• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত খাৰুৱা তেলৰ দাম হ্ৰাস পোৱাৰ পাছতো গুৰুত্ব নাই মোদী চৰকাৰৰ : প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ

পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ আচল ৰহস্য কি? বাখ্যা কৰিলে কংগ্ৰেছৰ মুখপাত্ৰ দিলীপ শৰ্মাই

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
May 4, 2022 3:57 pm
208
VIEWS
Share on FacebookShare on Twitter

আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত প্ৰতি বেৰেল খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ পাছতো ভাৰতত পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি হ্ৰাস পোৱা নাই কিয়? ইয়াক লৈ ৰহস্যৰ গোন্ধ পাইছে প্ৰদেশ কংগ্ৰেছে।

প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক মুখপাত্ৰ দিলীপ শৰ্মাই এই সন্দৰ্ভত নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এটা ভিডিঅ’ত কয় “বিজেপি চৰকাৰৰ সপক্ষে যুক্তি দি একাংশই মূল্যবৃদ্ধিৰ ন্যায্যতা দিবলৈ উঠি-পৰি লাগিছে। আজিৰ তাৰিখত আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ প্ৰতি বেৰেলৰ মূল্য যথেষ্ট নিম্নগামী হৈছে। যোৱা ২৭ এপ্ৰিলৰ পৰা এইটো নিম্নগামী হৈ এতিয়া প্ৰায় ৯৫.৬৭ ডলাৰলৈ হ্ৰাস পাইছে। যিসকলে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ বাবে ভাৰততো মূল্যবৃদ্ধি হোৱা বুলি কৈছে এইটো গোকাট মিছা কথা।“

আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত পেট্ৰ’ল ডিজেলৰ মূল্য হ্ৰাস পাওঁতে কেন্দ্ৰীয় চৰকাৰখনৰ মূল্য হ্ৰাস কৰাতো দায়িত্ব আছিল নে নাই বুলি প্ৰশ্ন কৰি শৰ্মাই লগতে কয় “লক্ষ্য কৰিলে দেখা যাব যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে পেট্ৰ’ল-ডিজেলত কিমান শুল্ক লগাই থৈছে? ৰাজ্য চৰকাৰে কিমান ভেট লগাই থৈছে? এইবোৰৰ উপৰিও অন্যান্য কৰ লগ লগাই পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি কৰা হৈছে। আজিৰ তাৰিখত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল মূল্য (Base Price) ৩৯.০৪ টকা। পৰিশোধন তথা পৰিবহন ব্যয় লগ লগাই ৪৮.২৮ টকা প্ৰতি লিটাৰ পেট্ৰ’লত হয়গৈ। কেন্দ্ৰীয় আবকাৰী শুল্ক ভাৰত চৰকাৰে ২৭ শতাংশ (৩২ টকা) লোৱাৰ উপৰিও ৰাজ্য চৰকাৰৰ ভেট, উপকৰ আৰু ডিলাৰৰ কমিছন আছেই। এইবোৰ মিলাই মেলি অসমত প্ৰায় ১০৬ টকাত পেট্ৰল বিক্ৰী কৰা হৈছে”।

পেট্ৰ’ল-ডিজেলৰ ওপৰত ইমানখিনি কৰ লগাই থোৱা চৰকাৰখনে পুঁজিপতি গোষ্ঠীৰ কৰ ৰেহাই দিছে বুলি দাবী কৰি শৰ্মাই লগতে কয় “পুঁজিপতিসকলৰ পৰা কৰ্পোৰেট টেক্সৰ পৰিমাণ হ্ৰাস কৰিলে মোদী চৰকাৰে। পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনত ৩৬ শতাংশ কৰ্পোৰেট টেক্স আছিল যদিও ২০১৪ চনত মোদী চৰকাৰ শাসনলৈ আহি ইয়াৰ পৰিমাণ ২৪.৭ শতাংশলৈ হ্ৰাস কৰিলে। যাৰ ফলত আম্বানী-আদানীৰ দৰে ব্যৱসায়ীয়ে ভাৰতত দ্ৰুতগতিত উন্নতি সাধন কৰিছে। কিন্তু তাৰ বিপৰীতে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ ফলত সাধাৰণ, মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত মানুহ হাৰাশাস্তিৰ সন্মুখীন হৈছে।“
“এই কথাখিনি ক’বলৈ গ’লে একাংশই চৰকাৰখনৰ পক্ষত ৰাওচি জুৰিবলৈ আৰম্ভ কৰে”। শৰ্মাই লগতে কয়।

ইপিনে, ২০০৮ চনত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত প্ৰতি বেৰেল খাৰুৱা তেলৰ দাম ১৩৯.১০ ডলাৰ হৈ থাকোতে ভাৰতত পেট্ৰ’লৰ দাম ৪৫-৪৬ টকা প্ৰতি লিটাৰত আছিল বুলি দাবী কৰে শৰ্মাই। ইয়াৰোপৰি, ২০১২ চনত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত প্ৰতি বেৰেল খাৰুৱা তেলৰ দাম ১১০ ডলাৰ হওঁতে ড০ মনমোহন সিঙ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ৭৩.১৮ টকালৈ বৃদ্ধি কৰিছিল বুলি সদৰী কৰে শৰ্মাই।

পেট্ৰ’লৰ দাম ৭৩.১৮ টকালৈ বৃদ্ধি পোৱাৰ সময়তে তেতিয়াৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশজুৰি পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনাইছিল বুলি উল্লেখ কৰে দিলীপ শৰ্মাই।

“আজি নৰেন্দ্ৰ মোদী নিজে দেশৰ প্ৰধান মন্ত্ৰী হৈয়ো আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত খাৰুৱা তেলৰ মূল্য নিম্নগামী হোৱাৰ পাছতো দেশত পেট্ৰ’ল-ডিজেলৰ দাম নিয়ন্ত্ৰণত গুৰুত্ব আৰোপ কৰা নাই”। প্ৰধানমন্ত্ৰীক কটাক্ষ কৰি শৰ্মাই এইদৰে কয়।

Recent News

কেৰালাৰ উপকূলত ছিংগাপুৰৰ জাহাজত বিস্ফোৰণ! খবৰ পোৱাৰ পিছতে ততাতৈয়াকৈ উপস্থিত হয় ভাৰতীয় যুদ্ধজাহাজ, প্ৰেৰণ কৰা হৈছে নৌসেনাৰ বিমানো

কেৰালাৰ উপকূলত ছিংগাপুৰৰ জাহাজত বিস্ফোৰণ! খবৰ পোৱাৰ পিছতে ততাতৈয়াকৈ উপস্থিত হয় ভাৰতীয় যুদ্ধজাহাজ, প্ৰেৰণ কৰা হৈছে নৌসেনাৰ বিমানো

পুৰীৰ জগন্নাথ মন্দিৰৰ গাতে লাগি থকা এলেকাত সুৰা আৰু মাংস নিষিদ্ধ ঘোষণা ৰাজ্য চৰকাৰৰ

পুৰীৰ জগন্নাথ মন্দিৰৰ গাতে লাগি থকা এলেকাত সুৰা আৰু মাংস নিষিদ্ধ ঘোষণা ৰাজ্য চৰকাৰৰ

আমেৰিকাত প্ৰৱেশ কৰিব নোৱাৰিব ১২ খনকৈ দেশৰ নাগৰিকে : নতুন নীতি ড’নাল্ড ট্ৰাম্পৰ

আমেৰিকাত প্ৰৱেশ কৰিব নোৱাৰিব ১২ খনকৈ দেশৰ নাগৰিকে : নতুন নীতি ড’নাল্ড ট্ৰাম্পৰ

আমেৰিকাৰ পৰা বিতাৰিত ভাৰতীয় ছাত্ৰক বিমান বন্দৰত অকথ্য নিৰ্যাতন

আমেৰিকাৰ পৰা বিতাৰিত ভাৰতীয় ছাত্ৰক বিমান বন্দৰত অকথ্য নিৰ্যাতন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd