰৰ মাধ্যমেৰে ৰাণা গোস্বামী,দেৱব্ৰত শইকীয়াকে আদি কৰি বহু হিন্দু কংগ্ৰেছী নেতা বিজেপিলৈ আহিব বুলি দাবী কৰিছিল। সেই অনুসৰি বহু কংগ্ৰেছী নেতাই ইতিমধ্যে ডলাৰ বগৰীৰ দৰে দল সলাই গেৰুৱা সাজ পিন্ধিলে।

কিন্তু এলা-পেচা চেঙেলী মাছ নহয় এই দুই প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব।

নিজকে চেঙেলী মাছৰ সৈতে তুলনা কৰি ৰাজীৱ ভৱনত ৰাণা গোস্বামীয়ে কয় “আমি টেঙৰ চেঙেলী মাছ, আমি বিজেপিৰ বৰশীৰ টোপ নিগিলো। আমি বিজেপিৰ সকলো নীতিৰ বিৰুদ্ধে সৰৱ হৈ যাম।”

ইপিনে, মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই উপ-নিৰ্বাচনক গ’লকিপাৰহীন গ’লপোষ্ট বুলি কৰা মন্তব্যৰ বিৰোধিতা কৰে গোস্বামীয়ে।

তেওঁ কয় “গ’লকিপাৰ নাই যদি হেলিকপ্টাৰ যোগে ৫ সমষ্টিত ৫০ খন নিৰ্বাচনী প্ৰচাৰ চলালে কিয় মুখ্যমন্ত্ৰীয়ে?
এই প্ৰশ্ন কৰি ৰাণা গোস্বামীৰ দাবী নাওঁ ডুবিলেও টিঙৰ পৰা নানামে এইখন বিজেপি চৰকাৰে।

বিজেপি চৰকাৰ খন হৈছে এখন মিছা প্ৰতিশ্ৰুতি দিয়া চৰকাৰ।

নিমাতী ঘাটৰ দৰে বিজেপিৰ নাও ডুবিলে বচাব লাগিব কংগ্ৰেছেহে।”

এনেদৰেই সোমবাৰে পুনৰবাৰ বিজেপিৰ জন বিৰোধী নীতিৰ বিৰুদ্ধে সৰৱ হৈ পৰে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী।