NORTHEAST NOW (Assamese)

মিডিয়াক সন্তুষ্ট কৰিবলৈহে নিমাতীত ক্ষিপ্ৰতা দেখুৱাইছে চৰকাৰে: সাংসদ গৌৰৱ গগৈ

September 14, 2021 4:33 pm ·
Updated: September 14, 2021 9:48 pm

পবিত্ৰ ভাদ মাহত গুৰুজনাৰ চৰণত সেৱা জনোৱাৰ অৰ্থে কলিয়াবৰ সংসদীয় সমষ্টিৰ সাংসদ গৌৰৱ গগৈ মংগলবাৰে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হৈ ভাদমহীয়া পালনামত অংশগ্ৰহণ কৰে।

সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাতত সাংসদগৰাকীয়ে নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনা চৰকাৰৰ হেমাহিৰ ফলতে সংঘটিত হৈছে বুলি মন্তব্য কৰি কেৱল মিডিয়াক সন্তুষ্ট কৰিবলৈহে চৰকাৰখনে কেইগৰাকীমান বিষয়া-কৰ্মচাৰীক নিলম্বন অথবা অনান্য চৰকাৰী নিৰ্দেশনা জাৰি কৰিছে বুলি মন্তব্য কৰে।

ইপিনে, উপ নিৰ্বাচনৰ ক্ষেত্ৰত বিশেষকৈ থাওৰা আৰু মৰিয়নি সমষ্টিত পুনৰ কংগ্ৰেছৰে জয় হ’ব বুলি সদৰি কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

বিজেপি চৰকাৰৰ নিজৰ কৰ্মীৰ ওপৰত আত্মবিশ্বাস নাই বাবে মন্ত্ৰীৰদ্বাৰা বিগত কেইদিনত উক্ত সমষ্টিকেইটাত বিভিন্ন আঁচনিৰ আধাৰশিলা স্থাপন কৰি ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে বুলিও মন্তব্য কৰিছে সাংসদগৰাকীয়ে।

তেওঁ লগতে এতিয়াও কংগ্ৰেছৰ সাংগঠনিক ভেটি সুদৃঢ় হৈ আছে যাৰ বাবে উপ নিৰ্বাচনত কংগ্ৰেছেই জয়ী হ’ব বুলি আশা প্ৰকাশ কৰিছে।

Related News