লোকসভা সমষ্টিৰ নিৰ্বাচনী তথ্য : মঙলদৈ লোকসভা সমষ্টি

8mangaldoi.jpg12

মঙলদৈ লোকসভা সমষ্টিৰ ভূচিত্ৰাৱলী(ৰাজনৈতিক)। উৎস-ইণ্টাৰনেট

সমষ্টিৰ নাম- মঙলদৈ লোকসভা সমষ্টিঃ

অসমৰ চৈধ্যটা লোকসভা সমষ্টিৰ ভিতৰত এটা অন্যতম গুৰুত্বপূৰ্ণ সমষ্টি হৈছে ৮ নং মঙলদৈ লোকসভা সমষ্টি। বিভিন্ন ভাষা আৰু ধৰ্মৰ লোকেৰে পৰিপূৰ্ণ সমষ্টিটো এটা অসংৰক্ষিত লোকসভা সমষ্টি।

২০১৯ চনৰ নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি মঙলদৈ সমষ্টিত ভোটাৰৰ সংখ্যা তলত দিয়া ধৰণৰ-

মুঠ ভোটাৰৰ সংখ্যা ১৭,৯৫,৫২৯ গৰাকী

পুৰুষ ভোটাৰ : ৯২,০৯৭৭ জন

মহিলা ভোটাৰ : ৮৭,৪৫২০ গৰাকী

তৃতীয় লিংগৰ ভোটাৰ: ৩২ গৰাকী

মুঠ ভোটকেন্দ্ৰ আছে ২৩৫৩ টা

মঙলদৈ লোকসভা সমষ্টিটোত থকা মুঠ বিধানসভা সমষ্টিৰ সংখ্যা হৈছে ১০ টা । সমষ্টি কেইটা হ’ল ক্ৰমে-

১। ৫৬ নং কমলপুৰ (বৰ্তমান অগপৰ দখলত, বিধায়ক সত্যব্ৰত কলিতা)

২। ৫৭ নং ৰঙিয়া (বৰ্তমান বিজেপিৰ দখলত, বিধায়ক ভবেশ কলিতা)

৩। ৫৯ নং নলবাৰী (বৰ্তমান বিজেপিৰ দখলত, বিধায়ক অশোক শৰ্মা)

৪।৬৪ নং পানেৰী (বৰ্তমান বি পি এফৰ দখলত, বিধায়ক কমলি বসুমতাৰী)

৫। ৬৫ নং কলাইগাঁও (বৰ্তমান বি পি এফৰ দখলত, বিধায়ক মহেশ্বৰ বড়ো)

৬। ৬৬ নং ছিপাঝাৰ (বৰ্তমান বিজেপিৰ দখলত, বিধায়ক বিনন্দ কুমাৰ শইকীয়া)

৭। ৬৭ নং মঙলদৈ (বৰ্তমান বিজেপিৰ দখলত, বিধায়ক গুৰুজ্যোতি দাস)

৮। ৬৮ নং দলগাঁও (বৰ্তমান কংগ্ৰেছৰ দখলত, বিধায়ক ইলিয়াছ আলী)

৯। ৬৯ নং ওদালগুৰি (বৰ্তমান বি পি এফৰ দখলত, বিধায়ক ৰিহন দৈমাৰী)

১০/ ৭০ নং মাজবাট (বৰ্তমান বি পি এফৰ দখলত, বিধায়ক চৰণ বড়ো)

 

মঙলদৈ লোকসভা সমষ্টিটো তলত উল্লেখ কৰা ধৰণে বিগত লোকসভা নিৰ্বাচনসমূহত বিভিন্ন ৰাজনৈতিক দলৰ দখলত আছে-

১) ১৯৬৭ চনৰ নিৰ্বাচন, সাংসদ-হেম বৰুৱা (প্ৰজা ছ’চিয়েলিষ্ট পাৰ্টি)

২) ১৯৭১ চনৰ নিৰ্বাচন, সাংসদ-ধৰণীধৰ দাস (কংগ্ৰেছ)

৩) ১৯৭৭ চনৰ নিৰ্বাচন, সাংসদ-হীৰালাল পাটোৱাৰী (জনতা পাৰ্টি)

৪) ১৯৮৫ চনৰ নিৰ্বাচন, সাংসদ-চয়িফুদ্দিন আহমেদ (অসম গণ পৰিষদ)

৫)১৯৯১ চনৰ নিৰ্বাচন, সাংসদ-প্ৰবীণ ডেকা (কংগ্ৰেছ)

৬)১৯৯৬ চনৰ নিৰ্বাচন, সাংসদ-বিৰেন্দ্ৰ প্ৰসাদ বৈশ্য (অসম গণ পৰিষদ)

৭)১৯৯৮ চনৰ নিৰ্বাচন, সাংসদ-মাধৱ ৰাজবংশী (কংগ্ৰেছ)

৮)১৯৯৯ চনৰ নিৰ্বাচন, সাংসদ-মাধৱ ৰাজবংশী (কংগ্ৰছ)

৯) ২০০৪ চনৰ নিৰ্বাচন, সাংসদ-নাৰায়ন চন্দ্ৰ বৰকটকী (বিজেপি)

১০)২০০৯ চনৰ নিৰ্বাচন, সাংসদ-ৰমেন ডেকা (বিজেপি)

১১) ২০১৪ চনৰ নিৰ্বাচন, সাংসদ-ৰমেন ডেকা (বিজেপি)

 ২০১৯ ৰ সাধাৰণ নিৰ্বাচনত মঙলদৈ লোকসভা সমষ্টিত মুঠ ১১ জন প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। প্ৰাৰ্থীকেইগৰাকী হ’ল-

দিলীপ শইকীয়া (ভাৰতীয় জনতা পাৰ্টি), ভূৱনেশ্বৰ কলিতা (কংগ্ৰেছ), শুধেন্দু মোহন তালুকদাৰ (ত্ৰিণামূল কংগ্ৰছ), আইনূল হ’ক (অসম জন মৰ্চা), গন্ধেশ্বৰ মোচাহাৰী (ভোটাৰ পাৰ্টি ইন্টাৰনেশ্যনেল),বিৰেণ বাচক (ভাৰতীয় গণ পৰিষদ), মনিৰাম বসুমতাৰী (হিন্দুস্তান নিৰ্মাণ দল), শ্বৰ্ণলতা চলিহা (ছ’চিয়েলিষ্ট চেণ্টাৰ অব ইণ্ডিয়া, কমিউনিষ্ট), কাজি নেকিব আহমেদ (নিৰ্দলীয়), জয়ন্ত কুমাৰ কলিতা (নিৰ্দলীয়), প্ৰদীপ কুমাৰ দৈমাৰী (নিৰ্দলীয়)।

উল্লেখযোগ্য যে, বিগত তিনিটা কাৰ্য্যকাল বিজেপিয়ে দখল কৰি থকা সমষ্টিটোত দলটোৱে এইবাৰ দুটা কাৰ্য্যকালৰ সাংসদ ৰমেন ডেকাক টিকত নিদি বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিলীপ শইকীয়াক টিকত প্ৰদান কৰিছে। কংগ্ৰেছে বৰ্তমান দলটোৰ ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাক টিকত দিছে।

সমষ্টিটোত দ্বিতীয় পৰ্য্যায়ত অৰ্থাৎ ১৮ এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ’ব।