• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Allegation about the BJP-terrorist nexus: সন্ত্ৰাসবাদী আৰু বিজেপি ভাই ভাই: তথ্য দাঙি ধৰি কংগ্ৰছ নেত্ৰী ৰঞ্জিত ৰঞ্জনৰ মুকলি অভিযোগ!

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
July 9, 2022 6:59 pm
ৰাজীৱ ভৱনত  ৰাজ্যসভাৰ সাংসদ তথা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ মুখপাত্র ৰঞ্জিত ৰঞ্জনৰ সংবাদমেল।

ৰাজীৱ ভৱনত ৰাজ্যসভাৰ সাংসদ তথা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ মুখপাত্র ৰঞ্জিত ৰঞ্জনৰ সংবাদমেল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Allegation about the BJP-terrorist nexus শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এক সংবাদমেল যোগে ৰাজ্যসভাৰ সাংসদ তথা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ মুখপাত্র ৰঞ্জিত ৰঞ্জনে সন্ত্ৰাসবাদী আৰু বিজেপি ভাই ভাই বুলি উল্লেখ কৰে।

তেওঁ কয়, “সন্ত্ৰাসবাদ বা উগ্রপন্থাৰ দৰে গুৰুতৰ বিষয়সমূহকলৈ ৰাজনৈতিক খেল খেলি মুনাফা আদায় কৰাৰ পক্ষপাতি নহয় ভাৰতীয় জাতীয় কংগ্ৰেছ। কিন্তু আজিৰ প্ৰেক্ষাপটত ধাৰাবহিকভাবে সন্ত্রাসবাদী কার্যকলাপৰ সৈতে জড়িত থাকি ধৰা পৰা একাংশ ব্যক্তিৰ লগত বিজেপিয়ে যি ধৰণে সম্পর্ক বজাই ৰাখিছে তাৰ পটভূমিত শাসনাধিষ্ঠিত দলটোৰ ভাৰতীয় জাতীয়তাবাদৰ ধাৰণাটোকলৈ কেতবোৰ প্রত্যক্ষ প্রশ্নৰ উদ্ৰেক হৈছে।”

তেওঁ কয় যে “আজিৰ পৰা কিছুদিনৰ আগতে ৰাজস্থানৰ উদয়পুৰত কানহায়ালাল নামৰ এগৰাকী দণ্ডীক নৃশংসভাবে হত্যা কৰা হত্যাকাৰীৰ দলটোৰ এজন সদস্য আছিল বিজেপিৰ কৰ্মকৰ্তা মহম্মদ ৰিয়াজ আটাৰী। ৰাজস্থান বিধানসভাৰ বিজেপি দলৰ নেতা তথা প্রাক্তন মন্ত্ৰী গুলাচান্দ কাটাৰিয়াৰ উপস্থিতিতে হত্যাকাৰী মহম্মদ বিয়াজে বিজেপিৰ সদস্য পদ গ্ৰহণ কৰিছিল।‘’

‘’সংবাদ মাধ্যমৰ মতেই উক্ত হত্যাকাৰী মহম্মদ ৰিয়াজক বিজেপিৰ বিভিন্ন কাৰ্যসূচীত দলীয় নেতৃবৰ্গৰ সৈতে সততে দেখা গৈছিল। জম্মু-কাশ্মীৰত গাওঁবাসীয়ে আটক কৰা লস্কৰ ই-তৈবাৰ সদস্য তালিব হুছেইন শ্বাহ বিজেপিৰ দলীয় কৰ্মকৰ্তা বুলি ইতিমধ্যে ওলাই পৰিছে” তেওঁ লগতে কয়।

ৰঞ্জিত ৰঞ্জনে সদৰী কৰি কয়, ‘’ইপিনে ৰাজ্যখনৰ জ্যেষ্ঠ বিজেপি নেতাসকলৰ সৈতে তালিব হুছেইন মাহে দলৰ কেন্দ্রীয় নেতা অমিত শ্বাহৰ লগত উঠা ফটো ইতিমধ্যে সর্বত্র প্রকাশ পাইছে। এজন সন্ত্রাসবাদীয়ে স্বীকাৰ কৰিছে যে বর্তমান চলি থকা অমৰনাথ যাত্ৰাৰ তীৰ্থযাত্ৰীসকলক আক্ৰমণ কৰাৰ প্ৰস্তুতিত এই তালিব হুছেইন শ্বাহ জড়িত হৈ আছিল।‘’

সংবাদ মাধ্যমত প্রকাশ পাইছে যে মহাৰাষ্ট্ৰৰ অমৰাৱতীৰ ‘কেমিষ্ট’ উমেশ কোহলীৰ হত্যাকাণ্ডৰ মূল ‘মাষ্টাৰমাইণ্ড’ ইjফান খান ‘নির্দলীয়’ সাংসদ নবনীত ৰাণা আৰু তেওঁৰ স্বামী ৰবি ৰাণাৰ সৈতে সম্পর্কিত। ‘হনুমান চালিছা’ পাঠক লৈ জনাজাত হৈ পৰা ৰাণা দম্পতিৰ সৈতে বিজেপিৰ গভীৰ সম্পৰ্কৰ কথা ইতিমধ্যে দেশজুৰি সদৰী হৈ পৰিছে। উক্ত ৰাণা দম্পতিৰ বাবে নিৰ্বাচনী প্ৰচাৰ অভিযানত ইjফান খানে বিশেষ ভূমিকা পালন কৰিছিল।

২০২০ চনত জম্মু-কাশ্মীৰত ‘হিজবুল মুজাহিদিন’ৰ কামাণ্ডাৰ নবীদ বাবুৰ হৈ অস্ত্ৰ লোৱাৰ অভিযোগত বিজেপি নেতা তথা গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি তাৰিক আহমেদ মীৰক গ্ৰেপ্তাৰ কৰা হৈছিল।

‘হিজবুল মুজাহিদিন’ৰ কামাণ্ডাৰ নবীদ বাবুক ইয়াৰ আগেয়ে ডি এছ পি দাভিন্দৰ সিঙৰ সৈতেও সন্ত্রাসবাদীলৈ অস্ত্ৰ যোগানৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছিল। ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা এন আই এ’ তেতিয়া নিশ্চিত কৰিছিল যে তাৰিক আহমেদ মীৰ ডি এছ পি দাভিদ সিঙৰ এগৰাকী ঘনিষ্ঠ সহযোগী। দাভিন্দৰ সিং গোচৰৰ তদন্ত সম্পূৰ্ণ হোৱা হ’লেই সত্য উদ্ঘাটন হ’লহেঁতেন” বুলি মন্তব্য প্ৰকাশ কৰে কংগ্ৰেছ নেত্ৰীগৰাকী।

কিন্তু হঠাতে তদন্তৰ প্ৰক্ৰিয়া বন্ধ কৰি দিয়া হ’ল বুলি উল্লেখ কৰি তেওঁ কয়, ‘’২০১৭ চনত মধ্যপ্ৰদেশৰ ‘এণ্টি ‘টেৰ’ৰিজম স্কোৱাড’ (এ টি এছ)য়ে অবৈধ টেলিফোন একছেঞ্জৰ ৰহস্য উদ্ঘাটন কৰোঁতে আই এছ আইৰ ১১ জন সদস্য গ্ৰেপ্তাৰ হৈছিল। তাৰ মাজত বিজেপিৰ আই-টি চে’লৰ সক্ৰিয় সদস্য ধ্রুব ছাকক্সেনাও আছিল। এই ধ্ৰুৱৰ ফটো মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানৰ লগতো দেখা গৈছিল। ইয়াৰ ঠিক দুবছৰৰ পিছত, ২০১৯ চনত মধ্যপ্ৰদেশৰ সন্ত্ৰাসবাদীৰ ধন যোগানৰ অভিযোগত বজৰং দলৰ নেতা বলৰাম সিং গ্ৰেপ্তাৰ হৈছিল।‘’

তদুপৰি, কংগ্ৰেছ নেত্ৰীগৰাকীয়ে এক গুৰুতৰ অভিযোগ উত্থাপন কৰি কয়, ‘’২০১৭ চনত এন আই এ’ৰ বিশেষ আদালতে অসমত সন্ত্রাসবাদীক ধন যোগানৰ অভিযোগত বিজেপি নেতা নিৰঞ্জন হোজাইক যাবজ্জীবন কাৰাদণ্ড বিহিছিল। এওঁ চৰকাৰী ৰাজকোষৰ এহেজাৰ কোটিৰ বিত্তীয় কেলেংকাৰীত জড়িত থকাৰ কথাও প্ৰমাণ হৈছিল আৰু এই চৰকাৰী ধন এটা সন্ত্রাসবাদী সংগঠনক যোগান ধৰাৰ কথাও পোহৰলৈ আহিছিল। এই ধন অবৈধ অস্ত্ৰ ক্ৰয়ৰ বাবে সন্ত্ৰাসবাদীক যোগান ধৰা হৈছিল আৰু সেই অস্ত্ৰ দেশৰ প্ৰতিৰক্ষা বাহিনীৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হৈছিল।‘’

আনহাতে, আন এক অভিযোগ আনি কংগ্ৰেছ নেত্ৰী ৰঞ্জনে কয়, ‘’আনকি ক্ষমতা দখলৰ স্বাৰ্থত সকলো জানি-বুজিও বিজেপিয়ে শ্রীনগৰ পৌৰ নিৰ্বাচনত ৩৩ নং ৱাৰ্ডৰ পৰা কুখ্যাত সন্ত্রাসবাদী মামুদ আজহাৰৰ সম্পৰ্কীয় মহম্মদ ফাৰুক খানক প্রতিদ্বন্দ্বিতা কৰিবলৈ দলীয় মনোনয়ন প্ৰদান কৰিছিল।মহম্মদ ফাৰুক খান জম্মু-কাশ্মীৰ লিবাৰেচন ফ্ৰণ্ট আৰু হৰক-উল-মুজাহিদিন’ৰ সদস্য আছিল।‘’

তেওঁ লগতে উল্লেখ কৰি কয় যে ১৯৯৯ চনত কাপাহাৰ বিমান অপহৰণৰ কালতে কুখ্যাত সন্ত্ৰাসবাদী মাছুদ আজহাৰক বিজেপিয়ে নিজৰ দুতলীয়া চৰিত্ৰ প্ৰকাশ কৰি মুকলি কৰি দিছিল। যিজন কুখ্যাত সন্ত্রাসবাদীয়ে পৰৱৰ্তী কালত কেইবাটাও ভয়ংকৰ সন্ত্ৰাসবাদী আক্রমণ সংঘটিত কৰিছিল। এইজন কুখ্যাত সন্ত্ৰাসবাদীয়েই পৰৱৰ্তী কালত ‘জেইছই-মহম্মদ’ সন্ত্রাসবাদী গোটটো গঠন কৰিছিল যিটোৱে ২০০১ চনত ভাৰতৰ সংসদ ভৱন আক্রমণ আৰু ২০০৮ চনত মুম্বাইৰ ভয়ানক সন্ত্ৰাসবাদী আক্রমণ সংঘটিত কৰিছিল।

‘’২০১৯ চনত আৰ ডি এক্সকে ধৰি ২০০ কিলোগ্রাম উচ্চক্ষমতাসম্পন্ন বিস্ফোৰকসহ কেইবাটাও তালাচী চকী হেলাৰঙে পাৰ হৈ এই সন্ত্ৰাসবাদী গোটেই পুলৱামাৰ আক্ৰমণ সংঘটিত কৰি ৪৪ জন চিআৰপিএফৰ জোৱানক হত্যা কৰিছিল। কিন্তু দুর্ভাগ্যৰ কথা যে আজিলৈকে পুলৱামাৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ তদন্ত কৰা নহ’ল। ইয়াৰ ৰহস্য কি?’’ বুলিও তেওঁ শেষত প্ৰশ্ন কৰে।

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd