• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Congress rally স্বাধীনতা দিৱসত গুৱাহাটী মহানগৰীত ১০ সহস্রাধিক নেতা-কর্মীয়ে মুখৰিত কৰিলে আকাশ-বতাহ

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
August 15, 2022 6:22 pm
269
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৭৬ সংখ্যক স্বাধীনতা দিবস উপলক্ষ্যে আজি অসম প্রদেশ কংগ্ৰেছ কমিটীয়ে ৰাজীৱ ভৱনত আয়োজন কৰা কাৰ্যসূচীত হেজাৰ হেজাৰ লোকৰ উপস্থিতিত দলৰ সভাপতি ভূপেন কুমাৰ বৰাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।

ইয়াৰ পিছতে ৰাজীৱ ভৱনৰ পৰা দিছপুৰস্থিত মানৱেন্দ্ৰ শৰ্মা চৌহদলৈকে প্রায় দহ সহস্রাধিক কংগ্ৰেছ নেতা-কৰ্মী আৰু ৰাইজে পদযাত্ৰা কৰি মহানগৰত এক অভূতপূৰ্ব পৰিবেশৰ সৃষ্টি কৰে।

Apply Now

হাতে হাতে ত্ৰিৰংগা পতাকা লৈ দলৰ শীৰ্ষ নেতাসকলৰ লগতে হেজাৰ হেজাৰ কৰ্মীয়ে দেশপ্রেমমূলক গীতৰ তালে তালে ‘বন্দে মাতৰম’ ‘গান দি পদযাত্ৰাত অংশ লৈ গুৱাহাটীৰ আকাশ বতাহ কঁপাই তোলে।

উল্লেখযোগ্য যে কংগ্ৰেছে সমগ্ৰ ৰাজ্যতে আৰম্ভ কৰা “স্বাধীনতাৰ গৌৰৱময় যাত্ৰা’ৰ আজি আনুষ্ঠানিকভাৱে সামৰণি পৰে। যোৱা সাতদিন ধৰি ৰাজ্যজুৰি হোৱা এই যাত্ৰাত প্রতিখন জিলাতে কেইবা সহস্রাধিক লোকে অংশগ্ৰহণ কৰিছিল।

পুৱা জাতীয় পতাকা উত্তোলন কৰি সভাপতি শ্ৰীভূপেন কুমাৰ বৰাই কয় “ৰাইজৰ এই অভূতপূৰ্ব সঁহাৰিয়ে সমগ্ৰ কংগ্ৰেছ কৰ্মীসকলক নতুন প্ৰেৰণা যোগালে।দেশৰ স্বাধীনতা আন্দোলনত কিঞ্চিতো অৰিহণা নথকা, ত্ৰিৰংগা পতাকাৰ বিৰোধ কৰা আৰু স্বাধীনতা আন্দোলনৰ নেতা মহাত্মা গান্ধীৰ হত্যাকাৰীক ‘দেৱতাৰ শাৰীলৈ নিবলৈ অপচেষ্টা কৰা দলটোৰ নেতা-কৰ্মীয়ে আজি স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্ণ অনুষ্ঠান আৰু ৭৬ সংখ্যক স্বাধীনতা দিৱস ধুমধামেৰে পালন কৰিবলৈ লোৱাটোৱে আমাক আনন্দিত কৰিছে আৰু এয়া কংগ্ৰেছৰ নেতৃত্বত হোৱা স্বাধীনতা যুঁজৰ অন্য এক সফলতা বুলি আমি গণ্য কৰিছো।”

“ৰাজ্যজুৰি অনষ্ঠিত হৈ যোৱা ‘স্বাধীনতাৰ গৌৰৱময় যাত্ৰা’ৰ কালত স্বাধীনতা যুঁজত বীৰৰ দৰে প্ৰাণ আহুতি দি শহীদ বৰণ কৰা অসমৰ বৰেণ্য সংগ্রামী সকললৈ শ্ৰদ্ধাঞ্জলি। কংগ্ৰেছৰ প্ৰতিগৰাকী নেতা-কর্মীয়ে গৌৰৱৰোধ কৰিছে” ভূপেন বৰাই লগতে কয়।

আজিৰ পতাকা উত্তোলন আৰু পদযাত্ৰা কাৰ্যসূচীত বৰাৰ উপৰি অংশগ্রহণ কৰিছিল- বিৰোধী দলপতি দেবব্ৰত শ‍ইকীয়া, উপ দলপতি ৰকিবুল হুছেইন, সাংসদ গৌৰৱ গগৈ, সাংসদ আব্দুল খালেক, দলৰ কার্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, কোষাধ্যক্ষ তথা প্রাক্তন মন্ত্রী শৰৎ বৰকটকী, ৰেকিবুদ্দিন আহমেদ শিৱামণি বৰা আফটাবুদ্দিন মোল্লা প্রদীপ সৰকাৰ প্ৰমুখ্যে দলৰ সন্মানীয় বিধায়কসকল, প্রাক্তন সাংসদ দ্বিজেন শর্মা, প্রাক্তন সাংসদ বলিন কুলী, প্রাক্তন সাংসদ আব্দুল হামিদ, দলৰ উপ-সভাপতিসকল ক্রমে জয়ন্ত কলিতা ৰাজু প্ৰসাদ শৰ্মা – বালিকা পেণ্ড ৰূপা দেউৰী, ৰামান্না বৰুৱা, বিপুল গগৈ প্ৰমুখ্যে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকসকল, সম্পাদক আৰু যুটীয়া সম্পাদকসকল।

মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামী প্ৰমুখ্যে নেত্ৰীসকল, প্রদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষ মনজিৎ মহন্ত, জ্যেষ্ঠ মুখপাত্র কুশল কুমাৰ শৰ্মা, জ্যেষ্ঠ মুখপাত্র মেহদী আলম বৰা প্ৰমুখ্যে মুখপাত্র আৰু বিভাগীয় কৰ্মকৰ্তাসকল, যুব কংগ্ৰেছৰ সভানেত্রী অংকিতা দত্তসহ বিপুল সংখ্যক যুব কংগ্ৰেছী, সেৱাদলৰ সভাপতি দীপ বায়ন আৰু সেৱাদলৰ এক বৃহৎ নেতা-ক্ৰমীৰ দল, সামাজিক মাধ্যম তথা তথ্য-প্রযুক্তি বিভাগৰ অধ্যক্ষ ৰাতুল কলিতা প্ৰমুখ্যে কৰ্মকৰ্তাসকল, এন এছ ইউ আইৰ নেতৃবৰ্গ, গুৱাহাটীৰ নিকটৱৰ্তী বিভিন্ন জিলাৰ হেজাৰ হেজাৰ কংগ্ৰেছ কৰ্মীয়ে পতাকা উত্তোলন আৰু পদযাত্ৰাত অংশগ্রহণ কৰিছিল।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

চিকিৎসালয়ত ভেন্টিলেটৰ বিস্ফোৰণত অগ্নিদগ্ধ হৈ ৩ টি শিশুৰ মৃত্যু; উদ্ধাৰ কৰা কেইবাটিও শিশুৰ অৱস্থাও সংকটজনক

August 24, 2026 9:20 am
দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

দিল্লীত কেন্দ্রীয় মন্ত্রীসকলৰ ঘৰ মেৰামতিত এবছৰতে ব্যয় ৯২.৩৫ কোটি টকা, আগতে কিমান আছিল?

August 24, 2026 8:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am
১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

১০ বছৰত দুগুণ হ’ল খালী পদ, পুনৰ ফাদিল হ’ল বছৰি ২ কোটি চাকৰিৰ জুমলা; আধা কৰ্মচাৰীয়ে ঠিকাভিত্তিক

August 24, 2026 10:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd