অসম বিধানসভাৰ উপাধ্যক্ষ তথা বিজেপিৰ জ্যেষ্ঠ নেতা নুমল মমিনে মঙলবাৰে দৃঢ়তাৰে কয় যে ২০৪৭ চনলৈকে অসমত বিজেপি ক্ষমতাত থাকিব। তেওঁ কংগ্ৰেছক “পচি যোৱা কণী” বুলি অভিহিত কৰি কয় যে আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে সৰ্বাধিক ১৫খন আসনহে লাভ কৰিব পাৰে।
সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মমিনে কয় যে নিৰ্বাচনৰ বাবে বিজেপিৰ স্থল পৰ্যায়ৰ প্ৰস্তুতি অব্যাহত আছে।
‘বিজেপি বছৰত ৩৬৫ দিন কাম কৰা এটা দল। প্ৰতিটো বুথতে আমাৰ কৰ্মীসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন কি বাত শুনি থাকে। ইয়াৰ ফলত বুথ পৰ্যায়ত নূন্যতম স্তৰৰ নিয়োজিততা নিশ্চিত হয়। ইয়াৰ উপৰিও প্ৰতিমাহে মণ্ডল, বুথ, জিলা পৰ্যায়ৰ সভাকে ধৰি সকলো সমষ্টিতে অসংখ্য দলীয় কাৰ্যসূচী অনুষ্ঠিত হয়।’
বিজেপিৰ সাংগঠনিক শক্তিৰ উদাহৰণ দিবলৈ শেহতীয়াকৈ গুৱাহাটীত সকলো পঞ্চায়ত প্ৰতিনিধি আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অংশগ্ৰহণ কৰা এক সমাৱেশৰ ওপৰতো আলোকপাত কৰে।
মমিনে লগতে কয়, ‘যিকোনো সময়তে নিৰ্বাচনৰ বাবে আমি সম্পূৰ্ণৰূপে সাজু হৈ আছো। কংগ্ৰেছ আৰু আঞ্চলিক দলৰ দৰে আন দলসমূহ নিৰ্বাচনৰ মাত্ৰ দুমাহৰ পৰা তিনিমাহ পূৰ্বে সক্ৰিয় হৈ থাকে।
ইয়াৰ উপৰিও মমিনে কংগ্ৰেছৰ শাসনকালত সংঘটিত হোৱা দুৰ্নীতিৰ অভিযোগক লৈও আক্ৰমণ কৰে।
তেওঁ কয়, ‘কংগ্ৰেছৰ কাৰ্যকালত দুৰ্নীতিৰ প্ৰকোপ আছিল। মোডী জী ক্ষমতালৈ অহাৰ পিছৰে পৰা সকলো ডিজিটেলাইজ কৰা হৈছে, আৰু দুৰ্নীতি নূন্যতম কৰা হৈছে। আমাৰ জনসাধাৰণ দুৰ্নীতিৰ বিৰোধী, আৰু বিজেপি কৰ্মীসকল জাতিৰ উন্নয়নৰ বাবে উৎসৰ্গিত।’উত্তৰ-পূর্বাঞ্চলৰ সন্দৰ্ভত মমিনৰ দাবী, ‘কংগ্ৰেছৰ অপশাসনৰ বাবে এই অঞ্চলত কেতিয়াও ক্ষমতালৈ নাহে। কংগ্ৰেছ এটা পচা কণী, কোনে কিনিব? ৰাইজ এতিয়া বিজেপিৰ লগত আছে, যিয়ে উন্নয়ন, শান্তি, আৰু পৰিয়ালৰ অৰ্থনৈতিক উত্থানৰ বাবে থিয় দিছে।”