গো সুৰক্ষাৰ কথাতকৈ নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ পদক্ষেপ লওঁক, চৰকাৰক সকিয়ালে কংগ্ৰেছে

congreee

পেট্ৰল,ডিজেল, ৰন্ধন গেছ আদিকে ধৰি নিত্য ব্যৱহাৰ্য সা- সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে বঙাইগাঁও চহৰৰ পাগলাস্থানত কংগ্ৰেছ দলে ৰবষুণৰ মাজতো এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷

বঙাইগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত তথা বঙাইগাঁও পৌৰসভা ব্লক কংগ্ৰেছ আৰু ডাংতল ব্লক কংগ্ৰেছ কমিটিৰ সহযোগত পাগলাস্থানস্থিত তেল ডিপোৰ সন্মুখত ৰূপায়ণ কৰা প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰাসকলে বিভিন্ন প্লেকাৰ্ডলৈ পেট্ৰল – ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰক , নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক ,বিজেপি চৰকাৰ হায় হায় ৰন্ধন গেছৰ মূল্যবৃদ্ধি ৰোধ কৰক আদি বিভিন্ন শ্লোগান দিয়ে ৷

লগতে বিভিন্নজনৰ পৰা মূল্যবৃদ্ধিৰ বিৰুদ্ধে স্বাক্ষৰ সংগ্ৰহ কৰে ৷

ইপিনে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক জ্যোতিৰ্ময় বৈশ্যই কয় যে এফালে ক’ভিড মহামাৰী আনফালে পেট্ৰল- ডিজেলকে ধৰি নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি ৷

এনে অৱস্থাত সাধাৰণ ৰাইজ জীয়াই থকাটো অসম্ভৱ হৈ পৰিছে ৷

ইয়াৰ বিপৰীতে  চৰকাৰে গো সুৰক্ষাৰ কথা কৈ ঢাক-ঢোল বজাই আহিছে ৷

গতিকে বিজেপি চৰকাৰে ঢাক- ঢোল বজোৱা বন্ধ কৰি ৰাইজৰ কথা চিন্তা কৰক ,মূল্যবৃদ্ধি ৰোধ কৰক ৷