NORTHEAST NOW (Assamese)

Congress protests আকাশলংঘী মূল্যবৃদ্ধি, নিবনুৱা সমস্যা ,খাদ্য সামগ্ৰীত জি এছ টিৰ বোজা জাপি দিয়াৰ বিৰুদ্ধে কংগ্ৰেছৰ ৰাজভৱন ঘেৰাও

August 5, 2022 8:06 pm · জাহ্নৱী বৰুৱা,গুৱাহাটী

আকাশলংঘী মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, বানপানী সমস্যা আৰু খাদ্য সামগ্ৰীত জি এছ টিৰ বোজা জাপি দিয়াৰ বিৰুদ্ধে কংগ্ৰেছৰ ৰাজভৱন ঘেৰাও

গুৱাহাটীত ৰাজ্যপালৰ গৃহ অভিমুখে যোৱা বিশাল প্রতিবাদী সমদলক পুলিচৰ বাধা, দুই সহস্রাধিক কংগ্ৰেছ নেতা-কৰ্মীক গ্ৰেপ্তাৰ

২০২২ ক্রমবর্ধমান আকাশলংঘী মূল্যবৃদ্ধি, ভয়াবহ নিবনুৱা সমস্যা, জনজীৱন বিধস্ত কৰা বানপানী সমস্যা সমাধানত চৰকাৰৰ চূড়ান্ত বিফলতা আৰু পৰিকল্পিত ভাৱে দুখীয়া-নিচলা ৰাইজৰ বিৰুদ্ধে গৈ নিত্য ব্যৱহাৰ্য্য খাদ্য সামগ্ৰীত জি এছ টি বলপূর্বক ভাৱে জাপি দিয়াৰ প্ৰতিবাদত শুক্ৰবাৰে অসম প্ৰদেশ কংগ্ৰেছ দলৰ নেতা-কৰ্মীয়ে গুৱাহাটীৰ ৰাজ পথত প্ৰতিবাদী সমদল উলিয়াই উত্তাল পৰিবেশৰ সৃষ্টি কৰে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাৰ নেতৃত্বত আগবঢ়া সমদলে অসমৰ ৰাজ্যপাল গৰাকীৰ বাসভৱন অভিমুখে যাত্ৰা কৰাত প্ৰথমে পুলিচে ৰছি টানি ‘বেৰিকেড’ দিয়াত সমদলকাৰী সকলে সেই ‘বেৰিকেড’ ভাঙি আগবঢ়াত শ শ পুলিচ বাহিনীৰ লোকে পুনৰ লোহাৰ অস্থায়ী জপনা লগাই সমদলটোক বাধা প্ৰদান কৰে।

দ্বিতীয়বাৰৰ বাবেও পুলিচৰ ‘বেৰিকেড’ ভাঙি কংগ্ৰেছৰ নেতা-কৰ্মী ৰাজভৱন অভিমুখে আগুৱাই যোৱাত তৃতীয়বাৰ পুলিচে শক্তিশালী ভাৱে প্ৰতিবাদী সমদলটোৰ অংশগ্ৰহণকাৰী সকলক গ্ৰেপ্তাৰ কৰি একাংশক চোঁচৰাই লৈ যায়।

কেইবাঘন্টা সময় সমদলকাৰী সকলক আটক কৰি ৰখাৰ পাছত মুকলি কৰি দিয়া হয়। সমদলকাৰী সকলৰ সৈতে পুলিচৰ হেতা-ওপৰা লগাত কেইবাগৰাকী প্ৰতিবাদকাৰী আহত হয়।

তাৰ মাজত অসম প্রদেশ কংগ্ৰেছ কমিটীৰ কাৰ্য্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, বিষয়ববীয়া বর্ণালী ফুকন, ত্রিদিব বৰ্মন, হৰি শ‍ইকীয়া, ৰূপা দেউৰী, অনিতা দেৱী, কৃষ্ণা দাস, গীতালী দাসকে ধৰি আৰু কেইবাজনো পুলিচৰ অতিশয্যাত আহত হয়।

প্রতিবাদী সমদলত সভাপতি ভূপেন কুমাৰ বৰাৰ নেতৃত্বত যোগদান কৰা দলৰ জ্যেষ্ঠ নেতৃবৰ্গ হল- বিধায়িনী দলৰ দলপতি দেৱব্ৰত শ‍ইকীয়া, কাৰ্য্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, কমলাক্ষ দে পুৰকায়স্হ, প্রাক্তন সাংসদ আব্দুল হামিদ, মাধৱ ৰাজবংশী, প্ৰাক্তন মন্ত্ৰী শৰৎ বৰকটকী, অকন বৰা, আৰু চালেহ নিজামুদ্দিন, প্ৰণতি ফুকন, ৰাজীৱ লোচন পেগু, বিধায়ক বসন্ত দাস, ৱাজেদ আলী চৌধুৰী, আব্দুল ৰছিদ মণ্ডল, নন্দিতা দাস, শিৱামনি বৰা, আফতাব উদ্দিন মোল্লা, যাদৱ স্বৰ্গীয়াৰী, দিগন্ত বৰ্মন, প্রাক্তন বিধায়ক হিৰণ্য বৰা, এটোৱা মুণ্ডা, ৰ’জলিনা তিৰ্কী,নৃপেন্দ্ৰ ঠাকুৰীয়া, অপূর্ব কুমাৰ ভট্টাচাৰ্য্য, বিপুল গগৈ, ডাঃ জয় প্রকাশ দাস, মীৰা বৰঠাকুৰ গোস্বামী, ৰমান্না বৰুৱা, আনোৱাৰ হুছেইন, কংকন দাস, অৰুণ তিৱাৰী, স্বপন মণ্ডল, ৰফিকুল ইছলাম, ঋতুপৰ্ণ কোঁৱৰ, আব্দুছ ছামাদ, খাইৰুল ইছলাম আদি নেতৃবৰ্গৰ লগতে প্ৰায় দুহেজাৰ নেতা-কৰ্মীয়ে গ্ৰেপ্তাৰ বৰণ কৰে।

সমদলকাৰী সকলক গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ বাবে তেখেত সকলে লৈ যোৱা স্মাৰক পত্ৰ খন তেতিয়াই কাৰো হাতত অৰ্পণ কৰিব নোৱাৰাত পাছত ৰাজ্যপালৰ কাৰ্য্যলয়ে ৩.৩০ বজাত ছজনীয়া প্রতিনিধি দল এটাক সাক্ষাতৰ বাবে সময় নিৰ্দ্ধাৰণ কৰে।

সেই মর্মে জ্যেষ্ঠ কংগ্ৰেছ নেতা প্রাক্তন বিধায়ক হিৰণ্য বৰাৰ নেতৃত্বত বিধায়ক যাদৱ স্বৰ্গীয়াৰী, প্ৰাক্তন মন্ত্ৰী এটোৱা মুণ্ডা, দলৰ সাধাৰণ সম্পাদক বিপুল গগৈ, মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামী আৰু মুখপাত্র ডাঃ জয় প্রকাশ দাসৰ দ্বাৰা গঠিত ছজনীয়া প্রতিনিধি দলে ৰাজ্যপালক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰে।

Related News