কংগ্ৰেছ দলে ১০০ খন আসন লাভ কৰিব, কিন্তু অসমত নহয়, বাংলাদেশতহে পাব : হিমন্ত বিশ্ব

বিটিআৰৰ বাক্সা জিলাৰ তামুলপুৰত কেইবাটাও আঁচনিৰ কামৰ শুভাৰম্ভ

blast

কংগ্ৰেছ দলে ১০০ খন আসন লাভ কৰিব, কিন্তু অসমত নহয়, বাংলাদেশতহে পাব ১০০ খন আসন।এই মন্তব্য কৰিলে অসম চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে।

আজি বিটিচি বাক্সা জিলালৈ  যোৱা হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত ৰিপুন বৰাক কটাক্ষ কৰি কয় যে কংগ্ৰেছে অসমত নহয়, বাংলাদেশতহে পাব ১০০ খন আসন।

হিমন্ত বিশ্ব শৰ্মাই বিটিচি নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত ৰাইজক দিয়া প্ৰতিশ্ৰুতি অনুসৰি আজি বিটিআৰৰ বাক্সা জিলাৰ তামুলপুৰত কেইবাটাও আঁচনিৰ কামৰ শুভাৰম্ভ কৰে।

আজি মন্ত্ৰীগৰাকীয়ে দিনৰ ভাগত তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাত বিটিচি প্ৰধান প্ৰমোদ বড়ো, প্ৰাক্তন সাংসদ বিশ্বজিত দৈমাৰী, মন্ত্ৰী ভৱেশ কলিতা, বিধায়ক ইমানুৱেল মোছাহাৰীৰ লগতে কেইবাগৰাকী বিটিচিৰ কাৰ্যবাহী সদস্য, পাৰিষদ উপস্থিত থাকে আৰু চৰকাৰী আদৰ্শ মহাবিদ্যালয় নিৰ্মাণৰ কামৰ শিলান্যাস কৰে।

তাৰ পিছতে বৰমা-ধমধমা-তামুলপুৰ পথত পাগলদীয়া নদীৰ ওপৰত নিৰ্মাণ হব লগা দলংখনৰো শিলান্যাস কৰে মন্ত্ৰী গৰাকীয়ে।

দলংখনৰ শিলান্যাস কৰি মন্ত্ৰী গৰাকীয়ে জাৰতালুকত এখন সভাত ভাষণ ৰাখে।

তাৰ পৰা পোনে পোনে মন্ত্ৰী গৰাকীয়ে তামুলপুৰ মটঙা চকত উপস্থিত হয়।

মটঙাচকত উপস্থিত হৈ তামুলপুৰ-নাগ্ৰীজুলি-ওদালগুৰি পথটো ৰাইজৰ বাবে মুকলি কৰি দিয়ে।

তামুলপুৰত নিৰ্মাণ হব লগা মেডিকেল কলেজৰ বাবে কচুৱাৰীত উপস্থিত হৈ তেওঁ ভুমি পৰিদৰ্শন কৰে আৰু এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে।

ইপিনে আচনি সমূহৰ শুভাৰম্ভ কৰি মন্ত্ৰী ডঃ শৰ্মাই কয় যে নিৰ্বাচনৰ সময়ত বহু নেতা আৰু দলে বিভিন্ন প্ৰতিশ্ৰুতি প্ৰদান কৰে।

নিৰ্বাচনৰ পিছত এই প্ৰতিশ্ৰুতি সমূহ পালন কৰা মানুহ খুব কম বুলি কলেও ভুল নহয়। আমাৰ মন নিকা আছিল , আমাৰ মন স্পষ্ট আছিল। সেয়েহে বিটিচি নিৰ্বাচনৰ সময়ত আমি ৰাইজক দিয়া প্ৰতিশ্ৰুতি সমূহ আখৰে আখৰে পালন কৰিবলৈ আগবাঢ়িছো।

অহা বিধান সভা নিৰ্বাচনৰ পূৰ্বে বিটিচি অঞ্চলত যিমান পাৰো কাম কাজ কৰিছো বুলি  তেওঁ মন্তব্য কৰে।