বিজেপিৰ আমোলত চলি ‘দুৰ্নীতি, চেণ্ডিকেটৰাজ আৰু বন ধংসক’ মূল ইচ্ছু হিচাপে লৈ ২০২১ চনত নিৰ্বাচনী ৰণত নামিব ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এই কথা প্ৰকাশ কৰিছে।
আজি ৰাজীৱ ভৱনত আয়োজিত এক সংবাদমেলত বৰাই কয়, ‘ৰঞ্জিত দাসে যিমান ৰিপৰ্ট কাৰ্ডৰ কথা কলেও ২১ৰ বিধানসভা নিৰ্বাচনত প্ৰধান ইচ্ছু হ’ব বিজেপিৰ চূড়ান্ত দুৰ্নীতি, চেণ্ডিকেট আৰু বন ধংস। তাত ৰঞ্জিত দাসৰ ৰিপৰ্ট কাৰ্ড তিস্তিব নোৱাৰিব।’
‘২০২১ত বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰে। আমি ১০০+ পাম বুলি নকওঁ আমাৰ মিছন ৮০। দলৰ স্বাৰ্থত নহয় ৰাইজৰ স্বাৰ্থত ৰাজনীতি কৰিম।‘ বৰাৰ মন্তব্য।
সংবাদমেলত দিহিং পাটকাইত চলি থকা কয়লাৰ মুক্ত খনন সন্দৰ্ভত ৰাজ্যৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে বৰাই।
তেওঁ কয়, ‘বিজেপি চৰকাৰৰ নেতৃত্বত বন ধ্বংস যজ্ঞ চলিছে ৰাজ্যত। দিহিং পাটকাই ধংসৰ বাবে দায়ী অসম চৰকাৰ। নিৰ্বাচনী ইস্তাহাৰত ৰাজ্যৰ পৰিৱেশ সংৰক্ষণ কথা কোৱা চৰকাৰে বিপৰীত দিশত অৱস্থান কৰিছে।‘
‘২০০৩ চনত দিহিং পাটকাই খননৰ চুক্তি শেষ হৈছিল। অটল বিহাৰী বাজপেয়িয়ে পুনৰ খননৰ বাবে অনুমতি বিচাৰি অসম চৰকাৰলৈ পত্ৰ লিখিছিল কিন্তু ২০০৩ চনত তৰুণ গগৈ চৰকাৰে অনুমতি দিয়া নাছিল। সেয়ে বাচি আছিল দিহিং পাটকাই অভ্যাৰণ্য। কিন্তু পুনৰ সৰ্বানন্দ চৰকাৰে কেন্দ্ৰৰ সৈতে মিলি ধংস কৰিব বিচাৰিছে।‘ বৰাই কয়।
বিজেপিক সমালোচনা কৰি বৰাই কয় ‘সাপ হৈ খুটে, বেজ হৈ জাৰে বিজেপি চৰকাৰে। অসমবাসীক মূৰ্খ সজাইছে বিজেপিয়ে। লকডাউনৰ সুবিধা লৈ নিশা কয়লা সৰবৰাহ হৈ আছে। জড়িত আছে বহু বিজেপি নেতা। কয়লা চিণ্ডিকেট দূৰ্নীতি ইচ্ছু লৈ ২১ত আমি ৰাইজৰ কাষ চাপিম।‘
প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ নামত চৰম দূৰ্নীতি চলিছে বুলি উল্লেখ কৰি বৰাই আৰু কয়, ‘বিজেপি নেতৃত্বাধীন পঞ্চায়ত তথা নেতা-পালিনেতাই লুটিলে আঁচনিৰ ধন। উপযুক্ত কৃষকে নাপালে আচনিৰ টকা। চৰকাৰে আঁচনিৰ গাইডলাইন নামানি নিৰ্বাচনৰ লক্ষ্যৰে প্ৰায় ১৮০০ কোটি টকা কেলেংকাৰি কৰিলে।‘
অসম প্ৰদেশ কংগ্ৰেছে প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধিৰ চি বি আইৰ তদন্ত বিচাৰিছে বুলি উল্লেখ কৰি বৰাই দূৰ্নীতিত লিপ্তসকলক শাস্তি দিবলৈ মূখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক দাবী জনায়।