কোকৰাঝাৰ, চিৰাং, বৰপেটা, বঙাইগাঁও আৰু বাক্সা জিলাৰ একাংশ সামৰি গঠন হৈছে ৫নং কোকৰাঝাৰ লোকসভা সমষ্টি। এই সমষ্টিটো অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত।
নিৰ্বাচন আয়োগে দিয়া তথ্য অনুসৰি সমষ্টিটোত এইবাৰ ভোটাৰৰ সংখ্যা তলত দিয়া ধৰণৰ
মুঠ ভোটাৰৰ সংখ্যা ১৭,৬৫,৪২৩ গৰাকী
পুৰুষ ভোটাৰ : ৯০০৩১৮জন
মহিলা ভোটাৰ : ৮৬৫০৬৬গৰাকী
তৃতীয় লিংগৰ ভোটাৰ: ৩৯গৰাকী
মুঠ ভোটকেন্দ্ৰ আছে ২৩৪৭টা
১৯৫৭ চনত সমষ্টিটোৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ ডি বসুমতাৰী সমষ্টিটোৰ প্ৰথমজন সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।
বৰ্তমান সমষ্টিটোৰ সাংসদ হৈছে নৱ কুমাৰ শৰণীয়া। শৰণীয়াই এইবাৰৰ লোকসভা নিৰ্বাচনতো কোকৰাঝাৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে।
লোকসভা সমষ্টিটোত বিধানসভাৰ ১০টা সমষ্টি অন্তৰ্গত। বিধানসভা সমষ্টি কেইটা তলত উল্লেখ কৰা হ’ল–
১) গোসাঁইগাঁও (বি পি এফৰ দখলত, বিধায়ক মজেন্দ্ৰ নাৰ্জাৰী)
২) কোকৰাঝাৰ পূব (বি পি এফৰ, বিধায়ক প্ৰমীলা ৰাণী ব্ৰহ্ম)
৩) কোকৰাঝাৰ পশ্চিম (বি পি এফৰ দখলত, বিধায়ক ৰবিৰাম নাৰ্জাৰী)
৪) চিদলী (বি পি এফৰ দখলত, বিধায়ক চন্দন ব্ৰহ্ম)
৫) বিজনী (বি পি এফৰ, বিধায়ক কমল সিং নাৰ্জাৰী)
৬) সৰভোগ (বিজেপিৰ দখলত, বিধায়ক ৰঞ্জিৎ কুমাৰ দাস)
৭) ভৱানীপুৰ (এ আই য়ু ডি এফৰ দখলত, বিধায়ক আবুল কালাম আজাদ)
৮) তামুলপুৰ (বি পি এফৰ দখলত, বিধায়ক ইমানূৱেল মোছাহাৰী)
৯) বৰমা (বি পি এফৰ দখলত, বিধায়ক মনেশ্বৰ ব্ৰহ্ম)
১০) চাপাগুৰি (বি পি এফৰ দখলত, বিধায়ক থানেশ্বৰ বসুমতাৰী)
উল্লেখযোগ্য যে অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কোকৰাঝাৰ লোকসভা সমষ্টিটোত ১৯৫৭ চনৰ পৰা ১৯৭১ চনলৈকে অৰ্থাৎ একেৰাহে চাৰিবাৰ সংসদলৈ নিৰ্বাচিত হৈছিল কংগ্ৰেছ দলৰ ডি বসুমতাৰী। ইয়াৰ পাছত ১৯৭৭ চনত য়ু এৰ চৰণ নাৰ্জাৰী, ১৯৮৪ চনত য়ু এৰ সমৰ ব্ৰহ্ম চৌধুৰী, ১৯৯১ চনত নিৰ্দলীয় ৰূপত সত্যেন্দ্ৰ নাথ ব্ৰহ্ম, ১৯৯৬ত লুইছ ইছলাৰী (নিৰ্দলীয়), ১৯৯৮ৰ পৰা ২০০৪ চনলৈ নিৰ্দলীয় ৰূপে চানচুমা খুংগুৰ বিছমুঠাৰী, ২০০৯ত বি পি এফ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই পুনৰ সাংসদ ৰূপে নিৰ্বাচিত হয় চানচুমা খুংগুৰ বিছমুঠাৰী।
কিন্তু ২০১৪ৰ সাধাৰণ নিৰ্বাচনত সমষ্টিটো বড়ো প্ৰতিনিধিৰ হাতৰ পৰা অবড়োৰ হাতলৈ যায়। যোৱাবাৰৰ নিৰ্বাচনত সমষ্টিটোৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই বিজয়ী হয় নৱ কুমাৰ শৰণীয়া।
২০১৪ চনৰ নিৰ্বাচনত নৱ শৰণীয়াই ৬৩৪,৪২৮টা ভোট লাভ কৰাৰ বিপৰীতে দ্বিতীয় স্থানত থকা নিৰ্দলীয় প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই পাই ২৭৮,৬৪৯টা ভোট। তৃতীয় স্থানত থকা বি পি এফ প্ৰাৰ্থী চন্দন ব্ৰহ্মই ২৯৮,৯৮৫টা ভোট লাভ কৰাৰ বিপৰীতে ন’টাত পৰে ১৮,১৮৩টা ভোট।
এইবাৰৰ নিৰ্বাচনৰ বাবে সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীসকল হ’ল ক্ৰমে, কংগ্ৰেছৰ শব্দ ৰাম ৰাভা, বি পি এফৰ প্ৰমীলা ৰাণী ব্ৰহ্ম, য়ু পি পি এলৰ উৰ্খাও ব্ৰহ্ম, চি পি আই(এম)ৰ বিৰাজ ডেকা, ভোটাৰ্চ পাৰ্টি নেশ্যনেলৰ ৰাজেশ নাৰ্জাৰী, পূৰ্বাঞ্চল জনতা পাৰ্টী(চেকুলাৰ)ৰ চৰণ ইশ্বৰী, বৰ্তমানৰ সাংসদ তথা নিৰ্দলীয় প্ৰাৰ্থী নৱ কুমাৰ শৰণীয়া, নিৰ্দলীয় ৰঞ্জয় কুমাৰ ব্ৰহ্মৰ লগতে আন এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী হৈছে প্ৰসেনজিৎ কুমাৰ দাস।
২০১৯ চনৰ দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত সমষ্টিটোত ভোটগ্ৰহণ সম্পন্ন হ’ব। তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অহা ২৩ এপ্ৰিলত।