ৰক্ষণশীল চৰকাৰে সংবিধানৰ পৰা বাতিল কৰিলে নাৰী সুৰক্ষাৰ শক্তিশালী আইন, ক’ত?

তুৰ্কীয়ে শুকুৰবাৰে নাৰী সুৰক্ষাৰ এখন কঠোৰ আইন বাতিল কৰিছে।

উল্লেখযোগ্য যে নাৰীৰ প্ৰতি হিংসাক বাধা দিবৰ বাবে প্ৰণয়ন কৰা ‘ইনষ্টানবুল কনভেনচন’ৰ পুৰণি আইনখন বিশ্বৰ ভিতৰতে প্ৰথম আছিল।

আইনখনৰ বাতিলকৰণ সম্পৰ্কে চৰকাৰে কোনো কাৰণ প্ৰদৰ্শন কৰা নাই যদিও দেশখনৰ স্বৈৰাচাৰী ৰাষ্ট্ৰপতি ৰিচেপ তায়িপ এৰ্ডগ্ৰানে তেওঁৰ ৰক্ষণশীল আদৰ্শৰ ভিত্তিতে এই সিদ্ধান্ত লোৱা বুলি বহুতে মত প্ৰকাশ কৰিছে।

দেশখনৰ পৰিয়াল, শ্ৰম আৰু সামাজিক ব্যৱস্থাপনা মন্ত্ৰী জেহৰা জুমৰুটে টুইটাৰ যোগে কয় যে দেশখনৰ সংবিধানে নাৰীৰ অধিকাৰৰ নিশ্চিতি প্ৰদান কৰিছে আৰু দেশখনৰ ন্যায়ব্যৱস্থা শক্তিশালী।

তুৰ্কীৰ ৰক্ষণশীল ৰাজনীতিবিদসকলে কয় যে উক্ত আইনখনে পৰিয়ালৰ ঐক্য বিনষ্ট কৰাৰ উপৰিও বিবাহ বিচ্ছেদক উদ্গণি জোগাইছিল।

তদুপৰি আইনখনত উল্লেখ থকা সম অধিকাৰৰ ভিত্তিত তৃতীয় লিংগৰ লোকসকলেও সমাজত নিজৰ অধিকাৰ লাভৰ বাবে ব্যৱহাৰ কৰি আহিছিল, যিটো দেশখনৰ সংস্কৃতি আৰু সামাজিক নীতিৰ বাবে ভাবুকিস্বৰূপ।

আনহাতে, দেশখনৰ বিৰোধী দল ‘ৰিপাব্লিকান পিপলছ পাৰ্টী’য়ে চৰকাৰক ইয়াৰ বাবে সমালোচনা কৰিছে।

বিৰোধী দলটোৱে কয় যে আইনখন বাতিল কৰি দেশখনৰ নাৰীসকলক দ্বিতীয় শ্ৰেণীৰ নাগৰিক কৰিব খোজা হৈছে।

উল্লেখযোগ্য ৰাষ্ট্ৰপতিজনৰ ৰক্ষণশীল দল এ.কে. পাৰ্টিয়ে যোৱা বৰ্ষতে ঘোষণা কৰিছিল যে চৰকাৰে আইনখন বাতিল কৰিবলৈ উলাইছে।

তাৰ পাছতে দেশখনৰ নাৰী সমাজে ৰাজধানী ইষ্টানবুলকে ধৰি অন্যান্য চহৰসমূহত প্ৰতিবাদ সাব্যষ্ট কৰিছিল।

উল্লেখযোগ্য যে ঘৰুৱা হিংসা আৰু নাৰীৰ প্ৰতি হিংসা দেশখনৰ অন্যতম জ্বলন্ত সমস্যা হিচাপে পৰিগণিত হৈ আহিছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, দেশখনৰ ৩৮ শতাংশ মহিলাই জীৱনসংগীৰ পৰা হিংসা আৰু অত্যাচাৰৰ সম্মুখীন হয়।