২৩ অক্টোবৰৰ বন্ধৰ বিৰুদ্ধে ষড়যন্ত্ৰ দুষ্টচক্ৰৰ : প্ৰশাসনে কঠোৰ নিষাধাজ্ঞা দিয়া বুলি ব্যাপক অপপ্ৰচাৰ

অসম বুৰঞ্জীত চৰকাৰে এনেকুৱা ধৰণৰ ভাবুকি দিয়া আমি কেতিয়াও দেখা নাছিলো : তৰুণ গগৈ

AssamBandh

কাইলৈ, অৰ্থাৎ ২৩ অক্টোবৰত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি ৰাজ্যখনৰ ৪৬টা জাতীয়-জনগোষ্ঠীয় সংগঠনে আহ্বান দিয়া অসম বন্ধৰ বিৰুদ্ধে ষড়যন্ত্ৰত নামিছে একাংশ দুষ্টচক্ৰ। ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত এই দুষ্টচক্ৰটোৰ এই ষড়যন্ত্ৰ ফাদিল কৰিলে নৰ্থ-ইষ্ট নাও-এ। এই দুষ্টচক্ৰটোৱে প্ৰচাৰ কৰাৰ দৰে ৰাজ্যৰ প্ৰশাসনে বন্ধৰ বিৰুদ্ধে জিলাৰ উপায়ুক্ত বা আৰক্ষী অধীক্ষকসকললৈ কোনো কঠোৰ নিৰ্দেশনা প্ৰেৰণ কৰা নাই। ৰাজ্যৰ প্ৰশাসনৰ শীৰ্ষ মহলৰ সৈতে নৰ্থ-ইষ্ট নাওৰ সাংবাদিকে এয়া নিশ্চিত কৰিছে।

মন কৰিব লগীয়া যে এই দুষ্টচক্ৰটোৱে হোৱাটছএপ আদিৰ জৰিয়তে বন্ধটো সম্পৰ্কত ইতিপূৰ্বে মিছা খবৰ বিয়পাই দিছে। এই চক্ৰটোৱে বন্ধৰ প্ৰতি সমৰ্থন আগ বঢ়োৱা বা বন্ধ পালন কৰাসকলৰ বিৰুদ্ধে চৰকাৰে কঠোৰ শাস্তিমূলক ব্যৱস্থা ল’বলৈ জিলাৰ উপায়ুক্ত-আৰক্ষী অধীক্ষকলৈ নিৰ্দেশ দিয়া বুলি খবৰ বিয়পাই দিছে। এই অপ প্ৰচাৰে ভুল পথে নিয়া বাবেই কিছু কিছু সংবাদ মাধ্যমতো ইতিমধ্যে এইদৰেই বাতৰিটো পৰিৱেশন কৰা দেখা গৈছে।

কিন্তু নৰ্থ-ইষ্ট নাওৰ ফালৰ পৰা কেইবাজনো শীৰ্ষ পৰ্য্যায়ৰ আমোলা আৰু কেইবাখনো জিলাৰ উপায়ুক্তক খবৰ কৰি জানিব পৰা গৈছে যে তেনে কোনো নিৰ্দেশনা ৰাজ্য প্ৰশাসনৰ তৰফৰ পৰা দিয়া হোৱা নাই। সচৰাচৰ বন্ধৰ আগত চৰকাৰে সাধাৰণভাৱে যি আহ্বান জনায় সেয়াই।

ঘোষিত অসম বন্ধৰ সময়ছোৱাত ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখিলে ট্ৰেইড লাইচেন্স বাতিল কৰা হ’ব নেকি বা এই বিষয়ত চৰকাৰৰ কিবা নিৰ্দেশনা আছে নেকি বুলি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালক প্ৰশ্ন কৰাত তেওঁ এই বিষয়ত অৱগত নহয় বুলি জানিবলৈ দিয়ে।

তেওঁ কয়, “কাইলৈ যাতে স্বাভাৱিক জীৱন-যাত্ৰা অব্যাহত থাকে তাৰ বাবে আমি ৰাইজক আহ্বান জনাইছো। কিন্তু ট্ৰেইড লাইচেন্স বাতিল কৰাৰ ক্ষেত্ৰত মই কোনো নিৰ্দেশনা পোৱা নাই।”

ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখিলে ব্যৱসায়ীৰ ট্ৰেইড লাইচেন্স বাতিল কৰি দিয়া হ’ব বুলি প্ৰকাশিত বাতৰি অস্বীকাৰ কৰিছে অসম চৰকাৰৰ গৃহ বিভাগৰ উপ সচিব চিন্ময় ফুকনে। তেওঁ কয়, “আমি ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে পৰিবহণকে ধৰি অন্যান্য সেৱাসমূহ যাতে ব্যাহত হৈ নপৰে তাৰ বাবে চৰকাৰৰ ফালৰ পৰা সকলোকে আহ্বান জনাইছো। যাতে সকলোৰে মাজত শান্তি-শৃংখলা অটুট থাকে আৰু কোনো ধৰণৰ অস্থিৰতাৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ বাবে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক জনসাধাৰণ, বিভিন্ন দল-সংগঠন আৰু ৱ্যৱসায়ীসকলকো অৱগত কৰিবলৈ এক পৰামৰ্শ দিয়া হৈছে। কিন্তু আমাৰ ফালৰ পৰা ট্ৰেইড লাইসেন্স বাতিল কৰি দিয়াৰ কোনো কথা কোৱা হোৱা নাই।”

তেওঁ লগতে উচ্চতম ন্যায়ালয়ৰ ৰায়াৰ আধাৰতহে বন্ধৰ বিৰুদ্ধে চৰকাৰে পদক্ষেপ ল’ব বুলিও স্পষ্ট কৰি দিয়ে।

একেটা প্ৰসংগতে ৰাজ্যৰ গৃহ বিভাগৰ সচিৱ কনক শৰ্মা আৰু অতিৰিক্ত সচিব ভাস্কৰ পেগুৱেও ট্ৰেইড লাইচেন্স বাতিল কৰাৰ বাতৰি সন্দৰ্ভত আলোচনা হোৱা নাই বুলি জানিবলৈ দিয়ে। অৱশ্যে দুয়োগৰাকী বিষয়া কালি কাৰ্যালয়ত নাছিল বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবে গঠিত যুটীয়া সংসদীয় সমিতিয়ে প্ৰতিশ্ৰুতি মতে শুনানিৰ বাবে পুনৰবাৰ অসমলৈ নাহি ২৩ অক্টোবৰৰ দিনা কেবিনেটৰ সৈতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিব বিচৰা বুলি অভিযোগ তুলি উক্ত দিনটোতে অৰ্থাৎ ২৩ অক্টোবৰত কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি ৪৬টা জাতীয়-জনগোষ্ঠীয় সংগঠনে অসম বন্ধৰ আহ্বান জনাইছে। ইতিমধ্যে এই বন্ধলৈ ৰাজ্যখনৰ বিভিন্ন ৰাজনৈতিক-অৰাজনৈতিক দল-সংগঠন ব্যাপক সমৰ্থন আগ বঢ়াইছে।

কিন্তু তাৰ মাজতে একাংশ দুষ্টচক্ৰই প্ৰশাসনে এই বন্ধত ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাসকলৰ প্ৰতি কঠোৰ ব্যৱস্থা ল’বলৈ সকলো জিলা উপায়ুক্ত-আৰক্ষী অধীক্ষকলৈ নিৰ্দেশনা প্ৰেৰণ কৰা বুলি প্ৰচাৰ চলাইছে। আনকি বন্ধ ৰখা ব্যৱসায়িক প্ৰতিষ্ঠানৰ ট্ৰেড লাইচেন্স বাতিল কৰা হ’ব, কাৰ্য্যালয়ত উপস্থিত নথকাসকলৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা লোৱা হ’ব, ৰাজহুৱা যাতায়াত ব্যৱস্থাত পৰ্যাপ্ত নিৰাপত্তাৰক্ষী দিয়া হ’ব, বন্ধৰ সমৰ্থনত ওলাই অহা লোকক লগে লগে গ্ৰেপ্তাৰৰ নিৰ্দেশ, বন্ধৰ সময়ত হোৱা ক্ষয়-ক্ষতিৰ মূল্য বন্ধ দিয়া সংগঠনৰ পৰা আদায় কৰা হ’ব আদি ভাবুকিমূলক বাৰ্তা প্ৰচাৰ কৰা হৈছিল।

এনে অপপ্ৰচাৰৰ জৰিয়তে কাইলৈ বন্ধৰ সময়ত আইন-শৃংখলাজনিত পৰিস্থিতি আৰু সংঘাত আদি সৃষ্টিৰ অপচেষ্টা কৰিছে নেকি কোনো দুষ্টচক্ৰই –এনে প্ৰশ্নৰো অৱতাৰণা হৈছে।

আনহাতে বন্ধ ৰখা ব্যৱসায়িক প্ৰতিষ্ঠানৰ ট্ৰেইড লাইচেন্স বাতিল কৰা হ’ব বুলি ওলোৱা বাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৃষক মুক্তিৰ নেতা অখিল গগৈয়ে কয়, “সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে ইমান সাহস ক’ত পালে বন্ধ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখা ব্যৱসায়ীৰ ট্ৰেইড লাইচেন্স বন্ধ ৰাখিবলৈ?”

একেদৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়েও এই বাতৰিটোৰ বিষয়ে অৱগত হৈ কয়, “অসম বুৰঞ্জীত চৰকাৰে এনেকুৱা ধৰণৰ ভাবুকি দিয়া আমি কেতিয়াও দেখা নাছিলো? ই চৰকাৰৰ ফেচিষ্ট চৰিত্ৰ উদঙাই দিছে।”