NORTHEAST NOW (Assamese)

কোভিডৰ বিৰুদ্ধে যুঁজত মুখ্যমন্ত্ৰীক হাত আগবঢ়ালে বিৰোধী দলপতিৰ নেতৃত্বত কংগ্ৰেছ বিধায়িনী দলে

July 6, 2021 6:30 pm · কল্পজ্যোতি শইকীয়া

আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে বিৰোধী কংগ্ৰেছৰ এটা সজাতি দলে।

মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয়ত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত অসম কংগ্ৰেছ বিধায়িনী দলৰ এটা সজাতি দলে তেওঁক সাক্ষাৎ কৰে।

ৰাজ্যত ক’ভিড মহামাৰীক পৰাভুত কৰিবলৈ চলি থকা যুদ্ধত কংগ্ৰেছৰ ফালৰ পৰা দিব পৰা সহযোগ হিচাপে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১০ লাখ টকাৰ এখন চেক বৰঙণি হিচাপে মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰে।

এই সাক্ষাৎ অনুষ্ঠানত শইকীয়াৰ সৈতে উপস্থিত থাকে কংগ্ৰেছ বিধায়িনী দলৰ উপ-দলপতি ৰকিবুল হুছেইন আৰু সন্মানীয় বিধায়কসকল ক্ৰমে ৱাজেদ আলি চৌধুৰী, ৰেকিবুদ্দিন আহমেদ, জাকিৰ হুছেইন শিকদাৰ, ভৰত নৰহ, শিৱামণি বৰা, আব্দুল কালাম ৰচিদ আলম, আব্দুৰ ৰচিদ মণ্ডল, বসন্ত দাস, দিগন্ত বৰ্মন, আফতাব উদ্দিন মোলাহ আৰু ড° আচিফ মহম্মদ নাজাৰে।

আজি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰা প্ৰতিনিধি দলটোৰ কেইবাগৰাকীও নেতা পূৰ্বতে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ সতীৰ্থ থকা হেতুকে এই সুযোগতে সৌহাৰ্দ্যপূৰ্ণ ভাৱ বিনিময়ো কৰে।

Related News