অমৃতসৰত বিএছএফ জোৱানৰ সহকৰ্মীলৈ গুলীচালনা; নিহত ৫জোৱান, আহত ১০জন

WhatsApp Image 2022-03-06 at 2.19.13 PM

প্রতিনিধিত্বমূলক ফটো।

পঞ্জাৱৰ অমৃতসৰৰ খাচাত থকা বিএছএফৰ শিৱিৰত এজন জোৱানৰ গুলীচালনাত চাৰিজন বিএছএফ জোৱান নিহত হয়। এই ঘটনাত আক্ৰমণ চলোৱা জোৱানজনো নিহত হৈছে।তদুপৰি, আন ১০জন জোৱান আহত হৈছে।

বাতৰি অনুসৰি, ছাত্তেপ্পা নামৰ বন্দুকধাৰী জোৱানজনে দেওবাৰে পুৱাই শিৱিৰত হঠাতে গুলীচালনা কৰিবলৈ আৰম্ভ কৰে। জোৱানজনৰ নিৰ্বিচাৰ গুলীত বহুকেইজন জোৱান আহত হয়। এই ঘটনাৰ সময়তে আক্ৰমণকাৰী জোৱানজনো আহত হয়।

আহত জোৱানসকলক হাস্পাতাললৈ নিয়াৰ পিছত মুঠ পাঁচজন জোৱানক মৃত বুলি ঘোষণা কৰা হয়। অমৃতসৰ চহৰৰ পৰা আটাৰি সীমান্তলৈ যোৱাৰ পথতে খাচাত থকা শিৱিৰটোত এই ঘটনাটো ঘটে।

লগতে পঢ়ক: ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ প্ৰভাৱ! গোৱালপাৰাৰ বজাৰত পাইকাৰী ব্যৱসায়ীৰ লুণ্ঠন

বিএছএফৰ তৰফৰ পৰা এটা বিবৃতিত কয়, ‘’৬ মাৰ্চ দেওবাৰে এটা দুৰ্ভাগ্যজনক ঘটনাত অমৃতসৰৰ সদৰ কাৰ্যালয় ১৪৪বিএন খাচাত জোৱান ছাত্তেপ্পা এছকেই নিজৰ সহকৰ্মীসকললৈ গুলী চলায়। ইয়াৰ ফলত পাঁচজন বিএছএফ জোৱান আহত হয় (পিছত হাস্পাতালত নিয়াত তেওঁলোকক মৃত বুলি ঘোষণা কৰা হয়)। এই ঘটনাত জোৱান ছাত্তেপ্পা এছকেও আহত হয় আৰু পিছত তেওঁৰ মৃত্যু হয়।

এই সমগ্ৰ ঘটনাৰ কাৰণ আৰু সত্য উদ্ঘাটনৰ বাবে তদন্ত ঘোষণা কৰা হৈছে।