• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, June 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুজৰাটৰ পৰা কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে কংগ্ৰেছ সমৰ্থিত বিধায়ক জিগনেশ মেৱানীক

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
April 21, 2022 8:45 am
380
VIEWS
Share on FacebookShare on Twitter

গুজৰাটৰ পৰা কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দলিত সম্প্ৰদায়ৰ  বিধায়ক জিগনেশ মেৱানীক।

গুজৰাটৰ কংগ্ৰেছ সমৰ্থিত নিৰ্দলীয়  বিধায়ক জনৰ বিৰুদ্ধে অসমত ৰুজু হোৱা গোচৰৰ ভিত্তিত যোৱা নিশা ১১.৩০ বজাত গুজৰাটৰ পালনপুৰ চাৰ্কিট হাউছৰ পৰা কোকৰাঝাৰ আৰক্ষীয়ে মেৱানীক গ্ৰেপ্তাৰ কৰে।

আজি  বিধায়কগৰাকীক অসমলৈ অনাৰ সম্ভাৱনা আছে।

কোকৰাঝাৰ আৰক্ষীয়ে বিধায়কগৰাকীক গ্ৰেপ্তাৰ কৰাৰ কাৰণ এতিয়ালৈকে ৰাজহুৱা কৰা নাই যদিও বিধায়কগৰাকীয়ে কিছুদিন পূৰ্বে টুইটাৰত প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবেই তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে বুলি ধাৰণা কৰা হৈছে।

 মেৱানীৰ বিৰুদ্ধে কোকৰাঝাৰ আৰক্ষী থানাত অনুপ কুমাৰ ডে নামৰ লোক জনে অভিযোগ দাখিল কৰিছিল।

জানিব পৰা মতে কোকৰাঝাৰ আৰক্ষীয়ে বিধায়ক মেৱানীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৫০৪, ৫০৬, ১২০(খ), ১৫৩(ক),২৯৫(ক) কে ধৰি আন কেইবাটাও ধাৰাত গোচৰ পঞ্জীয়ন কৰিছে।

 বিধায়ক মেৱানীয়ে মোদীক নাছুৰাম গডছেৰ ভক্ত বুলি উল্লেখ কৰি টুইটাৰত একাধিক টুইট কৰিছিল।

ইয়াৰ পিছতে কোকৰাঝাৰৰ ভৱানীপুৰৰ অনুপ কুমাৰ ডে নামৰ লোক জনে মেৱানীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। উক্ত এজাহাৰৰ ভিত্তিতে কোৰাঝাৰ আৰক্ষীয়ে এটা গোচৰ পঞ্জীয়ন কৰি মেৱানীক যোৱা নিশা গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য ১৮ এপ্ৰিলত মেৱানীয়ে এটা টুইটত মোদীৰ বিৰুদ্ধে মন্তব্য কৰি কৈছিল—”ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘গডছে’ক ঈশ্বৰ হিচাপে উপাসনা কৰে আৰু ২০ এপ্ৰিলত কৰিবলগীয়া গুজৰাট ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীক আবেদন জনাইছো যে হিম্মতনগৰ, খাম্বাট আৰু ভেৰাভালৰ দৰে সাম্প্ৰদায়িক হিংসা সংঘটিত হোৱা অঞ্চলসমূহত শান্তি আৰু সম্প্ৰীতি বজাই ৰখাৰ বাবে ৰাইজক আবেদন জনোৱা উচিত।”

জিগনেশ মেৱানী এজন অধিবক্তাৰ লগতে মানৱাধিকাৰ কৰ্মীও। তেওঁ গুজৰাট বিধানসভাৰ ভাদগাম সমষ্টিৰ পৰা ২০১৭ চনত নিৰ্দলীয় প্ৰাৰ্থী হিচাবে বিজয়ী হৈছিল। তেওঁ এগৰাকী প্ৰাক্তন সাংবাদিকো। ৰাষ্ট্ৰীয় দলিত অধিকাৰ মঞ্চৰ আহ্বায়ক পদতো তেওঁ অধিষ্ঠিত হৈ আছে।

Recent News

বিমানেৰে পাটনাৰ পৰা গুৱাহাটীলৈ সোণম! অপহৰণ, ড্ৰাগছৰ কাহিনীৰে বিভ্ৰান্ত কৰিছে তদন্তকাৰীক

বিমানেৰে পাটনাৰ পৰা গুৱাহাটীলৈ সোণম! অপহৰণ, ড্ৰাগছৰ কাহিনীৰে বিভ্ৰান্ত কৰিছে তদন্তকাৰীক

ইউক্ৰেইনৰ ওপৰত শ শ ড্ৰ’ন নিক্ষেপ ৰাছিয়াৰ! ইখনৰ পিছত সিখনকৈ জ্বলি উঠিছে নগৰবোৰ

ইউক্ৰেইনৰ ওপৰত শ শ ড্ৰ’ন নিক্ষেপ ৰাছিয়াৰ! ইখনৰ পিছত সিখনকৈ জ্বলি উঠিছে নগৰবোৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত জনজাতীয় মানুহৰ মাটিৰ ওপৰত আটাইতকৈ বেছি আক্রমণ হৈছে : ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত জনজাতীয় মানুহৰ মাটিৰ ওপৰত আটাইতকৈ বেছি আক্রমণ হৈছে : ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতি

প*ৰ্ণ চাইটত শিশুৰ অশ্লীল ভিডিঅ’ প্ৰস্তুত আৰু প্ৰচাৰ বাবে গ্ৰেপ্তাৰ এজন অভিযুক্ত

প*ৰ্ণ চাইটত শিশুৰ অশ্লীল ভিডিঅ’ প্ৰস্তুত আৰু প্ৰচাৰ বাবে গ্ৰেপ্তাৰ এজন অভিযুক্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd