বহুকেইগৰাকী কোঁচ-ৰাজবংশী নেতাৰ এন পি পিত যোগদান

Conrad Sangma's NPP enters 'Kamatapur' in Assam

গুৱাহাটীত শনিবাৰে এন পি পিৰ সভা।

নাগৰিকত্ব সংশোধনী বিধেয়কবিৰোধী আন্দোলনৰ সময়ত অসমত পাতনি মেলা কনৰাড চাংমা নেতৃত্বাধীন নেচনেল পিপলচ পাৰ্টিয়ে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত দলৰ ভেটি নিৰ্মাণৰ বাবে ইতিমধ্যেই অগ্ৰসৰ হৈছে। লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এন পি পিয়ে “কৰতোৱাৰ পাৰলৈকে” কোঁচ-ৰাজবংশী অধ্যুষিত অঞ্চলসমূহতো দলটোক প্ৰতিষ্ঠাৰ বাবে পদক্ষেপ লৈছে।

সেই উদ্দেশ্যে শনিবাৰে দলটোৱে অল কমতাপুৰ ষ্টুডেন্ট অৰ্গেনাইজেশ্যন, অল কোঁচ-ৰাজবংশী ষ্টুডেন্ট ইউনিয়ন (আক্ৰাছু) আৰু কোঁচ-ৰাজবংশী টে’ৰিটৰিয়েল কাউন্সিলৰ কেইবাজনো নেতাক যোগদান কৰোৱায়। এই অনুষ্ঠানত ভাগ লয় কমতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যন (কে এল অ’)ৰ কেইবাজনো প্ৰাক্তন সদস্যই।

গুৱাহাটীৰ চানমাৰিত অনুষ্ঠিত এই যোগদান অনুষ্ঠানতেই দলটোত আনুষ্ঠানিকভাৱে যোগ দিয়ে কোঁচ-ৰাজবংশী টে’ৰিটৰিয়েল কাউন্সিলৰ সভাপতি ড০ প্ৰণৱজ্যোতি দাস ৰাজবংশীয়ে। ৰাজবংশীৰ উপৰিও ইতিমধ্যেই এন পি পিত যোগ দিয়া কোঁচ-ৰাজবংশী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰাক্তন সভাপতি অভিজিৎ তালুকদাৰৰ উদ্যোগত শনিবাৰে দলটোত যোগ দিয়ে কোঁচ-ৰাজবংশী জনগোষ্ঠীয় সংগঠনকেইটাৰ প্ৰায় ১৫ জন নেতা-কৰ্মীয়ে।

অনুষ্ঠানত এন পি পিৰ নীতি-আদৰ্শ আৰু কাৰ্যপন্থাৰ বুজ ল’বলৈ উপস্থিত থাকে কে এল অ’ৰ প্ৰাক্তন নেতা হৰেশ্বৰ ৰায়, নানু চন্দ্ৰ ৰায় আৰু কনকেশ্বৰ ৰায়।

যোগদান অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি এন পি পিৰ অসম ৰাজ্যিক সমন্বয়ক দিলীপ বৰাই উত্তৰ-পূবৰ সকলো জাতি-জনগোষ্ঠীৰ মানুহৰ মনত সৃষ্টি হোৱা পাৰ্থক্য আঁতৰোৱাটো দলটোৰ এক উদ্দেশ্য হিচাপে অভিহিত কৰে।

‘দেশৰ স্বাধীনতাৰ ৭০ বছৰৰ পাছত আমি যিমান পালো তাতকৈ বেছি হেৰুৱালো। আমি উত্তৰ-পূবৰ জাতি-জনগোষ্ঠীসমূহৰ মাজত মাজৰ সম্পৰ্কত ফাঁট মেলিলে। কিন্তু এন পি পিয়ে সকলো জাতি-জনগোষ্ঠীকে এখন মঞ্চত আনিব বিচাৰো,’ দিলীপ বৰাই কয়।

অনুষ্ঠানটোত দলটোৰ অসম ৰাজ্যিক সহ সমন্বয়ক দিৱস ফুকনে কয় যে এন পি পিয়ে সংখ্যাৰ ওপৰত গুৰুত্ব নিদি অসমৰ গাঁৱে-ভূঞে দলটোক আগুৱাই নিয়াৰ পদক্ষেপ লৈছে। দলটোক কৰতোৱাৰ পাৰলৈকে বিস্তৃত কোঁচ-ৰাজবংশী অধ্যুষিত অঞ্চললৈ আগুৱাই নিয়াটো আজিৰ যোগদান কাৰ্যসূচীয়ে আৰম্ভ কৰিলে বুলি ফুকনে কয়।