NORTHEAST NOW (Assamese)

প্ৰচাৰৰ বাবে লগোৱা সকলো চৰকাৰী হ’ৰ্ডিং আঁতৰোৱাৰ ব্যৱস্থা কৰক : ৰিপুন বৰা

March 11, 2019 6:48 am · এন ই নাও নিউজ
Updated: March 11, 2019 6:51 am

ভাৰতৰ নিৰ্বাচনী আয়োগে আগন্তুক লোকসভা নির্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে সমগ্র দেশজুৰি কালি বিয়লিৰে পৰা অৰ্থাৎ ১০ মাৰ্চৰ পৰা নিৰ্বাচনী আচৰণ বিধি প্ৰযোজ্য হৈছে।

ফলত অসম প্রদেশ কংগ্রেছ কমিটিৰ সভাপতি ৰিপুণ বৰাই অসমৰ মুখ্য নির্বাচনী বিষয়াক ৰাজ্যখনৰ সৰ্বত্ৰে বিজেপি দলৰ চৰকাৰে ব্যাপক হাৰত দলীয় প্ৰচাৰৰ বাবে চৰকাৰীভাৱে লগোৱা সকলো হ’ৰ্ডিং অনতিপলমে আঁতৰাবলৈ আহ্বান জনাইছে।

লগতে সভাপতিজনে মুখ্য নির্বাচনী বিষয়াজনে নিৰপেক্ষ আৰু কঠোৰভাৱে নিৰ্বাচনী আচৰণ বিধি উলংঘন বিষয়ত দৃষ্টি নিক্ষেপ কৰিব বুলি আশা প্ৰকাশ কৰে। আনহাতে এই সন্দৰ্ভত প্ৰদেশ কংগ্রেছৰ এটা সঁজাতী দলে আজি ৰাজ্যখনৰ মুখ্য নির্বাচনী বিষয়াক সাক্ষাৎ কৰি এখন স্মাৰকপত্র প্ৰদান কৰিব।

Related News