NORTHEAST NOW (Assamese)

মোদী-শ্বাহৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন সুস্মিতা দেবৰ; কাইলৈ শুনানি

April 29, 2019 2:09 pm · এন ই নাও নিউজ
Updated: April 29, 2019 2:10 pm
শিলচৰৰ কংগ্ৰেছী সাংসদ সুস্মিতা দেব।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ বিৰুদ্ধে শিলচৰৰ কংগ্ৰেছ সাংসদ সুস্মিতা দেবে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ কাইলৈ অৰ্থাৎ ৩০ এপ্ৰিলত শুনানি গ্ৰহণ কৰা হ’ব।

উল্লেখযোগ্য যে যোৱা ২৩ এপ্ৰিলত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনা গুজৰাটত নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ আনি সাংসদগৰাকীয়ে আবেদন দাখিল কৰিছিল।

মঙলবাৰে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰিব।

আনহাতে সাংসদ গৰাকীয়ে নিৰ্বাচন আয়োগক এই সন্দৰ্ভত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছিল যদিও নিৰ্বাচন আয়োগে একো পদক্ষেপ নোলোৱাৰ তেওঁ অভিযোগ আনে।

Related News