• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ ভূমি কেলেংকাৰী নতুন দিল্লী পোৱালেগৈ কংগ্ৰেছে

AICC ৰ নেতৃত্বই তথ্য সহকাৰে সবিস্তাৰে উন্মোচন কৰিলে কেলেংকাৰীৰ তথ্য

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
December 19, 2021 7:52 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“বি জে পি চৰকাৰৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুর্নীতি সম্পৰ্কত কৈছিল- না খাউংগা, না খানে দুংগা, অর্থাৎ নিজেও নাখাওঁ আৰু আনকো খাবলৈ নিদিওঁ। কিন্তু আজি সেই বি জে পিৰে অসমৰ মুখ্যমন্ত্ৰী শ্ৰীহিমন্ত বিশ্ব শৰ্মা এগৰাকী ভূ-মাফিয়াৰ ৰূপত অৱতীৰ্ণ হৈছে আৰু তেওঁ পৰিয়ালৰ সৈতে মিলি দৰিদ্ৰ, ভূমিহীন মানুহৰ মাটি আত্মসাৎ কৰিছে”- এই গুৰুতৰ অভিযোগ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্র সিঙৰ।

তেওঁ কয় যে মুখ্যমন্ত্ৰীজনে আত্মসাৎ কৰা মাটিৰ চৌদিশে বিভিন্ন ডাঙৰ ডাঙৰ উদ্যোগ, প্রকল্প গঢ়াৰ অনুমতি দি এলেকাটোৰ উন্নয়ন সাধন কৰাৰো ব্যৱস্থা লৈছে যাতে তেওঁ নিজে দখল কৰা মাটিৰ মূল্য এশগুণ বৃদ্ধি কৰি ল’ব পৰা যায়। মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিবাৰে অবৈধভাৱে আত্মসাৎ কৰা মাটিৰ মূল্য ১০০ কোটিৰো অধিক হ’ব বুলি উল্লেখ কৰি জিতেন্দ্ৰ সিঙে কয় যে শর্মা অসম মন্ত্রীসভাত এগৰাকী মন্ত্ৰী হৈ থাকোতে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি নিজৰ পৰিবাৰৰ নামত সেই চৰকাৰী মাটি আৱণ্টন কৰোৱাই লৈছিল।

নতুন দিল্লীত আজি নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ জ্যেষ্ঠ মুখপাত্র শ্রীগৌৰৱ বল্লভ, অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰা, লোকসভাত কংগ্ৰেছৰ উপ-দলপতি তথা সাংসদ গৌৰৰ গগৈ আৰু লোকসভাৰ সাংসদ আব্দুল খালেক আৰু কংগ্ৰেছ নেতা প্রণৱ ঝাক কাষত লৈ জনাকীর্ণ সাংবাদিক মেলত সিঙে কয় যে অসমত মুখ্যমন্ত্ৰীজনৰ নেতৃত্বত এতিয়া কেবল এই মাটি আত্মসাতেই নহয়, সর্বত্র এক ‘মাফিয়াৰাজ’ চলি আছে।

প্রতিট্রাক কয়লাৰ পৰা ৪০,০০০ টকাকৈ ‘অসম চৰকাৰ’ৰ নামত অবৈধভাবে সংগ্ৰহ কৰি থকা হৈছে। “অসমলৈ এতিয়া যদি এটা কলমো যায় তাৰ ওপৰত জি এছ টিৰ লগতে এটা “মুখ্যমন্ত্ৰীৰ কৰ” লগাই লুট চলাই থকা হৈছে”- সিঙে কয়। জিতেন্দ্ৰ সিঙে আৰু কয় যে ভ্ৰষ্টাচাৰৰ এটা ঘাটিত পৰিণত হৈছে অসম।

গৌৰৱ বল্লভে ‘চিলিং উদ্বৃত্ত মাটি অবৈধভাৱে আত্মসাৎ কৰাৰ সকলো প্ৰামাণিক তথ্য দাঙি ধৰি সাংবাদিক মেলত কয় যে ‘চিলিং উদ্বৃত্ত’ মাটি চৰকাৰে ভূমিহীন দৰিদ্ৰ পৰিয়ালৰ মাজত কিছুমান নির্দিষ্ট পদ্ধতিৰে বিতৰণ কৰে। আইনত স্পষ্টকৈ লিখা আছে যে এনে মাটি যিসকল দৰিদ্ৰ ভূমিহীন লোকে লাভ কৰিব তেওঁলোকে পৰৱৰ্তী ১০ বছৰলৈ সেই মাটি আন কোনো ব্যক্তিলৈ হস্তান্তৰ কৰিব নোৱাৰিব।

কিন্তু এই সকলো নীতি-নিয়ম উলংঘা কৰি মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিবাৰে এই মাটি হস্তগত কৰিছে। এই কেলেংকাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁৰ পৰিবাৰৰ নামত থকা কোম্পানীটোৰ নাম পিছত সলনি কৰা হৈছে, তেওঁৰ পৰিবাৰে কোম্পানীৰ সঞ্চালকৰ পদৰ পৰা পদত্যাগ কৰা দেখুৱাইছে, ১৮ বছৰ বয়স হোৱাৰ লগে লগে পুত্রক কোম্পানীৰ সঞ্চালক হিচাপে কোম্পানীত অন্তৰ্ভুক্ত কৰা হৈছে আৰু আনকি মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ শাহুৱেককো এই কেলেংকাৰীৰ অংশীদাৰ কৰিছে।

সাংবাদিক মেলত সাংসদ ৰিপুন বৰা, সাংসদ গৌৰৱ গগৈ আৰু সাংসদ আব্দুল খালেকে সবিস্তাৰে

মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ মাটি কেলেংকাৰীৰ তথ্য ৰাজহুৱা কৰি বক্তব্য দাঙি ধৰে। ‘না খাউংগা, না খানে দুংগা’ বুলি কোৱা প্ৰধানমন্ত্রী মোদীয়ে তেওঁৰ দলৰে এজন মুখ্যমন্ত্ৰীয়ে দুখীয়া, ভূমিহীনৰ ভাগৰ মাটি অবৈধভাবে আত্মসাৎ কৰাৰ পিছতো মৌন হৈ থকা কথাক কংগ্ৰেছ দলে ধিক্কাৰ দিছে এই বিষয়ত প্রধানমন্ত্ৰীগৰাকীৰ পৰা এটা স্পষ্টীকৰণ কেউগৰাকী কংগ্ৰেছ নেতাই দাবী কৰিছে।

মুখ্যমন্ত্রী হিমন্তবিশ্ব শৰ্মাই তেওঁ আৰু তেওঁৰ পৰিয়ালৰ মাটি কেলেংকাৰীৰ বাতৰি গাপ দিবলৈ ৰাজ্যখনত হিন্দু-মুছলমানৰ প্ৰসংগ অতি কৌশলেৰে পুনৰ তুলি ধৰিছে আৰু গৰুখুটিৰ উচ্ছেদক ১৯৮৩ চনৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ ‘প্ৰতিশোধ’ বুলি প্ৰচাৰ চলাই জনগণক বিপথে পৰিচালিত কৰিবলৈ অপপ্ৰয়াস কৰিছে।

আনকি মাটি কেলেংকাৰীৰ বাতৰি যাতে স্থানীয় সংবাদ মাধ্যমত প্রকাশ নাপায় তাৰ বাবে সকলো ধৰণৰ ৰাজনৈতিক হেঁচা মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰয়োগ কৰি গণতান্ত্রিক পৰম্পৰা বিপদগ্রস্ত কৰিছে বুলি কংগ্ৰেছৰ আটাইকেইগৰাকী নেতাই সাংবাদিক মেলত মন্তব্য প্ৰকাশ কৰিছে।

কংগ্ৰেছে উচ্চতম ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ দ্বাৰা এই কেলেংকাৰীৰ তদন্ত কৰোৱাবলৈ দাবী জনাইছে আৰু তদন্তৰ কালত শৰ্মাক মুখ্যমন্ত্ৰীৰ পদৰ পৰা অপসাৰিত কৰি ৰাখিবলৈ দাবী তুলিছে।

দুখীয়া ভূমিহীনৰ বাবে থকা মাটি তাৎক্ষণিকভাবে চৰকাৰে ঘূৰাই আনি প্রকৃত ভূমিহীনৰ মাজত বিতৰণ কৰিব লাগে আৰু কেলেংকাৰীত দোষী সাব্যস্ত হোৱা ব্যক্তিক কঠোর শাস্তি প্রদান কৰিবলৈ কংগ্ৰেছ দলে দাবী জনাইছে।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd