NORTHEAST NOW (Assamese)

অসহায় মুখ্যমন্ত্ৰী; বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজহুৱা পূজা -অৰ্চনাৰে কংগ্ৰেছৰ প্ৰতিবাদ

June 17, 2022 5:49 pm · জাহ্নৱী বৰুৱা,গুৱাহাটী

মুখ্যমন্ত্ৰীৰ ড° হিমন্ত বিশ্ব শৰ্মাই বানপানী ৰোধৰ বাবে ”ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক”, মুখ্যমন্ত্ৰীৰ এই কাতৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বান-বৰষুণৰ কৱলৰ পৰা গুৱাহাটীবাসীক মুক্তি দিয়াৰ প্ৰাৰ্থনাৰে শুক্ৰবাৰে ৰাজহুৱা পূজা অৰ্চনা কৰে অসম প্ৰদেশ কংগ্ৰেছে।

পূজা অৰ্চনাৰ উপৰও নাম প্ৰসংগ পাতে প্ৰদেশ কংগ্ৰেছে। এই ক্ষেত্ৰত অসম প্ৰদেশ কংগ্ৰেছৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে কয় “আমি পূজা অৰ্চনা এই বাবেই কৰিছোঁ কাৰণ আমি ভৰসা কৰিছিলোঁ চৰকাৰৰ ওপৰত। কিন্তু এতিয়া চৰকাৰৰ চলোৱা মুৰব্বী জনেই কৈছে যে শেষ ভৰসা ভগৱানৰ ওপৰত সেয়েহে মুখ্যমন্ত্ৰীৰ প্ৰতি সহাৰি জনায় আমি এই পূজা অৰ্চনা নাম প্ৰসংগ কৰিছো।”

Super Sucker ৰ নামত ৰাজহুৱা ধনৰ শৰাধ কৰিলে , কিন্তু তাৰ সঠিক ব্যৱহাৰ কৰা দেখা পোৱা ন’গল সেয়েহে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো যে মুখ্যমন্ত্ৰী জনে শাস্ত্ৰ ভাগৱত পঢ়ক” তেওঁ লগতে কয়।

Related News