টিকটৰ আশাত দিল্লীত বাহৰ পাতিছে ৰাজ্যৰ একাংশ কংগ্ৰেছী নেতাই

AICC_Delhi

লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইসপ্তাহ মান থকা অৱস্থাত কংগ্ৰেছ দলৰ টিকট প্ৰত্যাশীসকলৰ তৎপৰতা লক্ষণীয় হৈ উঠিছে। প্ৰাৰ্থিত্ব প্ৰত্যাশী বহুতেই দিল্লীত বাহৰ পাতি প্ৰভাৱিত কৰিবলৈ চেষ্টা কৰিছে কেন্দ্ৰীয় নেতৃত্বক।

ইতিমধ্যে ৰাজ্যিক নেতৃত্বই দলটোৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ এখন সম্পাদিত তালিকা (short list) প্ৰস্তুত কৰি উলিয়াইছে বুলি জানিব পৰা গৈছে। এই তালিকাত অন্তৰ্ভুক্ত হৈছে ধুবুৰী আৰু বৰপেটাক বাদ দি আনকেইটা সমষ্টিৰ টিকট প্ৰত্যাশীসকলৰ নাম।

ধুবুৰী সমষ্টিৰ পৰা টিকট বিচাৰি দিল্লীত বাহৰ পতা প্ৰাক্তন মন্ত্ৰী মহিবুল হকে নৰ্থ-ইষ্ট নাওৰ আগত কয়, “মই ধুবুৰীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ আশা কৰিছো। যদি টিকট পাওঁ, নিশ্চিতভাৱেই বদৰুদ্দিন আজমলক হৰুৱাম। হক অসম প্ৰদেশ কংগ্ৰছৰ সাধাৰণ সম্পাদক পদতো আছে। তেওঁ বিজেপিয়ে জনবিৰোধী নীতিৰ বাবে সমষ্টিটোত মুখথেকেচা খাব বুলি দাবী কৰে।

আনহাতে দিল্লীত কেন্দ্ৰীয় নেতৃত্বক প্ৰভাৱিত কৰাৰ চেষ্টা কৰিছে আন এজন নেতা শব্দ ৰাভায়ো। “কংগ্ৰেছে এইবাৰ নিশ্চিতভাৱেই সৰ্বাধিক আসন পাব।” কোকৰাঝাৰ সমষ্টিৰ পৰা টিকট প্ৰত্যাশী ৰাভাই কয়। তেওঁ টিকট পোৱাৰ ক্ষেত্ৰত খুবেই আশাবাদী বুলি কয়।

উল্লেখযোগ্য যে যোৱা ২০১৪ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে ১৪খনৰ মাত্ৰ ৩খন আসনতহে জয়লাভ কৰিছিল। বিজেপিয়ে দখল কৰিছিল ৭খন। এ আই য়ু ডি এফে ৩খনত আৰু এখনত নিৰ্দলীয়ই জয়লাভ কৰিছিল।

দলৰ সূত্ৰৰ পৰা জানিব পৰামতে, কংগ্ৰেছৰ কলিয়াবৰ, শিলচৰ আৰু স্বায়ত্তশাসিত জিলা সমষ্টিৰ বৰ্তমান থকা সাংসদকেইজনকেই টিকট দিয়াটো এক প্ৰকাৰৰ খাটাং। এইকেইটা সমষ্টিত ক্ৰমে গৌৰৱ গগৈ, সুস্মিতা দেব আৰু বীৰেন সিং ইংতি বৰ্তমানৰ সাংসদ।