নিৰ্বাচনী ফলাফলত ধূলিস্যাৎ বিজেপি, কংগ্ৰেছৰ জয়জয়কাৰ, ক’ত?

cong

পঞ্জাৱ, হিমাচল প্ৰদেশৰ পিছত এইবাৰ কৰ্ণাটকতো পৌৰ নিৰ্বাচনত বাৰুকৈয়ে মুখ থেকেচা খালে বিজেপিয়ে।

ৰাজ্য খনৰ শাসনাধিষ্ঠিত দল বিজেপিয়ে আজি ঘোষিত কৰ্ণাটক পৌৰ নিৰ্বাচনৰ ফলাফলত মাত্ৰ এখন পৌৰসভাৰ আসনতে সন্তুষ্ট থাকিবলগীয়া হয়।

ইয়াৰ বিপৰীতে দহ খন পৌৰ সভাৰ ভিতৰত সাত খনতে বিজয় সাৱ্স্ত্য কৰিছে কংগ্ৰেছে।ৰাজ্য খনৰ পৌৰ সভাৰ নিৰ্বাচনত এইবাৰ কংগ্ৰেছে লাভ কৰিছে মুঠ ১১৯ খন আসন।

ইয়াৰ বিপৰীতে বিজেপিয়ে লাভ কৰা আসনৰ সংখ্যা হৈছে মাত্ৰ ৫৬ খন।

আনহাতে জেডিএছে লাভ কৰিছে ৬৭ খন আসন।মাডিকেৰি পৌৰসভাখনত বিজেপিয়ে জয়লাভ কৰিবলৈ সক্ষম হৈছে। আন বহু ৱাৰ্ডতে বিজেপিয়ে অতি দুখ লগা নিৰ্বাচনী ফলাফল লাভ কৰিছে।

কংগ্ৰেছে ৰাজ্য খনৰ দুখন গুৰুত্বপূৰ্ণ পৌৰসভা ক্ৰমে বাল্লাৰী আৰু বিদৰ নিজৰ দখলত ৰাখিবলৈ সক্ষম হৈছে।ভদ্ৰাৱতী আৰু তীৰ্থহালি পৌৰসভাত বিজেপিয়ে কংগ্ৰেছৰ হাতত বহু ভোটৰ ব্যৱধানত পৰাজিত হৈছে।

কৰ্ণাটকত বিজেপিয়ে নানান কূট-কৌশলৰ আশ্ৰয় লৈ চৰকাৰ গঠন কৰা বুলি অভিযোগ উঠি থকাৰ সময়তে আজি ঘোষিত পৌৰ নিৰ্বাচনৰ ফলাফলে বিজেপিৰ প্ৰতি যে ৰাজ্য খনৰ সাধাৰণ জনতাৰ আস্থা নাই তাকেই প্ৰমাণ কৰা বুলি বিভিন্ন মহলত আলোচনা হোৱা পৰিলক্ষিত হৈছে।

ভোটগণনা অন্ত পৰাৰ পিছতে কৰ্ণাটক কংগ্ৰেছৰ সভাপতি শিৱকুমাৰে ৰাজ্যবাসীক ধন্যবাদ জ্ঞাপন কৰি টুইট কৰিছে।

টুইটত বিজেপিয়ে কৃতকৰ্মৰ ফল ভোগ কৰা বুলি তেওঁ মন্তব্য কৰিছে।