NORTHEAST NOW (Assamese)

প্ৰাৰ্থিত্ব প্ৰদানত ধনৰ লেনদেনৰ অভিযোগ : বৰপেটা ৰাজীৱ ভৱনত কংগ্ৰেছ কৰ্মীয়ে ওলমালে তলা

November 26, 2018 3:29 pm · পুলেন্দ্ৰ দাস
বৰপেটাৰ ৰাজীৱ ভৱনত তলা ওলোমালে কংগ্ৰেছ কৰ্মীয়ে। ফটো : নৰ্থইষ্ট নাও

প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে ক্ৰমাৎ জুৰুলা কৰিছে প্ৰধান বিৰোধী দল কংগ্ৰেছক। পঞ্চায়ত নিৰ্বাচনত দলটোৱে দলীয় প্ৰাৰ্থিত্ব প্ৰদানত ধনৰ লেনদেন হোৱা বুলি চৰ্চিত হৈ থকাৰ সময়তে আজি তেনে অভিযোগৰ বহি:প্ৰকাশ ঘটিল বৰপেটা জিলা কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনত ৷

বৰপেটা ৰাজীৱ ভৱনত একাংশ কংগ্ৰেছ কৰ্মীয়ে আজি ৰাতিপুৱাৰ পৰাই তলা ওলমাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী শুকুৰ আলী, জিলা কংগ্ৰেছৰ সভাপতি শান্তনু শৰ্মা আৰু আমছুৰ প্ৰাক্তন সভাপতি তথা কংগ্ৰেছ দলৰ বৰ্তমানৰ সাধাৰণ সম্পাদক আব্দুৰ ৰহিম আহমেদে পঞ্চায়ত নিৰ্বাচনত দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ ক্ষেত্ৰত ধনৰ লেনদেন কৰা বুলি অভিযোগ তুলি জিলাখনৰ একাংশ কংগ্ৰেছ কৰ্মীয়ে বৰপেটা চহৰত থকা জিলা কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনত তলা বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰে ৷

পুৱা ৯ বজাৰ পৰা ক্ষুব্ধ কংগ্ৰেছ কৰ্মীসকলে তলা বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত জিলাখনৰ বিভিন্ন প্ৰান্তৰ কংগ্ৰেছ কৰ্মী সকলেও এই তলা বন্ধ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি “শুকুৰ আলী মুৰ্দাবাদ, শান্তনু শৰ্মা মুৰ্দাবাদ, ৰহিম আহমেদ মুৰ্দাবাদ , শান্তনু শৰ্মা আৰু ৰহিম আহমেদক বহিস্কাৰ কৰিব লাগিবই , কংগ্ৰেছত দালালিৰাজ নচলিব” আদি  বিভিন্ন শ্লোগান দি ৰাজীৱ ভৱন উত্তাল কৰি তোলে ৷

তলা বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰাৰ দুই ঘন্টা মান পাছত জিলা কংগ্ৰেছ দলৰ অইন এটা ফৈদ কাৰ্যালয়ত উপস্থিত হৈ কংগ্ৰেছ দলৰ জিলা কাৰ্যালয় ৰাজীৱ ভৱন খুলিবলৈ চেষ্টা চলায় যদিও ক্ষু্ব্ধ কংগ্ৰেছ কৰ্মীসকলে কাৰ্যালয় খোলাত বাধা প্ৰদান কৰে ৷ ইয়াক লৈ কাৰ্যালয় চৌহদত একপ্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

পঞ্চায়ত নিৰ্বাচনত দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰাত ধনৰ লেনদেন হোৱা বুলি সৰ্বত্ৰে চৰ্চিতৰ অভিযোগে দলটোক ক্ষতি কৰিব বুলিও ক্ষুব্ধ কংগ্ৰেছ কৰ্মীসকলে জানিবলৈ দিয়ে ৷

Related News