NORTHEAST NOW (Assamese)

কৰ’নাত আক্ৰান্ত হৈ কংগ্ৰেছ সাংসদৰ মৃত্যু

August 29, 2020 6:46 am · এন ই নাও নিউজ
সাংসদ হৰিকৃষ্ণন বসন্ত কুমাৰ। ফাইল ফটো

কৰ’নাত আক্ৰান্ত হৈ মৃত্যুক সাৱটি ল’লে তামিলনাডুৰ এগৰাকী কংগ্ৰেছ সাংসদে। এয়া প্ৰথমবাৰৰ বাবে ভাৰতত এগৰাকী সাংসদৰ কৰ’নাত মৃত্যু হ’ল।

শুকুৰবাৰে কন্যাকুমাৰীৰ সাংসদ হৰিকৃষ্ণন বসন্তকুমাৰৰ কৰ’না আক্ৰান্ত হৈ মৃত্যু হয়। যোৱা ১০ আগষ্টৰ পৰা সাংসদ গৰাকী চেন্নাইৰ এখন ব্যক্তিগত হাস্পাতলত ভৰ্তি হৈ আছিল।

চেন্নাইৰ এপ’ল হাস্পাতলত চিকিৎসাধীন হৈ থকা ৭০ বছৰীয়া সাংসদ বসন্ত কুমাৰ কোভিডত আক্ৰান্ত হোৱাৰ লগতে নিউম’নিয়াতো ভূগিছিল।

শাৰীৰিক অৱস্থাৰ অধিক অৱনতি ঘটাৰ পাছত সাংসদ গৰাকীক ভেন্টিলেটৰ ছাপোৰ্ট ৰখা হৈছিল।

হৰিকৃষ্ণন বসন্ত কুমাৰ পূৰ্বে দুবাৰ বিধায়ক হিচাপেও নিৰ্বাচিত হৈছিল। তদুপৰি, তেওঁ তামিলনাডু কংগ্ৰেছৰ কাৰ্যবাহী সভাপতিৰ দায়িত্ব চম্ভালিছিল।

এগৰাকী ৰাজনীতিক হোৱাৰ উপৰি বসন্ত কুমাৰৰ চেইন এণ্ড এপ্লায়েন্সেস নামৰ এটা ইলেকট্ৰনিক্স তথা হোম এপ্লায়েন্সৰৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠান আছো। লগতে এটা বিনোদনমূলক চেনেল বসন্ত টিভিৰো গৰাকী আছিল সাংসদগৰাকী।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সাংসদগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

আনহাতে, কংগ্ৰেছৰ শীৰ্ষ নেতাসকলেও সাংসদগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াললৈ সমবেদনা জনাইছে।

Related News