আৰ এছ এছক প্ৰশংসা; ২১’ৰ দলৰ মিছন-৮০’ৰ নেতৃত্ব ল’বলৈ সাজু তৰুণ গগৈ

TG-1140x570

গুৱাহাটীত সোমবাৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল। ফটো : য়ু বি

‘আৰ এছ এছৰ নিৰ্বাচনী ৰণনীতি, জনসংযোগ অনুকৰণ কৰিবলগীয়া।‘ সোমবাৰে গুৱাহাটীত এখন সংবাদমেলত এইদৰে কয় প্ৰাক্তন মুখ্য মন্ত্ৰী তৰণ গগৈয়ে।

কংগ্ৰেছে অহা ২০২১ চনৰ বিধানসভা নিৰ্বাচনত অসমৰ ১২৬ খন আসনৰ ভিতৰত ৮০ খন আসনত বিজয়ৰ লক্ষ্য বান্ধি লৈছে আৰু সেইদৰে ৰাইজৰ কাষলৈ যাবলৈ পৰিকল্পনা কৰিছে।

‘’আমি ২০২১’ৰ বাবে ‘মিছন-৮০’ৰ লক্ষ্য স্থিৰ কৰিছো আৰু এতিয়াৰে পৰা সেই লক্ষ্য পূৰণৰ কামত লাগিম। এয়া এক অতি কঠিন প্ৰত্যাহ্বান আৰু সহজ নহয়, কিন্তু আমি তাক গ্ৰহণ কৰিবলৈ সাজু আছো,’’- সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰী গগৈয়ে এইদৰে কয়।

গগৈয়ে লগতে কয় যে ২০২১’ত ক্ষমতালৈ অহাৰ প্ৰধান ৰণকৌশল হ’ব জনসাধাৰণৰ লগত সম্পৰ্ক পুনৰ স্থাপন কৰা আৰু ইয়াৰ বাবে বুথ কমিটিসমূহক শক্তিশালী কৰি গঢ়ি তোলা।

তেওঁ স্বীকাৰ কৰে যে ২০০১ চনৰ পৰা ২০১৬চনলৈকে ক্ষমতাত থকাৰ পাছত দলটো আত্মসন্তুষ্টিত ভূগিছিল।

‘’আমি আৰ এছ এছৰ পৰা ৰাইজৰ সৈতে কেনেদৰে সম্পৰ্ক ৰক্ষা কৰিব লাগে সেয়া শিকিব পাৰো। আমি প্ৰত্যেক ঘৰলৈ যাম আৰু মানুহৰ সমস্যাৰ বিষয়ে বুজ ল’ম আৰু বিজেপি চৰকাৰে দিয়া প্ৰতিশ্ৰুতিসমূহ প্ৰকৃততে লাভ কৰিছেনে নাই সেইটো চাম। আমি গাঁৱত অধিক সময় কটাব লাগিব,’’-গগৈয়ে কয়।

প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে লগতে কয় যে কংগ্ৰেছৰো সেৱা দল, ভাৰত যুৱক সমাজ আৰু আৰ এছ এছৰ দৰে আন সামাজিক সংগঠনৰ বিভিন্ন শাখা আছে যদিও এইবোৰ নিষ্ক্ৰিয় হৈ আছে।

‘’আমি জনসাধাৰণৰ সৈতে আমাৰ তৃণমূল সম্পৰ্ক পুনৰ গঢ়ি তুলিব লাগিব। আমি তেওঁলোকৰ অভাৱ-অভিযোগ শুনিব লাগিব আৰু আমাৰ পৰিকল্পনাৰ কাৰ্যসূচীত তেওঁলোকক জড়িত কৰিব লাগিব। তেতিয়াহ’লে তেওঁলোকে আমাক পুনৰ গ্ৰহণ কৰিব,’’-তেওঁ কয়।

‘মিছন-৮০’ৰ’ লক্ষ্যৰ নেতৃত্বত কোন থাকিব সেই প্ৰশ্নৰ উত্তৰত গগৈয়ে কয়, ‘’ মই সন্মুখৰ পৰা নেতৃত্বৰ দায়িত্ব ল’ম।‘’

গগৈয়ে অভিযোগ কৰে যে বিজেপিয়ে সমগ্ৰ দেশতে ধন আৰু বাহুবলৰ সহায়ত একদলীয় চৰকাৰ গঠনৰ পোষকতা কৰে, কিন্তু ই এক বিপদজনক গণতন্ত্ৰ।