• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এইবাৰ কংগ্ৰেছে কাঢ়ি ল’ব এ আই য়ু ডি এফৰ দখলত থকা তিনি সমষ্টি

অনির্বান পাঠক by অনির্বান পাঠক
March 9, 2019 8:20 pm
09-03-19 Guwahati- Tarun Gogoi pmt03

শনিবাৰে সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ। ফটো : য়ু বি

269
VIEWS
Share on FacebookShare on Twitter

এইবাৰ অসমৰ ১৪ টা লোকসভা সমষ্টিৰ ১০ টাতেই জয়লাভৰ আশাৰে নিৰ্বাচনত অৱতীৰ্ণ হ’ব কংগ্ৰেছ। এই সমষ্টি কেইটাৰ ভিতৰতেই সোমাই আছে যোৱা লোকসভা নিৰ্বাচনত এ আই য়ু ডি এফৰ দখললৈ যোৱা তিনি সমষ্টি।

বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই য়ু ডিফে যোৱাবাৰ ধুবুৰী, বৰপেটা আৰু কৰিমগঞ্জ লোকসভা সমষ্টিত জয়লাভ কৰিছিল। ইয়াৰে ধুবুৰীত বদৰুদ্দিন আজমল নিজেই, বৰপেটাত তেওঁৰ ভাতৃ চিৰাজুদ্দিন আজমল আৰু কৰিমগঞ্জত ৰাধেশ্যাম বিশ্বাসে সাংসদ নিৰ্বাচিত হৈছিল।

কিন্তু এই তিনিওটা সমষ্টিক লৈ এইবাৰ কংগ্ৰেছ অধিক তৎপৰ হৈ পৰিছে। এই তৎপৰতাৰ কথা স্বীকাৰ কৰিছে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে।

শনিবাৰে দিচপুৰৰ চৰকাৰী বাসভৱনত এখন সংবাদমেলত প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে কয়, ‘এ আই য়ু ডি এফৰ হাতত থকা তিনিটা সমষ্টি আমি জিকিম বুলি নিশ্চিতভাৱে ধৰি লৈছো।‘

তেওঁ লগতে কয়, ‘এ আই য়ু ডি এফক নাইকীয়া কৰিবই লাগিব। নহ’লে আমাৰেই বিপদ।‘ তৰুণ গগৈয়ে এ আই য়ু ডি এফক নি:শেষ কৰাৰ ক্ষেত্ৰত কিয় ইমান গুৰুত্ব দিছে তাকো সংবাদমেলত ক’লে।

‘এ আই য়ু ডি এফ থাকিলে বিজেপিও থাকিব। দুয়োটা দল আদৰ্শগতভাৱে একেই। এটাই মুছলমানৰ নামত ৰাজনীতি কৰে আৰু আনটোৱে হিন্দুৰ নামত ৰাজনীতি কৰে। বিজেপিয়ে এ আই য়ু ডি এফ থকাটোৱে বিচাৰে’, তৰুণ গগৈয়ে সংবাদমেলত কয়।

প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে লগতে বিজেপিক দুৰ্বল বুলি মন্তব্য কৰি কয় যে বিজেপিয়ে পুনৰ অগপৰ পিছে পিছে ফুৰিব ধৰিছে। অগপৰ পিঠিত উঠি বিজেপিয়ে বৈতৰণী পাৰ হ’ব বিচাৰিছে বুলিও তেওঁ কটাক্ষ কৰে।

তেওঁ লগতে অগপকো সমালোচনা কৰি ‘অগপই বিজেপিৰ ঘৰজোঁৱাই হ’বলৈ গৈ আছে’ বুলিও মন্তব্য কৰে।

একেদৰে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাকো আক্ৰমণৰ লক্ষ্য কৰি ল’লে প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীয়ে। কনৰাড চাংমা নেতৃত্বাধীন নেশ্যনেল পিপ’লচ পাৰ্টিয়ে এইবাৰ অসমত নিৰ্বাচনী তৎপৰতা দেখুৱাৰ পাছত চাংমাৰ ভূমিকাক লৈ গগৈয়ে সন্দেহ প্ৰকাশ কৰে।

তেওঁ কনৰাড চাংমাক বিজেপিৰ ‘বি টিম’ বুলিও অভিহিত কৰি কেৱল ভোট বিভাজনৰ বাবেই এন পি পিয়ে অসমত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বিচাৰিছে বুলিও মন্তব্য কৰে।

Recent News

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

কোহলী বনাম ৰোহিত! এদিনীয়াৰ ৰজা কোন? এবাৰ চকু ফুৰাই চাই লওক

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

মৰ্মান্তিক! বিয়া ঘৰৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাত মৃত্যু একেটা পৰিয়ালৰে ৫ জনৰ

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

গাজা যুদ্ধলৈ আমেৰিকাৰ সমৰ্থনৰ প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ ‘বেন এণ্ড জেৰী’ৰ সহ-প্ৰতিষ্ঠাতা বেন কোহেন

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

টিকটক লাইভৰ মাজতে যুৱতী ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd