চামগুৰিৰ বৰমাত ৰকিবুলৰ ফটোসহ কংগ্ৰেছৰ কাৰ্যালয়ৰ সামগ্ৰীত অগ্নি সংযোগ একাংশ দলীয় কৰ্মীৰে

পঞ্চায়ত নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাতে কংগ্ৰেছৰ ভিতৰচ’ৰাত কংগ্ৰেছ দলৰ কৰ্মীৰ মাজত দেখা দিছে ব্যাপক অসন্তুষ্টিয়ে।

আজি নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত বাজিয়াগাঁৱত সন্ধিয়া ৬ মান বজাত গাঁওখনৰ বৰমাত অৱস্থিত কংগ্ৰেছ কাৰ্যালয়ত থকা ৰকিবুলৰ ফটোসহ সকলো সামগ্ৰী বাহিৰলৈ উলিয়াই আনি একাংশ দলীয় কৰ্মীয়ে জুই লগাই ভস্মীভূত কৰা ঘটনাই উক্ত কথাকে প্ৰমাণ কৰিছে।

প্ৰাপ্ত তথ্য মতে  আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ উদ্দেশ্যে ৰাজ্যখনত মনোনয়ন পত্ৰ গ্ৰহণৰ কাম চলি থকাৰ সময়তে প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনৰ সমষ্টিৰ অন্তৰ্ভুক্ত বাজিয়াগাঁও পঞ্চায়তৰ প্ৰত্যাশীত প্ৰাৰ্থীৰ দাবীদাৰ হোৱাৰ পিছতো কংগ্ৰেছৰ টিকট লাভ নকৰিলে।

ফলত ক্ষুভিত কংগ্ৰেছ কৰ্মী সকলে সন্ধিয়া বৰমাত অৱস্থিত কংগ্ৰেছ কাৰ্যাসয়টো লণ্ডভণ্ড কৰি ৰকিবুলৰ ফটোসহ সকলো আচবাব উলিয়াই আনি একাংশ কংগ্ৰেছ কৰ্মীয়ে জুই জ্বলাই ভস্মীভূত কৰি উত্তেজনাৰ সৃষ্টি কৰে।

পিছত ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে বুলি আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা গৈছে।

স্থানীয় লোকৰ পৰা জানিব পৰা মতে ভগামুৰৰ নিবাসী ছাইফুল ইছ্লাম নামৰ লোকজনৰ পৰিয়ালত বাজিয়াগাওঁ পঞ্চায়তৰ সভাপতি পদৰ টিকট নোপোৱাৰ বিপৰীতে বাৰে বাৰে ওচমান নামৰ লোকজনৰ পত্নীয়ে টিকট পোৱাত একাংশ সমৰ্থকে এনে ঘটনা সংঘটিত কৰিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে।