ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰা পৰিয়ালৰ সদস্য আদনান চামিক পদ্মশ্ৰী দিয়াক লৈ চৰকাৰক সমালোচনা কংগ্ৰেছৰ
বলিউদী গায়ক তথা সংগীত শিল্পী আদনান চামিক পদ্মশ্ৰী সন্মান আগবঢ়োৱাত অসন্তুষ্টি প্ৰকাশ কৰি দেওবাৰে কংগ্ৰেছে মোদী চৰকাৰক তীব্ৰ সমালোচনা কৰে।
কিয় অসমত এন আৰ চিৰ জৰিয়তে কাৰ্গিল যুদ্ধৰ সৈনিক মহম্মদ চানাউল্লাহক বিদেশী ঘোষণা কৰা হ’ল আৰু পাকিস্তান এয়াৰ ফ’ৰ্চৰ পাইলটৰ পুত্ৰক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰা হ’ল বুলিও কংগ্ৰেছে প্ৰশ্ন উত্থাপন কৰে।
উল্লেখ্য যে দেশৰ ৭১ সংখ্যক গণতন্ত্ৰ দিৱস উপলক্ষে যোৱা ২৫ জানুৱাৰিত ঘোষণা কৰা ১১৮ গৰাকী পদ্মশ্ৰী সন্মানৰ তালিকাত আদনান চামিৰ নামো অন্তৰ্ভুক্ত আছে।
গৃহ মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তালিকাত আদনান চামিৰ গৃহ চহৰ মহাৰাষ্ট্ৰ বুলি উল্লেখ কৰা হৈছে।
লণ্ডনত জন্মগ্ৰহণ কৰা চামিয়ে ২০১৫ চনত ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন জনাইছিল আৰু ২০১৬ চনত নাগৰিকত্ব লাভ কৰিছিল।
এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক চোকা সমালোচনা কৰি কংগ্ৰেছৰ মুখপাত্ৰ জয়বীৰ চেৰগিলে কয়, ‘কাৰ্গিল যুদ্ধৰ সৈনিক তথা সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়া মহম্মদ চানাউল্লাহক এন আৰ চিৰ জৰিয়তে বিদেশী ঘোষণা কৰা হ’ল আৰু ভাৰতৰ বিৰুদ্ধে যুদ্ধ কৰা পৰিয়ালৰ আদনান চামিক পদ্মশ্ৰীৰে সন্মানিত কৰিব। এয়াই এন আৰ চিৰ যাদু আৰু চৰকাৰী চামচাগিৰী!’
উল্লেখ্য যে আদনান চামিক পদ্মশ্ৰী সন্মান আগবঢ়োৱাক কেন্দ্ৰ কৰি ছ’চিয়েল মিডিয়াত বিভিন্ন লোকে কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰা পৰিলক্ষিত হৈছে।
চনু নিগমৰ দৰে শিল্পীক উপেক্ষা কৰি কিয় আদনান চামিক পদ্মশ্ৰীৰ দৰে দেশৰ সৰ্বোচ্চ অসামৰিক সম্মান প্ৰদান কৰা হ’ল তাক লৈ উত্থাপিত হৈছে বিভিন্ন প্ৰশ্ন।