৭৬ সংখ্যক স্বাধীনতা দিবস উপলক্ষ্যে আজি অসম প্রদেশ কংগ্ৰেছ কমিটীয়ে ৰাজীৱ ভৱনত আয়োজন কৰা কাৰ্যসূচীত হেজাৰ হেজাৰ লোকৰ উপস্থিতিত দলৰ সভাপতি ভূপেন কুমাৰ বৰাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।
ইয়াৰ পিছতে ৰাজীৱ ভৱনৰ পৰা দিছপুৰস্থিত মানৱেন্দ্ৰ শৰ্মা চৌহদলৈকে প্রায় দহ সহস্রাধিক কংগ্ৰেছ নেতা-কৰ্মী আৰু ৰাইজে পদযাত্ৰা কৰি মহানগৰত এক অভূতপূৰ্ব পৰিবেশৰ সৃষ্টি কৰে।
হাতে হাতে ত্ৰিৰংগা পতাকা লৈ দলৰ শীৰ্ষ নেতাসকলৰ লগতে হেজাৰ হেজাৰ কৰ্মীয়ে দেশপ্রেমমূলক গীতৰ তালে তালে ‘বন্দে মাতৰম’ ‘গান দি পদযাত্ৰাত অংশ লৈ গুৱাহাটীৰ আকাশ বতাহ কঁপাই তোলে।
উল্লেখযোগ্য যে কংগ্ৰেছে সমগ্ৰ ৰাজ্যতে আৰম্ভ কৰা “স্বাধীনতাৰ গৌৰৱময় যাত্ৰা’ৰ আজি আনুষ্ঠানিকভাৱে সামৰণি পৰে। যোৱা সাতদিন ধৰি ৰাজ্যজুৰি হোৱা এই যাত্ৰাত প্রতিখন জিলাতে কেইবা সহস্রাধিক লোকে অংশগ্ৰহণ কৰিছিল।
পুৱা জাতীয় পতাকা উত্তোলন কৰি সভাপতি শ্ৰীভূপেন কুমাৰ বৰাই কয় “ৰাইজৰ এই অভূতপূৰ্ব সঁহাৰিয়ে সমগ্ৰ কংগ্ৰেছ কৰ্মীসকলক নতুন প্ৰেৰণা যোগালে।দেশৰ স্বাধীনতা আন্দোলনত কিঞ্চিতো অৰিহণা নথকা, ত্ৰিৰংগা পতাকাৰ বিৰোধ কৰা আৰু স্বাধীনতা আন্দোলনৰ নেতা মহাত্মা গান্ধীৰ হত্যাকাৰীক ‘দেৱতাৰ শাৰীলৈ নিবলৈ অপচেষ্টা কৰা দলটোৰ নেতা-কৰ্মীয়ে আজি স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্ণ অনুষ্ঠান আৰু ৭৬ সংখ্যক স্বাধীনতা দিৱস ধুমধামেৰে পালন কৰিবলৈ লোৱাটোৱে আমাক আনন্দিত কৰিছে আৰু এয়া কংগ্ৰেছৰ নেতৃত্বত হোৱা স্বাধীনতা যুঁজৰ অন্য এক সফলতা বুলি আমি গণ্য কৰিছো।”
“ৰাজ্যজুৰি অনষ্ঠিত হৈ যোৱা ‘স্বাধীনতাৰ গৌৰৱময় যাত্ৰা’ৰ কালত স্বাধীনতা যুঁজত বীৰৰ দৰে প্ৰাণ আহুতি দি শহীদ বৰণ কৰা অসমৰ বৰেণ্য সংগ্রামী সকললৈ শ্ৰদ্ধাঞ্জলি। কংগ্ৰেছৰ প্ৰতিগৰাকী নেতা-কর্মীয়ে গৌৰৱৰোধ কৰিছে” ভূপেন বৰাই লগতে কয়।
আজিৰ পতাকা উত্তোলন আৰু পদযাত্ৰা কাৰ্যসূচীত বৰাৰ উপৰি অংশগ্রহণ কৰিছিল- বিৰোধী দলপতি দেবব্ৰত শইকীয়া, উপ দলপতি ৰকিবুল হুছেইন, সাংসদ গৌৰৱ গগৈ, সাংসদ আব্দুল খালেক, দলৰ কার্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, কোষাধ্যক্ষ তথা প্রাক্তন মন্ত্রী শৰৎ বৰকটকী, ৰেকিবুদ্দিন আহমেদ শিৱামণি বৰা আফটাবুদ্দিন মোল্লা প্রদীপ সৰকাৰ প্ৰমুখ্যে দলৰ সন্মানীয় বিধায়কসকল, প্রাক্তন সাংসদ দ্বিজেন শর্মা, প্রাক্তন সাংসদ বলিন কুলী, প্রাক্তন সাংসদ আব্দুল হামিদ, দলৰ উপ-সভাপতিসকল ক্রমে জয়ন্ত কলিতা ৰাজু প্ৰসাদ শৰ্মা – বালিকা পেণ্ড ৰূপা দেউৰী, ৰামান্না বৰুৱা, বিপুল গগৈ প্ৰমুখ্যে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকসকল, সম্পাদক আৰু যুটীয়া সম্পাদকসকল।
মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামী প্ৰমুখ্যে নেত্ৰীসকল, প্রদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্ত, জ্যেষ্ঠ মুখপাত্র কুশল কুমাৰ শৰ্মা, জ্যেষ্ঠ মুখপাত্র মেহদী আলম বৰা প্ৰমুখ্যে মুখপাত্র আৰু বিভাগীয় কৰ্মকৰ্তাসকল, যুব কংগ্ৰেছৰ সভানেত্রী অংকিতা দত্তসহ বিপুল সংখ্যক যুব কংগ্ৰেছী, সেৱাদলৰ সভাপতি দীপ বায়ন আৰু সেৱাদলৰ এক বৃহৎ নেতা-ক্ৰমীৰ দল, সামাজিক মাধ্যম তথা তথ্য-প্রযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতা প্ৰমুখ্যে কৰ্মকৰ্তাসকল, এন এছ ইউ আইৰ নেতৃবৰ্গ, গুৱাহাটীৰ নিকটৱৰ্তী বিভিন্ন জিলাৰ হেজাৰ হেজাৰ কংগ্ৰেছ কৰ্মীয়ে পতাকা উত্তোলন আৰু পদযাত্ৰাত অংশগ্রহণ কৰিছিল।