গেৰুৱা সাজ পিন্ধি দলৰ কাৰ্যালয়লৈ অহাৰ ‘শাস্তি’, দলীয় কৰ্মীৰ গণ প্ৰহাৰৰ বলি কংগ্ৰেছ নেতা!

প্রতিনিধিত্বমূলক ফটো।

ৰাজনীতিৰ সৈতে ৰং ওতঃপ্ৰোতভাৱে জড়িত হৈ থকাটো কোনো নতুন কথা নহয়। গেৰুৱা বুলি ক’লে বিজেপিৰ কথাই অনিবাৰ্যভাৱে আহি পৰে। সেইবুলি কংগ্ৰেছ কৰ্মী হৈ যদি গেৰুৱা পিন্ধে, তেন্তে নিৰ্যাতন? তাকো স্বয়ং জিলা সভাপতিৰ হাতত? এনে এক ঘটনাৰ সাক্ষী হ’ল উত্তৰ প্ৰদেশৰ আমেথি।

ঠিক কি ঘটিছিল? অখিলেশ শুক্লা নামৰ কংগ্ৰেছ কৰ্মীজন এসময়ত আমেথিৰ কংগ্ৰেছ সভাপতি আছিল। বৃহস্পতিবাৰে সন্ধিয়া তেওঁ গেৰুৱা কুৰ্তা আৰু বগা পায়জামা পিন্ধি দুৰ্গাপুৰ ৰোডৰ পাৰ্টিৰ কাৰ্যালয়লৈ গৈছিল।

লগতে পঢ়ক: ‘ঘৃণামূলক ভাষণৰ ক্ষেত্ৰত অভিযোগ অবিহনেই ৰাজ্যই দাখিল কৰিব লাগিব গোচৰ’: উচ্চতম ন্যায়ালয়

সেই সময়ত দলৰ সমৰ্থকে তেওঁক বিজেপি সমৰ্থক বুলি ঠাট্টা-মস্কৰা কৰিবলৈ ধৰে। তেওঁলোকৰ অভিযোগ যে অখিলেশে হেনো আগন্তুক পৌৰ নিৰ্বাচনত গেৰুৱা বাহিনীৰ বাবে কাম কৰিব বিচাৰে। ক্ৰমান্বয়ে সংঘাত বাঢ়ি আহে। তেতিয়া জিলা সভাপতি প্ৰদীপ সিংঘল, যুৱ কংগ্ৰেছৰ জিলা সভাপতি শুভম সিঙকে ধৰি বহু লোকে তেওঁক প্ৰহাৰ কৰিবলৈ ধৰে।

লগতে পঢ়ক:  বিজ্ঞানৰ চমৎকাৰ! ৰ’বোটিক বেজীৰ জৰিয়তে মহিলাৰ শৰীৰত শুক্ৰাণু; জন্ম হ’ল দুটি শিশুৰ

শুকুৰবাৰে অখিলেশে আমেথি কোটৱালি থানাত এজাহাৰ দাখিল কৰিছে। শুভমে সমগ্ৰ বিষয়টোক ‘ভিত্তিহীন’ বুলি দাবী কৰিছে। জিলা নেতৃত্বৰ গুৰুত্বপূৰ্ণ পদ নোপোৱাৰ বাবে অখিলেশে এনে অভিযোগ উত্থাপন কৰিছে বুলি দাবী কৰে কংগ্ৰেছ নেতাজনে।