কংগ্ৰেছৰ সভাপতি নিৰ্বাচনত মূল যুঁজ হ’ব মল্লিকাৰ্জুন খাৰ্গে আৰু শশী থাৰুৰৰ মাজত

কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচন কৰ্তৃপক্ষৰ অধ্যক্ষ মধুসূদন মিস্ত্ৰীয়ে ঘোষণা কৰিছে যে কংগ্ৰেছৰ সভাপতি পদৰ বাবে চূড়ান্ত প্ৰতিদ্বন্দিতা মল্লিকাৰ্জুন খাৰ্গে আৰু শশী থাৰুৰৰ মাজতে হ’ব। ঝাৰখণ্ডৰ প্ৰাক্তন মন্ত্ৰী কে এন ত্ৰিপাঠীৰ কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিছিল যদিও তেওঁৰ মনোনয়ন নাকচ হয়।ফলত মল্লিকাৰ্জুন খাৰ্গে আৰু শশী থাৰুৰৰ মাজতে যুঁজ হোৱাটো নিশ্চিত হৈ পৰিল।

তিনিওজনে মনোনয়ন দাখিলৰ অন্তিম দিন শুকুৰবাৰে মনোনয়ন দাখিল কৰিছিল। মধুসূদন মিস্ত্ৰীয়ে দিল্লীত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি কয়, “মনোনয়ন প্ৰক্ৰিয়াত সময়ত মুঠ ২০ খন প্ৰপত্ৰ লাভ কৰা হৈছিল আৰু তাৰে চাৰিখন নাকচ কৰা হৈছে”।

উল্লেখ্য কংগ্ৰেছ সাংসদ শশী থাৰুৰে শনিবাৰে নাগপুৰৰ দীক্ষাভূমি স্মৃতিস্তম্ভ পৰিদৰ্শন কৰি দলৰ সভাপতি নিৰ্বাচনৰ বাবে তেওঁৰ প্ৰচাৰ আৰম্ভ কৰে । ১৯৫৬ চনত ডঃ বি আৰ আম্বেদকাৰে তেওঁৰ অনুগামীসকলৰ সৈতে বৌদ্ধ ধৰ্ম পালন কৰা দীক্ষাভূমিত শনিবাৰে থাৰুৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । এই কথা প্ৰকাশ কৰিছে মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা আশিস দেশমুখে । উল্লেখ্য, দেশমুখেই তিৰুৱন্তপুৰমৰ সাংসদজনৰ উক্ত ভ্ৰমণসূচীৰ আয়োজন কৰিছে।

৬৬ বছৰীয়া থাৰুৰে শুকুৰবাৰে দিল্লীত মনোনয়ন-পত্ৰ দাখিল কৰে । কংগ্ৰেছৰ নতুন সভাপতি বাছনিৰ বাবে ২০ বছৰ পিছত নিৰ্বাচন অনুষ্ঠিত হ’ব। লক্ষণীয়ভাৱে এই নিৰ্বাচনত অন্তৰ্ভুক্ত নাই গান্ধী পৰিয়ালৰ কোনো সদস্য। দুবাৰকৈ লোকসভা নিৰ্বাচনত পৰাজয়ৰ বৰণ কৰাৰ পিছত ৰাহুল গান্ধীয়ে কংগ্ৰেছ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত লোৱাৰ পিছত এনেদৰে নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ কৰা হয়।শশী থাৰুৰৰ লগতে কালি মনোনয়ন পত্ৰ দাখিল কৰিছে মল্লিকাৰ্জুন খাৰ্গেই।