বোকাখাতত কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয় লণ্ড-ভণ্ড : সন্দেহৰ আঙুলি অগপ দললৈ

IMG-20181126-WA0003

ফটো : নৰ্থ-ইষ্ট নাও

পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি। ক’ৰবাত যদি প্ৰাৰ্থীক আক্ৰমণ, ক’ৰবাত ভাঙি চিঙি লণ্ড ভণ্ড কৰিছে নিৰ্বাচনী কাৰ্যালয়। ঠিক তেনেদৰে বোকাখাতত এটা নিৰ্বাচনী কাৰ্যালয় ভাঙি-চিঙি লণ্ড ভণ্ড কৰাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

উল্লেখ্য যে দেওবাৰে নিশা বোকাখাত চাহ বাগিচাৰ ৩৭ নং ৰাষ্ট্ৰীয় পথৰ সমীপত ভাৰতীয় জাতীয় কংগ্ৰেছ দলে স্থাপন কৰা পঞ্চায়ত নিৰ্বাচনৰ এটা নিৰ্বাচনী কাৰ্যালয় কোনো অচিনাক্ত দুৰ্বৃত্তই ভাঙি চিঙি লণ্ড-ভণ্ড কৰাক লৈ এতিয়া সমগ্ৰ অঞ্চলটোতে উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে।

নিৰ্বাচনী কাৰ্যালয়টো এনেদৰে নিশা কোনো দুস্কৃতিকাৰীয়ে ভাঙি দিয়া কাৰ্যত ক্ষোভ প্ৰকাশ কৰিছে বোকাখাত ব্লক কংগ্ৰেছে। অসম গণ পৰিষদ দলেহে এনেধৰণৰ কু-কৰ্ম কৰিব পাৰে বুলি বোকাখাত গাঁও পঞ্চায়তৰ সভাপতি পদৰ কংগ্ৰেছ প্ৰাৰ্থী ভাস্কৰ কালিন্দীয়ে প্ৰশ্ন উত্থাপন কৰে। বোকাখাত পঞ্চায়তত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জয় নিশ্চিত হ’ব বুলিয়েই শংকিত হৈ অসম গণ পৰিষদ দলৰ কৰ্মীয়ে এই কাম কৰিছে বুলি তেওঁ জনায়।

অসম গণ পৰিষদ দলে ধনৰ লোভ দেখুৱাই কংগ্ৰেছ কৰ্মীক প্ৰলোভিত কৰাৰ তথ্য কংগ্ৰেছৰ হাতত আছে বুলিও নৰ্থ-ইষ্ট নাওক জনায় ভাস্কৰ কালিন্দীয়ে। ইতিমধ্যে ঘটনাৰ সন্দৰ্ভত কংগ্ৰেছ দলে বোকাখাতৰ নিৰ্বাচনী বিষয়া আৰু বোকাখাত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷

উল্লেখ্য যে বোকাখাত গাঁও পঞ্চায়তৰ অধীনৰ এই অস্থায়ী নিৰ্বাচনী কাৰ্যালয়টো ৩৭ নং ৰাষ্ট্ৰীয় পথৰ সংৰক্ষিত এলেকাত স্থাপন কৰা বুলি ইতিমধ্যেই বোকাখাতৰ মহকুমাধিপতিক বিভিন্ন দলে অভিযোগ দিছিল ৷ যাৰ বাবে এই কাৰ্যালয়টো স্থানান্তৰিত কৰিবৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ বোকাখাত ব্লক কাৰ্যালয়ক অৱগত কৰিছিল নিৰ্বাচনী বিষয়াই।

নিৰ্বাচনী বিধি উলংঘা কৰি সংৰক্ষিত মাটিত স্থাপন কৰা এই নিৰ্বাচনী কাৰ্যালয়টো আজি বোকাখাত প্ৰশাসনে নিজেই উৎখাত কৰাৰ কথা আছিল বুলি নৰ্থ-ইষ্ট নাওক জানিবলৈ দিয়ে বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে।