বিধি সংশোধন নকৰাকৈয়ে ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ অধীনত বিদেশীক সংস্থাপিত কৰাৰ অধিসূচনা

কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

TET-715x375

অসমত নিৰ্বাচনৰ আগমুহুৰ্তত যোৱা ১৯ মাৰ্চ তাৰিখে কেন্দ্ৰীয় গৃহ বিভাগৰ পৰা নাগৰিকত্ব প্ৰদান কৰাৰ ওপৰত জাৰি কৰা এখন অধিসূচনা সন্দৰ্ভত কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

অধিসূচনাৰ উদ্ধৃতি দি শইকীয়াই কৈছে যে অসম চৰকাৰে অসমৰ কেইবাখনো জিলাৰ আয়ুক্ত, উপায়ুক্ত তথা আৰক্ষী অধীক্ষক সকলক এখন নিৰ্দেশনা জাৰি কৰি পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশৰ পৰা অহা কেতবোৰ লোকক যিসকলৰ “Long Term VISA” আছে তেওঁলোকক নাগৰিকত্ব প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈছিল।

এই দেশ কেইখনত ধৰ্মীয় উৎপীড়নৰ বলি হোৱা লোকসকলক নাগৰিকত্ব প্ৰদান কৰিবলৈ নাগৰিকত্ব সংশোধনী আইনখন কেন্দ্ৰীয় চৰকাৰে আনিছিল।
কিন্তু এতিয়া প্ৰশ্ন হয়, এতিয়ালৈকে নাগৰিকত্ব সংশোধনী আইনখনৰ বিধি প্ৰস্তুত নকৰাকৈ “Long Term VISA”ৰ আধাৰত নাগৰিকত্ব প্ৰদান কৰি আওপকীয়াকৈ চৰকাৰে নাগৰিকত্ব সংশোধনী আইনখন বলৱত কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰিছে নেকি?

যদি এনেকুৱা হয়, তেন্তে অসম চুক্তিৰ সম্পূৰ্ণ উলংঘন হ’ব আৰু অসমীয়াৰ ওপৰত এক প্ৰতাৰণা হ’ব।
অসমৰ জনগণই আৰম্ভণিৰে পৰা নাগৰিকত্ব সংশোধনী আইনখন মানি ল’ব বিচৰা নাই।
যদিও যোৱা নিৰ্বাচনত বিজেপি দলে ৬০ খন আসন লাভ কৰিছে আৰু ভোটৰ হাৰ বিজেপি দলে ৩৩.২১% পাইছে আৰু কংগ্ৰেছ দলে ২৯.৬৭% পাইছে।

সেই হিচাপত ও অসমৰ প্ৰায় ৬৭% লোকে এই আইনখনৰ বিপক্ষত আছে। বিজেপি দলে অসম চুক্তি আখৰে আখৰে পালন কৰাৰ যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল, এই আইনখন তাৰ সম্পূৰ্ণ পৰিপন্থী। যিহেতু ২০১৯ চনৰ ৩১ আগষ্টত অসমৰ ৰাইজে ১৯৭১ চনৰ আধাৰত বহু অপেক্ষাৰ অন্তত NRC খন পাইছিল আৰু তাত যিসকলৰ নাম অন্তৰ্ভুক্ত হোৱা নাছিল, সেইসকলে বিদেশী ন্যায়াধিকৰণৰ জৰিয়তে নিজৰ নিজৰ গোচৰ ৰুজু কৰি ওজৰ আপত্তি দৰ্শাবলৈ উচ্চতম ন্যায়ালয়ে সুযোগ দিছিল।

তেনে ক্ষেত্ৰত ইয়াক অগ্ৰাহ্য কৰি আওপকীয়াকৈ নাগৰিকত্ব প্ৰদান কৰাৰ যি প্ৰয়াস চৰকাৰে কৰিছে, সেয়া দুৰ্ভাগ্যজনক। ইতিমধ্যে ইয়াৰ বাবে বহুতো ন্যায়াধীশ তথা কৰ্মচাৰী ও নিযুক্ত কৰা হ’ল। গতিকে NRC খন গ্ৰহণ কৰি এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ দেৱব্ৰত শইকীয়াই চৰকাৰক দাবী জনাইছোঁ।

যিহেতু NRC ৰ অধীনত ১৯৭১ চনৰ আগত অহা লোক সকলে নাগৰিকত্ব পাব, গতিকে অসমত NIC ( National Identity Card) প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলিও শইকীয়াই দাবী উত্থাপন কৰে।

যদি চৰকাৰে এতিয়া “Long Term VISA”ৰ আধাৰত অসমত নতুনকৈ নাগৰিকত্ব প্ৰদান কৰাৰ ব্যৱস্থা লয়, তেন্তে অসমত ” Inner Line Permit ” জাৰি কৰিব লাগে, নহ’লে অসমৰ খিলঞ্জীয়া নাগৰিক সকল অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰত অসুৰক্ষিত হৈ পৰিব বুলি শইকীয়াই মন্তব্য কৰিছে।