ৰাফেল বিমান ক্ৰয়ৰ অনিয়মৰ জৰিয়তে মোদীয়ে দেশবাসীৰ বিশ্বাসক অৱমাননা কৰিছে : গৌৰৱ গগৈ

Gaurav Gogoi

নাগালেণ্ডত এখন সংবাদমেলৰ সময়ত সাংসদ গৌৰৱ গগৈ।

“ৰাফেল বিমান ক্ৰয়ৰ অনিয়মৰ জৰিয়তে মোদীয়ে দেশবাসীৰ বিশ্বাসক অৱমাননা কৰিছে”, আজি নাগালেণ্ড প্ৰদেশ কংগ্ৰেছ কমিটীয়ে দিয়া এখন সংবাদমেলত এইদৰে কয় অসমৰ কলিয়াবৰ সমষ্টিৰ কংগ্ৰেছী সাংসদ গৌৰৱ গগৈয়ে।

সংবাদমেল সম্বোধন কৰি গৌৰৱ গগৈয়ে কয় উচ্চ দামত আৰু যথাৰ্থ মূল্যায়ন নকৰাকৈয়ে মোদীয়ে একপক্ষীয় সিদ্ধান্তেৰে ফ্ৰান্সৰ পৰা ৩৬খন ৰাফেল বিমান ক্ৰয় কৰিবলৈ লোৱা সিদ্ধান্তটো হ’ল দেশৰ জনতাই তেওঁৰ ওপৰত স্থাপন কৰা বিশ্বাসত প্ৰতাৰণাৰ নামান্তৰ।”

তেওঁ এই লেনদেনত প্ৰধান মন্ত্ৰী মোদী ব্যক্তিগতভাৱে জড়িত হোৱাটোকো তেওঁ সমালোচনা কৰে। এইটোক তেওঁ এটা বৃহৎ কেলেংকাৰি আখ্যা দিয়ে যিটোৰ সৈতে ৰাষ্ট্ৰীয় নিৰাপত্তা জড়িত আছে।

তেওঁ কয় যে এই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে জড়িত এই বৃহৎ চুক্তিৰ পূৰ্বে কোনো প্ৰতিৰক্ষা মন্ত্ৰী বা প্ৰতিৰক্ষা সচিবৰ সৈতে বা কোনো কেবিনেট বৈঠকত আলোচনা কৰা হোৱা নাছিল।

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ পুতেক, ৰাজ্যখনৰ পৰা প্ৰথমবাৰৰ বাবে সাংসদ নিৰ্বাচিত হোৱা গৌৰৱে কয় যে চুক্তিৰ পূৰ্বে ইয়াৰ বাবে প্ৰয়োজনীয় নিৰাপত্তাৰ কেবিনেট কমিটী (Cabinet Committee on Security)ৰ পৰা অনুমোদন লোৱা হোৱা নাছিল।

মূল্য দৰদাম কৰা কমিটীৰ (Price Negotiation Committee) সৈতে আলোচনাকে ধৰি অন্যান্য বহুকেইটা বিধিগত প্ৰক্ৰিয়া এৰি চলিছিল মোদীয়ে।

প্ৰতিখন বিমানৰ পূৰ্বৰ ৫২৬ কোটি টকাৰ পৰা ১৬৭০ কোটি টকালৈ নি মুঠ ৪১,২০৫ কোটি ৰাজহুৱা ধনৰ অপচয় কৰিলে মোদীয়ে। তেওঁ ইয়াক বৃহৎ কেলেংকাৰি আখ্যা দিয়ে।

উল্লেখযোগ্য যে এই ৰাফেল বিমান ক্ৰয়ৰ প্ৰক্ৰিয়াটো ২০১২ চনতে কংগ্ৰেছে আৰম্ভ কৰিছিল। তেতিয়া প্ৰতিখন বিমানৰ মূল্য ৫২৬.১০ কোটি টকাকৈ ধাৰ্য্য কৰা হৈছিল। এই চুক্তিৰ অন্তৰ্ভুক্ত ১২৬খন বিমানৰ ৩৬খন বিমান সম্পূৰ্ণ অৱস্থাত আৰু বাকীকেইখন ভাৰতৰ হিন্দুস্তান এৰ’নাটিকছ লিমিটেডৰ দ্বাৰা ফ্ৰান্সে ভাৰততে নিৰ্মাণ কৰাৰ কথা আছিল। এই ৩৬খনত সেই হিচাপত দাম পৰিলহেঁতেন ১৮,৯৪০ কোটি টকা। কিন্তু এতিয়াৰ চুক্তিমতে, ৩৬খনত দাম পৰিব ৬০১৪৫ কোটি টকা।