‘চিপৰাঙৰ ৰাজনীতি’- ৰে অৰ্ন্তকন্দলত ডুব গৈছে কংগেছ

Congress suffering in their Internal conflict

ৰাজ্যৰ ৰাজনীতিত ক্ৰমাৎ দুৰ্বল হৈ আহিছে কংগ্ৰেছ। দলৰ প্ৰতি লাহে লাহে ভৰসা হেৰুওৱাইছে নেতা-কৰ্মীয়ে।

কংগ্ৰেছৰ কেইবাগৰাকীও ৰথী-মহাৰথীয়ে বিগত বিধানসভা নিৰ্বাচনৰ আগে-পিছে বিজেপিলৈ ধাৱমান হোৱাৰ পিছত আজি দলৰ তৃণমূলৰ কৰ্মীৰ বিৰুদ্ধেও উত্থাপিত হৈছে দলবিৰোধী কাৰ্যত লিপ্ত হোৱাৰ অভিযোগ।

আজি ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা এখন সংবাদ মেলত দলৰ এই অৰ্ন্তকন্দলৰ কথা সদৰী কৰিছে প্ৰদেশ কংগ্ৰেছৰ অনুশাসন তদন্ত কমিটীৰ অধ্যক্ষ ভৰত নৰহে।

সংবাদ মেলত ভৰত নৰহে দিয়া ভাষ্য অনুসৰি যোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ বহু সদস্যই দলৰ মনোনীত পাৰ্থীৰ বিৰোধিতা কৰি বিৰোধী দলৰ পাৰ্থীক সহায় কৰিছিল।

সংবাদ মেলত প্ৰকাশ কৰা বিবৃতি মতে, ৰাজ্যৰ প্ৰায় ১৫ খন জিলাৰ ২১২ গৰাকী কৰ্মীৰ বিৰুদ্ধে এনেদৰে প্ৰত্যক্ষ বা পৰোক্ষ ভাৱে দলবিৰোধী কাৰ্যত লিপ্ত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।

এই অভিযোগ সমূহ ইতিমধ্যে জিলা কংগ্ৰেছ কমিটীসমূহে অসম প্ৰদেশ কংগ্ৰেছৰ ওচৰত দাখিল কৰিছে।

বিবৃতিটোৰ মতে, প্ৰদেশ কংগ্ৰেছে এই অভিযোগ সমূহ পৰীক্ষা কৰিবলৈ এখন তদন্ত কমিটী গঠন কৰি দিছিল। এই কমিটীয়ে উত্থাপিত অভিযোগ সমূহ পৰীক্ষা কৰি অভিযুক্ত সদস্যসমূহৰ বিৰুদ্ধে জাননী প্ৰেৰণ কৰিছে।

অভিযুক্ত কংগ্ৰেছ কৰ্মীসকলে আত্মপক্ষ সমৰ্থন কৰি ১৫ দিনৰ ভিতৰত স্পষ্টীকৰণ দিব লাগিব বুলি জনাইছে অনুশাসন তদন্ত কমিটীৰ অধ্যক্ষ ভৰত নৰহে।