অর্ণব গোস্বামীৰ হোৱাটছ এপ বিতৰ্ক: যুটীয়া সংসদীয় সমিতিৰ তদন্ত বিচাৰিলে কংগ্ৰেছে

Arnab-Goswami-750x375

ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণব গোস্বামীৰ হোৱাটছ এপ চাটিঙৰ প্ৰসংগই এতিয়া দেশত তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

অৰ্ণব গোস্বামীয়ে বিজেপি চৰকাৰৰ বহু সিদ্ধান্তৰ কথা আগতীয়াকৈ গম পাইছিল আৰু সেই কথা তেওঁৰ হোৱাটছ এপ চাটিঙৰ পৰাই স্পষ্ট হোৱা বুলি অভিযোগ উঠিছিল।

এনে অভিযোগৰ মাজতে আজি কংগ্ৰেছে অৰ্ণব গোস্বামীৰ হোৱাটছ এপ চাটিঙৰ বিষয়টো তদন্ত কৰাৰ বাবে যুটীয়া সংসদীয় সমিতি গঠন কৰাৰ দাবী উত্থাপন কৰে।

কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মনীষ তিৱাৰীয়ে এই প্ৰসংগত মন্তব্য কৰি কয় যে যদি বিভিন্ন সংবাদ মাধ্যমত অৰ্ণব গোস্বামীৰ হোৱাটছ এপ চাটিঙৰ বিষয়ে প্ৰকাশিত বাতৰি সমূহ সঁচা হয় তেন্তে এই কথাও সঁচা যে ২০১৯ চনৰ বালাকোটৰ এয়াৰ ষ্ট্ৰাইক আৰু লোকসভা নিৰ্বাচনৰ মাজতো সম্পৰ্ক আছিল।

তেওঁ লগতে কয় যে অৰ্ণব গোস্বামীৰ হোৱাটছ এপৰ পৰা এই কথা স্পষ্ট হৈ পৰিছে যে লোকসভা নিৰ্বাচনত মানুহৰ মন আকৃষ্ট কৰাৰ বাবেই বিজেপি বালাকোটৰ চাৰ্জিকেল ষ্ট্ৰাইক চলাইছিল।

বিজেপিয়ে দলীয় লাভালাভৰ বাবে এনেদৰে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয় এটাক ব্যৱহাৰ কৰাত তেওঁ আশ্বৰ্য প্ৰকাশ কৰে।

তেওঁ সেয়ে অৰ্ণব গোস্বামীৰ হোৱাটছ এপ চাটিঙৰ বিষয়টো তদন্ত কৰিবলৈ যুটীয়া সংসদীয় সমিতি গঠন কৰাৰ দাবী উত্থাপন কৰে।

যুটীয়া সংসদীয় সমিতিৰ দ্বাৰা বিষয়টো তদন্ত কৰোৱালে সকলো কথা স্পষ্ট হৈ পৰিব বুলি তেওঁ কয়।