• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্ত বিড়াল তপস্বী, বিজেপিৰ কান্ধুলী মাছ; আৰু কি ক’লে প্ৰদ্যুত বৰদলৈয়ে?

‘নতুন আঁচনি লোৱাৰ পূৰ্বে চাৰিবছৰে ঘোষণা কৰা প্ৰায় ৫০০ আঁচনিৰ খতিয়ান দাঙি ধৰক’ হিমন্তক প্ৰত্যাহ্বান প্ৰদ্যুতৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 13, 2020 6:05 pm
Pradyut VS HImanta
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি বিজেপি দলৰ কাম-কাজৰ বিশ্লেষণ কৰিবলৈ গৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিড়াল তপস্বী আখ্যা দিয়াৰ লগতে বিজেপিৰ কান্ধুলী মাছ আখ্যা দিয়ে নগাওঁৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ে।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বিড়াল তপস্বী আখ্যা দিয়াৰ কাৰণ বাখ্যা কৰি সাংসদ বৰদলৈয়ে কয়, ‘আমি জানো তেওঁ এজন বিড়াল তপস্বী। প্ৰতিটো ক্ষেত্ৰতে যেনেকৈ অসম চুক্তিৰ ষষ্ঠ দফাক লৈ ভুৱা প্ৰতিশ্ৰুতি দি আহি অসমৰ মানুহক বুৰ্বক বনাই আহিছিল।‘

তেওঁ আৰু কয়, ‘চাৰিটা বছৰত প্ৰায় ৫০০ ৰ ওচৰা-ওচৰি আঁচনি ঘোষণা কৰিলে। প্ৰত্যেকখন আঁচনি ঘোষণা কৰাৰ সময়ত বিড়াল তপস্বীয়ে যিদৰে ভেকচন ধৰে, ঠিক সেইদৰে গীতা-উপনিষদ শাস্ত্ৰৰ শ্লোক পঢ়ি পঢ়ি সাত্ত্বিকতাৰ পৰিচয় দি আঁচনিবিলাক ঘোষণা কৰিলে।‘

ইপিনে, অসমৰ বিত্ত মন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই ২০১৬ চনৰ পৰা প্ৰতিবছৰেই বাজেট দাখিলৰ সময়ত প্ৰতিবাৰেই বেলেগ পোছাক পৰিধান কৰি আহিছে বুলি উল্লেখ কৰি লগতে কয়, ‘কেতিয়াবা টাই আহোমৰ পাগুৰি মাৰি আহিলে, কেতিয়াবা সত্ৰাধিকাৰৰ পোছাক পিন্ধি নিজকে সাত্ত্বিক আৰু সত্য নিষ্ঠ সজালে।‘

আনহাতে, উক্ত সংবাদমেলৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মালৈ প্ৰত্যাহ্বান জনাই তেওঁ কয়, ‘এই চাৰি বছৰৰ ৫০০ আঁচনিৰ ৰূপায়ণ কিদৰে ক’ত ক’ত হ’ল তাৰ হিচাপ কিয় দিয়া নাই। এতিয়া আকৌ ১৫ চেপ্তেম্বৰলৈকে প্ৰতি সপ্তাহত এখন এখন আঁচনি দিব বুলি কৈছে। আকৌ আঁচনিৰ পয়োভৰ আৰম্ভ হৈ গ’ল। কিন্তু আগৰ আঁচনি বিলাকৰ কাৰ্য্যকৰী ৰূপায়ণৰ খতিয়ান ক’ত গ’ল? চাৰিবছৰে ঘোষণা কৰা প্ৰায় ৫০০ আঁচনিৰ খতিয়ান দাঙি ধৰক।’

তেওঁ লগতে কয়, ‘অসমৰ মানুহৰ জনাৰ অধিকাৰ আছে বিভিন্ন সময়ত বিভিন্ন ৰূপ লৈ ৫০০ আঁচনি যে ঘোষণা কৰিলে সেই আঁচনিৰ খতিয়ান দাঙি ধৰক তাৰ পাছত ১৫ চেপ্তেম্বৰলৈকে নতুন আঁচনি হাতত লওঁক’।

ইপিনে, উক্ত সংবাদমেলতে হিমন্ত বিশ্ব শৰ্মাক বিজেপিৰ কান্ধুলী মাছ আখ্যা দি তেওঁ লগতে কয়, ‘কা বিৰোধী আন্দোলনে ব্যাপক ৰূপ লোৱাৰ সময়ত কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে এনেদৰেও কৈছিল যে কমিটিয়ে দাখিল কৰা প্ৰতিবেদনখন দাড়ি-কমা সলনি নকৰাকৈ পোনে পোনে তপতে তপতে ৰূপায়ণ কৰিব। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো কথাই প্ৰতি অমিত শ্বাহৰ কথাটোৱে কৈ গ’ল।‘

‘কা আন্দোলনৰ ফাটি ফুটি যোৱা ক্ষোভ প্ৰশমন কৰিবলৈ বিজেপিয়ে ক’লে যে অসম চুক্তিৰ ৬ নং দফা তেওঁলোকে ৰূপায়ণ কৰিব। অসমৰ মানুহো তেওঁলোকৰ কথাত আশ্বস্ত হ’ল। কিন্তু তেওঁলোকৰ আচল স্বৰূপটো ওলালে যেতিয়া বিপ্লৱ শৰ্মাৰ উচ্চস্তৰীয় কমিটিয়ে হাতত প্ৰতিবেদন লৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰীক সাক্ষাৎ কৰিবলৈ বোন্দাপৰ দি থাকিবলগীয়া হ’ল কিন্তু সাক্ষাতেই নকৰিলে।‘ বৰদলৈয়ে লগতে কয়।

পাছত মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰিলে আৰু প্ৰতিবেদনখন প্ৰদান কৰিলে যদিও অসমৰ ৰাইজৰ আগত প্ৰতিবেদনখনত কি আছিল সেই কথা ৰাজহুৱা কৰাটো প্ৰয়োজনীয় আছিল বুলি বৰদলৈয়ে দাবী কৰে।

ইপিনে, আছুৰ তিনি নেতৃত্বই প্ৰতিবেদনখন ৰাজহুৱা কৰাৰ পাছত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পূৰ্বৰ সুৰ সলনি হ’ল বুলি দাবী কৰি তেওঁ লগতে কয়, ‘মই কান্ধুলী মাছ বুলি এই কাৰণেই কৈছো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ মানুহক বুজাবৰ বাবে উঠি-পৰি লাগিছিল যে উচ্চস্তৰীয় কমিটিখনেই হ’ল স্বৰ্গলৈ যোৱা ৰাস্তা। কমিটিৰ প্ৰতিবেদনখন সন্দৰ্ভতো অমিত শ্বাহে কোৱা কথাকে তেওঁ আওৰালে।‘

‘এতিয়া তেওঁৰ মুখত বেলেগ মাত ওলাইছে। আছুৱে প্ৰতিবেদন ৰাজহুৱা কৰাৰ পাছতে তেওঁলোকে বিভিন্ন কথা ক’বলৈ আৰম্ভ কৰিছে। এতিয়া এই কমিটিৰ অসমীয়াৰ সংজ্ঞা নিৰূপনৰ বাবে কোনো এক্তিয়াৰ নাই বুলি ক’লে হিমন্ত বিশ্ব শৰ্মাই। আগতে তেওঁ অসমীয়া মানুহক ৰক্ষা কৰাৰ পাশুপাত অস্ত্ৰ বুলি উচ্চস্তৰীয় কমিটিক আখ্যা দিছিল। এতিয়া তেওঁ সুৰ সলালে।‘ হিমন্তক কটাক্ষ কৰি এইদৰে কয় প্ৰদ্যুত বৰদলৈয়ে।

সাংসদ বৰদলৈৰ প্ৰশ্ন ‘যদি প্ৰকৃততে অসমীয়াৰ সংজ্ঞা বিধানসভাত গ্ৰহণ কৰিবই লাগে বুলি ক’ব পাৰিলে, সেই সময়ত কিয় পৰা নাছিল? এতিয়া দীঘলীয়া প্ৰক্ৰিয়াৰ মাজৰে যাব লাগিব বুলি ক’লে গতিকে তেওঁ কান্ধুলী মাছ নহয় কি? এয়া তেওঁলোকৰ ভণ্ডামী নহয় কি? ভণ্ডামীৰ এটা সীমা থকা উচিত।‘

এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শর্মাই সাংসদ প্ৰদ্যুত বৰদলৈৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি কি প্ৰত্যুত্তৰ দিয়ে সেয়া লক্ষণীয় হ’ব।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd