NORTHEAST NOW (Assamese)

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত ৰখাৰ ষড়যন্ত্ৰ! ভোটাৰ তালিকাৰ পৰা বাদ পৰিল তেজস্বী যাদৱৰ নাম

August 2, 2025 3:11 pm · নৰ্থ-ইষ্ট নাও

বিহাৰৰ নতুন ভোটাৰ তালিকাক বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা বিৰোধী দলপতি তেজস্বী যাদৱে।

শনিবাৰে পুৱা এখন সংবাদমেল সম্বোধন কৰি তেওঁ কয়, “মোৰ নাম ভোটাৰ তালিকাত নাই। মই কেনেকৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম? কি আচৰিত! কোৱা বাহুল্য যে কেৱল বিহাৰতে নহয়, সমগ্ৰ দেশতে নিৰ্বাচন আয়োগৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছে।”

ৰাষ্ট্ৰীয় জনতা দলৰ মূৰব্বী লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী যাদৱে কয় যে শুকুৰবাৰে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকাত তেওঁৰ নাম নাই।

পাটনাত সাংবাদিকৰ আগত তেওঁ কয় যে বিশেষ পুনৰীক্ষণ অভিযানৰ সময়ত তেওঁ সকলো প্ৰ-পত্ৰ জমা দিছিল। কিন্তু, খচৰা তালিকা প্ৰকাশ পোৱাৰ পিছত দেখা গল যে তেওঁৰ নামটো ভোটাৰ তালিকাত নাছিল।

তেওঁৰ প্ৰশ্ন, এতিয়া আগন্তুক বিধানসভা নিৰ্বাচনত মই কেনেকৈ প্ৰতিদ্বন্দ্বিতা কৰিম?

অভিযোগ অনুসৰি বিহাৰৰ প্ৰতিটো বিধানসভা সমষ্টিৰ পৰা কমেও ২০ৰ পৰা ৩০ হাজাৰৰ মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা বাদ পৰিছে। মুঠ ৬৫ লাখ অৰ্থাৎ ৮.৫ শতাংশ ভোটাৰ নিৰুদ্দেশ হৈছে ভোটাৰ তালিকাৰ পৰা।

তেজস্বী যাদৱৰ অভিযোগৰ উত্তৰত নিৰ্বাচন আয়োগে কয় যে তেওঁৰ নাম খচৰা ভোটাৰ তালিকাত আছে। তেওঁৰ এই দাবীক খণ্ডন কৰিবলৈ আয়োগে কাউণ্টাৰ লিষ্ট প্ৰকাশ কৰি দেখুৱাইছে যে তেজস্বী যাদৱৰ নাম তাত আছে। আয়োগে কয় যে তেওঁৰ ক্ৰমিক নম্বৰ ৪১৬। ঘৰ নম্বৰ ১০। আয়োগে ইপিআইচি নম্বৰো প্ৰদান কৰিছে। আয়োগৰ দাবী, তেজস্বী যাদৱে নিশ্চয় তেওঁৰ পুৰণি ইপিআইচি নম্বৰ ব্যৱহাৰ কৰি অনুসন্ধান কৰিছিল। সেইবাবেই ইয়াৰ বিশদ তথ্য পোৱা নগ’ল।

Related News