সুৰা-ট্ৰেজেডি : বিধায়ক মৃণাল শইকীয়াক বান্ধি দুছাট দি হ’লেও কথা উলিওৱাৰ আহ্বান ৰূপজ্যোতি কুৰ্মীৰ

উপযুক্ত ঔষধ-পাতি, চিকিৎসক নথকাৰ বাবেই মৃতকৰ সংখ্যা বাঢ়িছে : বিধায়ক ৰূপজ্যোতি কুৰ্মী

ৰাজ্যখনৰ বৃহত্তম সুৰা-ট্ৰেজেডিত ইজনৰ পিছত সিজনকৈ নিহতৰ সংখ্যা নিতৌ বৃদ্ধি পাই থকাৰ মাজতে আক্ৰান্তসকলৰ খবৰ ল’বলৈ যোৱা কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে গুৰুতৰ অভিযোগ আনিছে চিকিৎসাত অৱহেলাৰ। বিধায়কজনৰ মতে, উপযুক্ত ঔষধ-পাতি, চিকিৎসক নথকাৰ বাবেই মৃতকৰ সংখ্যা বাঢ়িছে।

“কেৱল এটা ছেলাইন দি থৈছে, তাৰ বাহিৰে উপযুক্ত চিকিৎসা নাই।”, সংবাদ মাধ্যমৰ আগত অভিযোগ বিধায়কজনৰ। তেওঁৰ আগত এই কথা কৈ চিকিৎসাধীন বহুকেইজনে দুখ প্ৰকাশ কৰা বুলি দাবী কৰে বিধায়কজনে।

বিধায়কজনে সুৰাত ইমান সংখ্যক মানুহৰ মৃত্যু হোৱাৰ পিছতো চৰকাৰে ল’ৰা ধেমালি কৰি থকা বুলি অভিযোগ আনে।

আনহাতে চৰকাৰে তদন্ত ঘোষণা কৰিলেও ‘চৰকাৰৰ ওপৰত আমাৰ আস্থা নাই’ বুলি কৈ ঘটনাৰ চি বি আই তদন্ত দাবী কৰে বিধায়কজনে অভিযোগ কৰি কয় যে ইয়াৰ পূৰ্বে ২০১৬ চনত বিজেপি চৰকাৰ অহাৰ পিছতে একে ধৰণে চুলাইমদ খাই তিনিচুকীয়াৰ তালাপ, মেৰাপানীত আৰু ২০১৮ চনত দৈয়াঙত ২৯জন লোক নিহত হওঁতেও চৰকাৰে তদন্ত কৰাৰ আশ্বাস দিছিল। আছা, আটছাকে, চাহ মজদুৰ সংঘ ধৰি বিভিন্ন দল-সংগঠনে এই ঘটনাৰ সময়ত স্মাৰক পত্ৰ দিছিল। কিন্তু চৰকাৰে একো নকৰিলে।

“চৰকাৰে ল’ৰা-ধেমালি কৰাটো নিবিচাৰো। মানুহৰ জীৱনৰ লগত হেতালি খেলাটো নিবিচাৰো। অসমৰ ৰাইজৰ স্বাৰ্থত চি বি আই তদন্ত কৰাওক”, পূৰ্বৰ তদন্তৰ আশ্বাসলৈ আঙুলিয়াই দি কুৰ্মীয়ে কয়।

ইপিনে চুলাই ট্ৰেজেডিৰ ঘটনাটোক বিৰোধীৰ ষড়যন্ত্ৰ সজাই মূৰ পোলোকা মাৰিব খোজা স্থানীয় বিজেপি বিধায়ক মৃণাল শইকীয়াক উলটি ধৰি ৰূপজ্যোতি কুৰ্মীয়ে কয়, ঘটনাটোৰ আঁৰৰ আচল মানুহ কোন মৃণাল শইকীয়াই জানে। গতিকে তেওঁক থানালৈ আনি সুধিব লাগে। ক’ব নুখুজিলে বান্ধি লৈ দুছাট দি হ’লেও উত্তৰ উলিয়াব লাগে।

“তেখেতক থানালৈ মাতিব লাগে। যদি ক’ব নোৱাৰে, বান্ধি লৈ দুছাট দি হ’লেও সুধিব লাগে কোন আছে এই ঘটনাৰ আঁৰত। সুধিব লাগে আৰু সেইমতে, ধৰিব লাগে। এই ঘটনাটোৰ তেৱেঁ মূল নায়ক।” সংবাদ মাধ্যমৰ আগত ৰূপজ্যোতি কুৰ্মীয়ে কয়।

আনহাতে তেওঁক মৃণাল শইকীয়াৰ সাংগোপাংগই বাধা দিয়া বুলিও কয়। শইকীয়াৰ সাংগোপাংগই তেওঁক কংগ্ৰেছে চাহ বাগিচাৰ শ্ৰমিকৰ বাবে কি কৰিলে বুলি প্ৰশ্ন সোধা বুলি জানিবলৈ দি উত্তৰত কয়, “কংগ্ৰেছৰ দিনত অন্ততঃ এনেকৈ চাহ বাগিচাৰ মানুহ মৰা নাছিল। তৰুণ গগৈৰ নেতৃত্বৰ ১৫টা বছৰত এনে ঘটনা ঘটা নাছিল।”

তেওঁ বিধায়ক মৃণাল শইকীয়াৰ এজন ঘনিষ্ঠ লোকে লালি গুৰৰ ব্যৱসায় নিয়ন্ত্ৰণ কৰে বুলিও অভিযোগ উত্থাপন কৰে। বিধায়কজনৰ মতে সুৰা-দুৰ্ঘটনাৰ কেন্দ্ৰ যোগীবাৰীৰ মানুহেই এই অভিযোগ আনিছে। বিধায়ক মৃণাল শইকীয়াৰ গাৱঁৰ গাতে লাগি আছে এই যোগীবাৰী গাওঁ।