DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কংগ্ৰেছৰ বাবে কি হ’ব ২০২১ৰ প্ৰধান নিৰ্বাচনী ইচ্ছু?

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
June 5, 2020 7:23 pm
624
VIEWS
Share on FacebookShare on Twitter

বিজেপিৰ আমোলত চলি ‘দুৰ্নীতি, চেণ্ডিকেটৰাজ আৰু বন ধংসক’ মূল ইচ্ছু হিচাপে লৈ ২০২১ চনত নিৰ্বাচনী ৰণত নামিব ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এই কথা প্ৰকাশ কৰিছে।

আজি ৰাজীৱ ভৱনত আয়োজিত এক সংবাদমেলত বৰাই কয়, ‘ৰঞ্জিত দাসে যিমান ৰিপৰ্ট কাৰ্ডৰ কথা কলেও ২১ৰ বিধানসভা নিৰ্বাচনত প্ৰধান ইচ্ছু হ’ব বিজেপিৰ চূড়ান্ত দুৰ্নীতি, চেণ্ডিকেট আৰু বন ধংস। তাত ৰঞ্জিত দাসৰ ৰিপৰ্ট কাৰ্ড তিস্তিব নোৱাৰিব।’

‘২০২১ত বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰে। আমি ১০০+ পাম বুলি নকওঁ আমাৰ মিছন ৮০। দলৰ স্বাৰ্থত নহয় ৰাইজৰ স্বাৰ্থত ৰাজনীতি কৰিম।‘ বৰাৰ মন্তব্য।

সংবাদমেলত দিহিং পাটকাইত চলি থকা কয়লাৰ মুক্ত খনন সন্দৰ্ভত ৰাজ্যৰ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে বৰাই।

তেওঁ কয়, ‘বিজেপি চৰকাৰৰ নেতৃত্বত বন ধ্বংস যজ্ঞ চলিছে ৰাজ্যত। দিহিং পাটকাই ধংসৰ বাবে দায়ী অসম চৰকাৰ। নিৰ্বাচনী ইস্তাহাৰত ৰাজ্যৰ পৰিৱেশ সংৰক্ষণ কথা কোৱা চৰকাৰে বিপৰীত দিশত অৱস্থান কৰিছে।‘

‘২০০৩ চনত দিহিং পাটকাই খননৰ চুক্তি শেষ হৈছিল। অটল বিহাৰী বাজপেয়িয়ে পুনৰ খননৰ বাবে অনুমতি বিচাৰি অসম চৰকাৰলৈ পত্ৰ লিখিছিল কিন্তু ২০০৩ চনত তৰুণ গগৈ চৰকাৰে অনুমতি দিয়া নাছিল। সেয়ে বাচি আছিল দিহিং পাটকাই অভ্যাৰণ্য। কিন্তু পুনৰ সৰ্বানন্দ চৰকাৰে কেন্দ্ৰৰ সৈতে মিলি ধংস কৰিব বিচাৰিছে।‘ বৰাই কয়।

বিজেপিক সমালোচনা কৰি বৰাই কয় ‘সাপ হৈ খুটে, বেজ হৈ জাৰে বিজেপি চৰকাৰে। অসমবাসীক মূৰ্খ সজাইছে বিজেপিয়ে। লকডাউনৰ সুবিধা লৈ নিশা কয়লা সৰবৰাহ হৈ আছে। জড়িত আছে বহু বিজেপি নেতা। কয়লা চিণ্ডিকেট দূৰ্নীতি ইচ্ছু লৈ ২১ত  আমি ৰাইজৰ কাষ চাপিম।‘

প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ নামত চৰম দূৰ্নীতি চলিছে বুলি উল্লেখ কৰি বৰাই আৰু কয়, ‘বিজেপি নেতৃত্বাধীন পঞ্চায়ত তথা নেতা-পালিনেতাই লুটিলে আঁচনিৰ ধন। উপযুক্ত কৃষকে নাপালে আচনিৰ টকা। চৰকাৰে আঁচনিৰ গাইডলাইন নামানি নিৰ্বাচনৰ লক্ষ্যৰে প্ৰায় ১৮০০ কোটি টকা কেলেংকাৰি কৰিলে।‘

অসম প্ৰদেশ কংগ্ৰেছে প্ৰধান মন্ত্ৰী কৃষক সন্মান নিধিৰ চি বি আইৰ তদন্ত বিচাৰিছে বুলি উল্লেখ কৰি বৰাই দূৰ্নীতিত লিপ্তসকলক শাস্তি দিবলৈ মূখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক দাবী জনায়।

Recent News

pmo on pm cares fund

পিএম কেয়াৰ্ছ ফাণ্ডৰ গৰাকী কোন! উত্তৰ দিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে

Shankar Mishra

জামিন পালে শংকৰে: বিমানত মহিলাৰ ওপৰত প্ৰস্ৰাৱ কৰা শংকৰ মিশ্ৰক জামিন দিল্লী আদালতৰ

AASU

সদৌ অসম ছাত্ৰ সন্থা আৰু প্ৰতিষ্ঠাপক সভাপতিজন

Adani

টোপনি হৰিছে শান্তিলালৰ! হিণ্ডেনবাৰ্গ ধুমহাই বাহিৰ কৰি নিলে তালিকাৰ শীৰ্ষ দহৰ পৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd